ৰাছুলূল্লাহ (ছঃ) ৰ মক্কাৰ জীৱন আৰু জিহাদ-
মুহাম্মদ (ছঃ) এ নবুৱত (নবীৰ দায়ীত্ব) পোৱাৰ প্ৰথম অৱস্থাত ইছলামৰ দাৱাত আৰু প্রচাৰৰ কাম গোপনে চলি আছিল । ইয়াৰ মাজত যিসকল লোকৰ সৈতে মুহাম্মাদ (ছঃ) ৰ ঘনিষ্ঠ সম্পর্ক আছিল আৰু যাৰ স্বভাৱ প্রকৃতি ও নৈতিক-চৰিত্ৰ সম্পর্কে মুহাম্মদ (ছঃ) নিজে অবহিত আছিল, সিহঁতকেই তেখেতে সর্বপ্রথমে ইছলামৰ দাৱাতৰ কাৰণে মনোনীত কৰিছিল ।
এনেকৈয়ে প্ৰায় তিনি বছৰ পাৰহৈ গৈছিল । ইয়াৰ পিছত ৰাজহুৱা দাৱাতৰ বাবে আল্লাহে ওৱাহী নাজিল (ফৰিষ্টা প্ৰেৰণ) কৰিলে । পিছত ৰাছুল (ছঃ) এ সকলো ভয় এৰি সাহস সঞ্চয় কৰি নতুন সম্ভাব্য সংঘাতমক পৰিস্থিতিৰ বাবে নিজেকে প্রস্তুত কৰি এদিন ছাফা পর্বতলৈ গৈ তাৰ ওপৰত থিয় হল । আৰবৰ বিশেষ ৰীতি অনুযায়ী মুহাম্মদ (ছঃ) য়ে কুৰাইশ বংশৰ জনতাক বিশেষ সাংকেতিক ধ্বনিৰ মাধ্যমেৰে সকলোকে তালৈ মাতিলে । আৰু তেখেতৰ মাতত সকলোৱে আহি তাত উপস্থিত হল ।
সকলোৱে অতি মনোযোগৰ সৈতে কাণ পাতি আছিল- কি হৈছে, সেইটো জনাৰ বাবে । ৰাছুল (ছঃ) য়ে তেওঁলোকক সুধিলে, ‘মই যদি এতিয়া তোমালোকক কও যে এই পাহাৰৰ সেইফালেদি অন্য গোত্ৰৰ সৈন্য বাহিনী তোমাৰ ওপৰত আক্রমণ কৰিবলৈ আহি আছে, তেনেহলে তোমালোকে মোক বিশ্বাস কৰিবানে?’ সকলোৱে একেলগে উচ্চস্বৰে কলে- হয়, কিয় নকৰিম- নিশ্চয় কৰিম ?
আমি তোমাক সকলো সময়তেই সত্য কথা কোৱা শুনিছো আৰু আমি তোমাক আল্ আমীন (সত্যবাদী) বুলিয়েই জানো । ইয়াৰ পিছত ৰাছুল (ছঃ) কলে ‘তেনেহঁলে শুনা, মই কৈ আছো, তোমালোকে এক আল্লাহক প্রভু ও উপাস্য বুলি মানি লোৱা, আৰু মূর্তি-পূজা এৰি দিয়া । নহলে তোমালোকৰ ওপৰত আল্লাহৰ ফালৰ পৰা কঠিন শাস্তি আহিব ।’
যেতিয়াই মুহাম্মদ (ছঃ)এ সিহঁতক মহা-সত্যেৰ ফালে আহ্বান জনালে ঠিক তেতিয়াৰ পৰাই সিহঁতে মুহাম্মদ (ছঃ) ক ভয়ংকৰ ও মাৰত্মক বুলি ভৱা আৰম্ভ কৰিলে¸ আৰু তেখেতৰ বিৰুদ্ধে প্রচণ্ডভাৱে খঙাল হৈ উঠিল ।
প্ৰায় সকলোৱেই তেখেতৰ কথা অস্বীকাৰ কৰিলে । তাৰ পিছৰ পৰা মক্কাবাসী সকলে মুহাম্মদ (ছঃ) ক বিভিন্ন মিছা অপবাদ দিয়া আৰম্ভ কৰিলে, যেনে- পাগল, যাদুগৰ, গনক ইত্যাদি ইত্যাদি ।
