তাবলীগ জামাতৰ সপক্ষে ও বিপক্ষে
পৃথিৱীৰ বিভিন্ন স্থানত মুছলিমসকলে ইছলামৰ ফালে আহ্বান জনোৱাৰ কাৰণে ৪০ দিন বা ৪ মাহৰ কাৰণে যায়– এই বিষয়ে ইছলামৰ বিধান কি?
সকলো প্রশংসা আল্লাহৰ কাৰণে ।
তাবলীগ জামাত হল এনেকোৱা এটা দল যিসকলে ইছলামৰ কাৰণে কাম কৰি আছে। আল্লাহৰ পিনে মানুহক আহ্বানৰ (দাওৱাহ) ক্ষেত্রত সিহঁতৰ প্রচেষ্টাক অস্বীকাৰ কৰিব নোৱাৰি। তথাপি অন্যান্য বহুত দলৰ নিচিনাকৈ তেওঁলোকৰো কিছু ভুল আছে। সেই ভুলবিলাকৰ সম্পর্কে আলোচনা কৰা দৰকাৰ। যদিও এই ভুলসমূহ তাবলীগ জামাতে যিখন সমাজ বা পৰিবেশত কাম কৰিছে তাৰ ওপৰত ভিত্তি কৰি ভিন্ন ভিন্ন হৈ থাকে। যিখন সমাজত আহলে চুন্নাত ওৱাল জামাতৰ মতাদর্শ আৰু ইছলামী জ্ঞান ও আলিমসকলৰ প্রভাৱ ব্যাপক , সেই সমাজত ভুলবিলাক কম হৈ থাকে। কিন্তু অন্য সমাজত সেইটো বিস্তৃত আকাৰ ধাৰণ কৰিব পাৰে। তেওঁলোকৰ ভুলবিলাকৰ কেইটামান হলঃ
(০১) আহলে চুন্নাত ওৱালা জামাতৰ আকীদা ধাৰণ নকৰা। তবলীগ জামাতৰ বহুত সদস্য¸ আনকি কিছুমান নেতাৰ মাজতো আক্বীদাৰ বৈচিত্র্যতাৰ পৰা এইটো পৰিস্কাৰভাৱে লক্ষ্য কৰা যায়।
(০২) শৰীয়াহভিত্তিক জ্ঞানৰ প্রতি গুৰুত্ব নিদিয়া ।
(০৩) কোৰআনৰ কিছু আয়াতৰ অপব্যাখ্যা। যেনে- তেওঁলোকে জিহাদ বিষয়ক আয়াতসমূহক “দাওৱাহৰ (মানুহক আল্লাহৰ ফালে মাতা) উদ্দেশ্যত বাহিৰ হোৱা” – এই হিচাবে ব্যাখ্যা কৰে। যি আয়াতসমূহত “খুৰুজ (বাহিৰ হোৱা)” শব্দটো আছে সেইবিলাক ক্ষেত্রত তেওঁলোকে এই ব্যাখ্যা কৰি থাকে।
(০৪) আল্লাহৰ পথত দাওৱাত দিয়াৰ কামত বাহিৰ হোৱাৰ বিশেষ পদ্ধতিক তেওঁলোকে ইবাদাতৰ কাম হিচাবে গ্রহণ কৰিছে। সিহঁতৰ এই কিছু সংখ্যক দিন বা মাহক নির্দিষ্ট কৰি নিয়াৰ বিশেষ পদ্ধতিৰ পক্ষত কোকআন ও হাদীছৰ দলিল দিবলৈ গৈ তেওঁলোকে কোৰআন ও হাদীছৰ ভুল উদ্ধৃতি/ব্যাখ্যা কৰিছে। তেওঁলোকৰ দাওৱাত দিয়াৰ এই বিশেষ পদ্ধতি যিটো তেওঁলোকে কোৰআন ও হাদীছ সন্মত বুলি ভাৱি থাকে, সেইটো পৃথিৱী ব্যাপী সকলো তবলীগ জামাতৰ মাজত প্রচলিত।
