assalamu alaikum warahmatullah

assalamu alaikum warahmatullah all visitors

Friday, March 10, 2017

পৰিবৰ্তনশীল বিজ্ঞানৰ দ্বাৰা অপৰিবৰ্তনশীল ইছলামৰ বাণীক জুখি চোৱাটো কিমান যুক্তিসংগত?




ছাইনটিজ্ম (scientism) : এই মতবাদত বিশ্বাসীসকলে বিশ্বাস কৰে যে বিজ্ঞানেই সত্যৰ একমাত্র নির্ভৰযোগ্য উৎস । অর্থাৎ বিজ্ঞানে যি কয় সেইটোৱেই সত্য । অধিকাংশ নাস্তিকেই এই মতবাদত বিশ্বাসী ।
.
প্রথম কথা যদি কোনোবাই সত্যৰ অনুসন্ধানৰ বাবে একমাত্র বিজ্ঞানকেই নির্ভৰযোগ্য উৎস হিচাবে গ্ৰহণ কৰে তাত আমাৰ কোনো সমস্যা নাই । কিন্তু সমস্যাটো দেখা দিয়ে তেতিয়াই যেতিয়া ইছলামৰ অনুসৰণ কৰিবলৈ বিজ্ঞানক সত্যৰ মানদণ্ড হিচাবে গ্ৰহণ কৰা হয় ।



সমস্যাটো এই কাৰণেই যে, বিজ্ঞান সদায় পৰিবর্তনশীল;  আজি কব এটা কথা আকৌ কালি কব এটা বেলেগ । যেনে বিজ্ঞানে আগতে কৈছিল যে সূর্য পৃথিৱীৰ চাৰিওফালে ঘুৰে, এতিয়া আকৌ বিজ্ঞানে কৈছে পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘুৰে । গতিকে আজি যদি কয় ইছলাম সত্য, কালি আকৌ কব পাৰে ইছলাম ভুল । ধৰাহল আপোনাৰ জীৱিতকালত ইছলাম ভুল আৰু আপুনি মৰাৰ ২০-৩০ বছৰ পিছত প্ৰমাণ কৰিল ইছলাম সত্য, তেতিয়া আপুনি কি কৰিব ?

দ্বিতীয়তে , বিজ্ঞানৰ দ্বাৰা ইছলামৰ সকলোবস্তুক জোখা  সম্ভব নহয়, যেনে ঈছা (আঃ) ৰ জন্ম, চন্দ্ৰ দ্বিখণ্ডিতকৰণ ইত্যাদি । বিজ্ঞানক কাটি হাজাৰ টুকুৰা কৰিলেও কেতিয়াও স্বীকাৰ নকৰে যে, দুই হাজাৰ বছৰ পূর্বে এজনী নাৰী কোনো পুৰুষৰ সংস্পর্শ ব্যতীত এটা সন্তান জন্ম দিছিল ।
 বিজ্ঞানক কাটি হাজাৰ টুকুৰা কৰিলেও, বিজ্ঞানৰ দ্বাৰা প্ৰমান কৰা সম্ভৱ নহব যে এই পৃথিৱীত নিউটন নামৰ এজন বৈজ্ঞানিক আছিল ।

 এইবোৰ কিন্তু ইছলামৰ নহয় বৰং বিজ্ঞানৰে সীমাবদ্ধতা । যিমানেই নহওক বিজ্ঞান  মানুহৰ দ্বাৰাই পৰিচালিত । বিজ্ঞান মানুহৰ জ্ঞানৰ ওপৰত নিৰ্ভৰশীল।  ইয়াৰ ওপৰিও এইটো কেনেকৈ সম্ভব যে, আমি সাধাৰণ মানুহ (আল্লাহৰ এক নগণ্য সৃষ্টি) হৈ সকলো ৰহস্য জানিম সেই সত্তাৰ যিযে চন্দ্র, সূর্য,পৃথিৱী, মানুহ আৰু পৃথিৱীৰ সকলো বস্তুৰ সৃষ্টিকর্তা ।
.
আমি মনত ৰখা দৰকাৰ যে অন্য সকলোবস্তুৰ দৰে বিজ্ঞানৰো সীমাবদ্ধতা আছে, আছে হাজাৰটা ভুল । গতিকে এনে ত্রুটিপূর্ণ আৰু সদায় পৰিবর্তনশীল বিজ্ঞানৰ দ্বাৰা অপৰিবৰ্তনশীল ইছলামক সম্পূৰ্ণভাৱে জোখা সম্ভৱ জানো ?

(Note: ইছলামে বিজ্ঞান চর্চাক কেতিয়াও নিৰুৎসাহিত কৰা নাই, বৰং সদায় উৎসাহিত কৰিছে)

বিজ্ঞানে গোটেই বস্তুৰ সমাধান দিব নোৱাৰে-
১) ধৰা হল কোনোৱাই আপোনাৰ ভনীক ধৰ্ষণ কৰিল । আৰু আপুনি জানে কোনে ধৰ্ষন কৰিছে। এতিয়া বিজ্ঞানৰ দ্বাৰা প্ৰামান কৰক সেই ধৰ্ষনকাৰী জনে কিয় শাস্তি পাব লাগে ?
২) “প্রজাতিৰ উৎপত্তি” নামৰ কিতাপখনৰ লিখক যে চার্লছ ডাৰউইন নিজেই,  এইটো বিজ্ঞানৰ দ্বাৰা প্রমাণ দিয়ক ।
৩) চোৰ কৰা বেয়া কাম, বিজ্ঞানৰ দ্বাৰা প্রমাণ দিয়ক।
ইত্যাদি আৰু বহুতো বস্তু আছে যিবোৰ বিজ্ঞানে কেতিয়াও প্ৰমান কৰিব নোৱাৰে । এইবোৰেই হল বিজ্ঞানৰ সীমাবদ্ধতা ।

No comments:

Post a Comment