ইয়াৰ পিছত তেওলোকে এদিন মুহাম্মদ (ছঃ) ক কলে তুমি যদি এই এক আল্লাহৰ দাৱাত বন্ধ কৰা তেনেহলে তোমাক আমি এই মক্কাৰ আটাইতকৈ বেছি সম্পদশালী ব্যক্তি বনাই দিম আৰু এই মক্কাৰ আটাইতকৈ সুন্দৰ ছোৱালীক তোমাৰ লগত বিয়া দিম । তাৰ পিছত মুহাম্মদ (ছঃ) এ #লা_ইলাহা_ইল্লাল্লাহ" এই সত্যৰ প্ৰচাৰ ত্যাগ কৰিবলৈ অস্বীকাৰ কৰিলে আৰু কলে মোৰ বাও-হাতত চন্দ্ৰ আৰু সোঁ-হাতত সূৰ্য দিলেওঁ মই এই দাৱাত বন্ধ নকৰো ।
মক্কাবাসীয়ে যেতিয়া কোনো মতেই মোহাম্মদ (ছঃ) ক মান্তি কৰাব নোৱাৰিলে তেতিয়া কুৰেইছ চৰ্দাৰ সকল ক্ৰোধান্বিত হৈ গুছি গল । তাৰ পিছত কুৰাইছ চৰ্দাৰ সকলে মোহাম্মদ (ছঃ) ক সকলো প্ৰকাৰে বিৰোধীতা কৰিবলৈ সিদ্ধান্ত কৰিলে । তেওলোকে মোহাম্মদ (ছঃ) আৰু তেখেতৰ চাহাবা (লগৰীয়া) সকলক বিভিন্ন উপায়েৰে নিৰ্দয়ভাৱে অত্যাচাৰ তথা অপমানিত কৰিবলৈ আনকি শিল নিক্ষেপ কৰিবলৈ আৰম্ভ কৰিলে । দিনক দিনে সিহঁতৰ অত্যাচাৰৰ মাত্ৰা বৃদ্ধি পাবলৈ ধৰিলে । সিহঁতে নিৰ্দোষী মুছলিমক বন্দী কৰিছিল, মাৰ-ধৰ কৰিছিল, ভোক-পিয়াহেৰে জ্বালা যন্ত্ৰণা দিছিল । মক্কাৰ মৰুৰ তপত বালিৰ ওপৰত নগ্ন অৱস্থাত শুৱাই দিছিল, গৰম লোহাৰে দাগ দিছিল আৰু বিভিন্ন ধৰণে শাৰীৰিক নিৰ্যানত চলাইছিল । লগতে মুহাম্মদ (ছঃ) ক হত্যা কৰাৰো বিভিন্ন প্ৰকাৰে ষড়যন্ত্ৰ চলাইছিল ।
সূদীৰ্ঘ ১৩ বছৰ এনেকৈ কার্যক্রম চলোৱাৰ পিছত যেতিয়া কাফিৰ-মুছৰীক সকলৰ অত্যাচাৰত মুছলিমৰ জীয়াই থকা অসম্ভৱ হৈ গৈছিল তেতিয়া আল্লাহৰ নির্দেশত চাহাবীসকলক লৈ তেখেতে মদীনালৈ হিজৰত কৰিলে ।
এই ১৩ বছৰ তেওঁলোকৰ ওপৰত এনে নিৰ্যাতন হোৱা সত্বেও আত্মৰক্ষাৰ বাবে মুহাম্মদ (ছঃ) তথা মুছলিম সকলে কাৰো ওপৰত আক্ৰমণ কৰা নাই । আল্লাহে এই ১৩ বছৰ তেওলোকক জিহাদৰো (আত্ম ৰক্ষাৰ বাবে কৰা যুদ্ধ) কোনো অনুমতি দিয়া নাছিল । এই ১৩ বছৰ ইছলামত কোনো ধৰণৰ যুদ্ধৰ অনুমতি নাছিল ।
আনকি এই ১৩ বছৰ তেওঁলোকৰ ওপৰত আল্লাহৰ এনেকুৱা নিৰ্দেশ আছিল যে - তোমালোকক যদি কাফিৰ-মুছৰীক সকলে কাটি খণ্ড খণ্ড কৰে বা তোমালোকক যদি সিহঁতে জীৱিত অৱস্থাত জুইত পেলায়ো দিয়ে তথাপিও তোমালোকে সিহঁতৰ ওপৰত হাত তুলিব নোৱাৰা।
( বিঃদ্ৰুঃ- গতিকে ইয়াৰ পৰা এইটোৱে প্ৰমাণ হয় যে ইছলাম তৰোৱালৰ মাধ্যমৰত প্ৰচাৰ হোৱা নাই । লগতে জিহাদৰ কেইবাটাও ভাগ/অৰ্থ আছে তাৰে ভিতৰত এটা এটা হল শাৰীৰিক জিহাদ¸ অৰ্থাত অন্যায়ৰ বিৰুদ্ধে কৰা যুদ্ধ)
- ✒ S. Siddique
আগলৈ……………………

No comments:
Post a Comment