(০৫) তেওঁলোকৰ কিছু কিছু কাম ইছলামী শ্বৰীয়াহ ভিত্তিক নহয়। উদাহৰণ স্বৰূপে, তেওঁলোকৰ ভিতৰত কোনো এটা দল যেতিয়া দাওৱাত দিয়াৰ কামত বাহিৰ হয়, তেতিয়া তেওঁলোকে এজনক দোৱা কৰাৰ দায়িত্ব দি যায়। তেওঁলোকে মনতে ভাৱে দাওৱাত দিয়াৰ কামত ব্যর্থতা ও সাফল্য এই দোৱাকাৰী ব্যক্তিজনৰ আন্তৰিকতা আৰু তেওঁৰ দোৱা কবুল হৈছে নে হোৱা নাই তাৰ ওপৰত নির্ভৰ কৰে।
(০৬) জয়ীফ (দুর্বল) ও মওযু (জাল) হাদীছৰ ওপৰত আমল ও ইয়াৰ প্রচাৰ তেওঁলোকৰ মাজত ব্যাপকভাৱে প্রচলিত। আল্লাহৰ ৰাস্তাত মানুহক দাওৱাত দিয়াৰ কামত যিসকল নিয়োজিত, তেওঁলোকৰ ক্ষেত্রত এনে ধৰণৰ কাম শোভনীয় নহয়।
(০৭) তেওঁলোকে মুনকাৰাত (বেয়া কাম) সম্বন্ধে একো নকয়। ভাল কামৰ আদেশ কৰাটোয়েই তেওঁলোকে যথেষ্ট বুলি ভাৱে। এই কাৰণে দেখা যায়, সমাজত বহুল প্রচলিত বেয়া কাম সম্বন্ধে তেওঁলোকে কোনো কথাই নকয়। যদিও এই উম্মতৰ শ্লোগান হল:
“আৰু তোমালোকৰ মাজত এনেকুৱা এটা দল থকা উচিত যিয়ে আহ্বান জনাব সৎ কামৰ প্রতি, নির্দেশ দিব ভাল কামৰ (আল্লাহৰ একাত্ববাদ আৰু সেই সকল কাম যিবোৰ ইছলামে কৰাৰ আদেশ দিয়ে) আৰু নিষেধ কৰিব বেয়া কামৰ (শিৰ্ক, কুফৰ ইছলামত নিষেধ কাম সমূহ) তেওঁলোকেই হল সফলকাম।”
– ছুৰা আল ইমৰান: ছুৰা – ০৩: আয়াত – ১০৪
গতিকে তেওঁলোকেই সফলকাম যিসকলে ভাল কামৰ আদেশৰ লগতে বেয়া কামৰও নিষেধ কৰে , তেওঁলোক নহয় যিসকলে কেৱলমাত্র এই দুটাৰ এটা কৰে।
(০৮) সিহঁতৰ মাজত কিছুমানে আত্মতুষ্টিত ভোগে আৰু অহংকাৰী হৈ পৰে। ইয়াৰ ফলত সিহঁতৰ মাজৰ বহুতৰে আনক অবজ্ঞা কৰাৰ মানসিকতাৰ সৃষ্টি হয়। আনকি বহুত বিজ্ঞ আলিমক তুচ্ছজ্ঞান কৰি নিষ্ক্রিয় বুলি আখ্যা দিয়ে। সিহঁতৰ মাজত কিছুমানে মানুহৰ সন্মুখত বহুত দেশ-বিদেশ ঘুৰি আহি বহুত কিছু দেখিছে ইত্যাদি কৈ নিজকে জাহিৰ কৰে, যিয়ে সমাজত কোনো ভাল ফলাফল লৈ নাহে।
০৯) তেওঁলোকে দাওৱাত দিয়াৰ কামত ভ্রমণ কৰাটো অন্যান্য বহুত ইবাদাতকৈ উত্তম বুলি ভাৱে। যেনে- জিহাদ, জ্ঞানার্জন কৰা। যদিও এই দুটা কাম পৰিস্থিতি সাপেক্ষে কিছুমান লোকৰ বাবে বাধ্যতামূলক।
(১০) তেওঁলোকৰ মাজত কিছুমানে এনেকুৱা দুঃসাহস দেখুৱায় যে ফতোৱা পর্যন্ত দিয়ে আৰু তাফচীৰ ও হাদীছ আলোচনা কৰে। কাৰণ তেওঁলোকে জামাতত অহা সকলোকে (এওঁলোকৰ মাজত বহুত ন-মুছলিম নাইবা কিছুদিন আগতে মাত্র আল্লাহৰ হেদায়াত প্রাপ্ত হৈছে এনেকোৱা ব্যাক্তিও থাকে) দাওৱাহ আৰু ব্যাখ্যা কৰাৰ কাৰণে কয়। ফলত বহুত সময়ত দেখা যায়, এনেকোৱা এজন ব্যক্তিয়ে ইছলামৰ বিধান, হাদীছ আনকি কোৰআনৰ আয়াত সম্বন্ধে আলোচনা কৰে যাৰ এই বিষয়ে তেনেকোৱা কোনো জ্ঞান নাই নাইবা এই বিষয়ে তেওঁলোকে কোনো আলিমৰ ব্যাখ্যাও শুনা নাই।
(১১) তেওঁলোকৰ মাজত কিছুমানে নিজ স্ত্রী ও সন্তানসকলৰ অধিকাৰ সম্পর্কে সচেতন নহয়। এই বিষয়ৰ ভয়াবহতা সম্পৰ্কে আগতে আমি বিস্তৃত আলোচনা কৰিছো।
এইবিলাক কাৰণত আলিমসকলে সাধাৰণ মানুহক তাবলীগ জামাতত যোৱাৰ কাৰণে নিষেধ কৰিছে। কিন্তু যিসকলৰ সঠিক জ্ঞান আছে আৰু তবলীগ জামাতৰ মাধ্যমত ভুলবিলাক সংশোধন কৰাৰ কাৰণে তেওঁলোকক সাহায্য কৰিব বিচাৰে তেওঁলোকৰ কথা সুকীয়া।
তথাপি মানুহক তবলীগ জামাতৰ পৰা একেবাৰে পৃথক কৰি পেলোৱাটো উচিত নহব। বৰং আমি অৱশ্যেই চেষ্টা কৰিব লাগিব তেওঁলোকৰ ভুলসমূহ সংশোধন কৰি দিয়াৰ আৰু তেওঁলোকক উপদেশ দিয়াৰ যাতে তেওঁলোকে কোৰআন ও চুন্নাহৰ আলোকত নিজক সংশোধন কৰি তেওঁলোকৰ কার্যক্রম চলাই যাব পাৰে।
তলত তাবলীগ জামাত সম্পর্কে কেইজনমান আলিমৰ ফতোৱা দাঙি ধৰা হল:
(০১) ‘সেইখ আব্দুল আজিজ বিন বায’ (ৰহঃ) এ কয়ঃ
“তবলীগ জামাতৰ সদস্যসকলৰ আক্বীদাৰ বিষয়বোৰৰ সম্পর্কত যথাযথ পৰিস্কাৰ ধাৰণা নাই। সেয়ে তেওঁলোকৰ সৈতে জামাতত যাব পৰা নাযাব। কিন্তু যিসকল লোকৰ 'আহলে চুন্নাহ ওয়াল জামাহ’ৰ আক্বীদা সম্পর্কে যথাযথ জ্ঞান আছে তেওঁলোক যাব পাৰে। ইয়াৰ ফলত তেওঁলোকে তবলীগ জামাতৰ সদস্যসকলক সঠিক পথনির্দেশ দিব পাৰিব, উপদেশ দিব পাৰিব আৰু তেওঁলোকক ভাল কামত সহযোগ কৰিব পাৰিব, কিয়নো তবলীগ জামাত খুব সক্রিয় এটা দল। তথাপি তেওঁলোকৰ আৰু জ্ঞান অর্জনৰ প্রয়োজন, আৰু সিহতৰ এনেকোৱা কাৰোবাক প্রয়োজন যাৰ তাওহিদ ও চুন্নাহ সম্পর্কে যথাযথ জ্ঞান আছে, যাতে তেওঁ এই দলটোক যথাযথভাৱে পথনির্দেশ দিব পাৰে। আল্লাহে আমাৰ ইছলামক যথাযথভাৱে বুজাৰ আৰু ইছলামৰ প্রতি অবিচল থকাৰ তৌফিক দান কৰক।
– মাজমু ফতোৱা আল সেইখ ইবন বায, ৮/৩৩১
(০২) ‘সেইখ চালিহ আল ফাওজান’ এ কয়ঃ
“তবলীগ জামাতে আল্লাহৰ পথত বাহিৰ হোৱা বুলি যি বুজায় প্রকৃতপক্ষে আল্লাহৰ পথত বাহিৰ হোৱা মানে সেইটো নহয়। আল্লাহৰ পথত বাহিৰ হোৱা মানে প্রকৃতপক্ষে জিহাদলৈ যোৱাৰ কথা কোৱা হৈছে। তেওঁলোকে আল্লাহৰ ৰাস্তাত বাহিৰ হোৱা বুলিলে যি বুজায় সেইটো মূলত বিদআত আৰু ছালাফৰ পৰা ইয়াৰ কোনো বর্ণনা পোৱা নাযায়।
মানুহক আল্লাহৰ ৰাস্তত দাওৱাত দিয়া কামক কোনো নির্দিষ্ট দিনত সীমাবদ্ধ কৰা নাযায়, বৰং এজন ব্যক্তি তেওঁৰ সামর্থ্য অনুযায়ী দাওৱাতৰ কাম কৰিব, কোনো দলক নির্দিষ্ট নকৰে বা নির্দিষ্ট দিনক সীমাবদ্ধ নকৰে।
দাঈ ব্যক্তি অৱশ্যেই জ্ঞানী হোৱাটো জৰুৰী। অজ্ঞ ব্যক্তিৰ দ্বাৰা মানুহক আল্লাহৰ ৰাস্তাত দাওৱাত দিয়া জায়েজ নহয়। আল্লাহে কয়:
“হে নবী, কৈ দিয়া, এইটো মোৰ পথ আৰু মই আল্লাহৰ ফালে (একত্ববাদ) মানুহক স্পষ্ট জ্ঞানৰ দ্বাৰা দাওৱাত দিও । আল্লাহ পবিত্ৰ আৰু মই মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নহয়।”
– ছুৰা ইউচুফ: ছুৰা – ১২: আয়াত – ১০৮
অর্থাৎ স্পষ্ট জ্ঞানৰ সৈতে দাওৱাত দানকাৰী ব্যক্তিৰ অৱশ্যেই, তেওঁ কাৰ প্রতি দাওৱাত দিছে, শ্বৰীয়তৰ বাধ্যতামূলক বিধান, মুস্তাহাব, হাৰাম, মাকৰূহ্ ইত্যাদি সম্বন্ধে জ্ঞান থকা প্রয়োজন। লগতে শ্বিৰ্ক, বিদাত¸ পাপাচাৰ, কুফৰ, অবাধ্যতা সম্বন্ধে জ্ঞান থকা প্রয়োজন। তেওঁ অৱশ্যেই বেয়া কামৰ সমালোচনাৰ বিভিন্ন ধাপ আৰু কেনেকৈ সেইটো কৰিব তাক জানিব লাগিব। তবলীগ জামাতৰ এই ধৰণৰ ভ্রমণত বাহিৰ হোৱাৰ পদ্ধতি ভুল যিয়ে মানুহক জ্ঞানার্জনৰ পৰা বহু দূৰলৈ লৈ যায়। কিয়নো ইছলামত জ্ঞানার্জন বাধ্যতামূলক। আৰু জ্ঞানার্জন সম্ভৱ কেৱলমাত্র শিকাৰ মাধ্যমত, অনুপ্রেৰণাৰ মাধ্যমত নহয়। এইটো মূলত এটি ভ্রান্ত চূফি মতবাদ। কিয়নো জ্ঞান অবিহনে কর্ম হৈছে ভ্রান্তি, আৰু নিশিকাকৈ জ্ঞানার্জনৰ আশা মৰীচিকা মাত্র।
চালাচা মুহাদাৰাত ফিল ইলম ওয়াদ দাওয়াহ গ্রন্থৰ পৰা লোৱা।
আৰু আল্লাহেই সকলোতকৈ ভালদৰে জানে ।
ফতোৱা প্রদানতঃ শ্বেইখ ছালেহ আল মুনাজ্জিদ (হাফিজাহুল্লাহু)
আৰবীত পঢ়িবলৈ আগ্ৰহী সকলে লিংকত ক্লিক কৰক-
http://islamqa.info/ar/8674
for english-
http://islamqa.info/en/8674
অসমীয়া অনুবাদকঃ জুবেৰ ৰহমান।

No comments:
Post a Comment