assalamu alaikum warahmatullah

assalamu alaikum warahmatullah all visitors

Tuesday, December 1, 2015

ইজমা ও কিয়াছ মানে কি?

ইজমা ও কিয়াছক লৈ আমাৰ সমাজত ব্যাপক ভুল ধাৰণা বিদ্যমান। আমি নাজানোয়ে ইজমা কি আৰু কিয়াছ কি!
মানুহে ইজমা কিয়াছ সম্পর্কে মাৰত্মক ভুল জ্ঞান ৰখাৰ কাৰণে প্রতিনিয়ত নতুন নতুন বিষয় ধর্মৰ মাজত ইজমা কিয়াছৰ নাম দি সুমুৱাই দিছে। বিশেষ কৰি বিদাতি, খুব কব জ্ঞানী চুফিবাদী আলিম নামধাৰী লোকসকলে প্রতিনিয়ত সাধাৰণ মানুহৰ ওচৰত নতুন নতুন বিষয় উপস্থাপন কৰি কয় এইটো ইজমা হৈ গৈছে সেইটো কিয়াছ হৈ গৈছে।
সাধাৰণ মানুহেও নুবুজি সেইবোৰ গ্রহণ কৰিছে আৰু ছহীহ বিষয় উপস্থাপন হলে তেওঁলোকে সেইটো মানিবলৈ অস্বীকাৰ কৰি ইজমা কিয়াছৰ যুক্তি দাঙি ধৰে অথচ তেওঁলোকে নাজানে ইজমা কি বা কিয়াছ কি!

‘আজি তোমালোকৰ কাৰণে তোমালোকৰ দ্বীনক পৰিপূর্ণ কৰিলো। মোৰ নিয়ামতক তোমালোকৰ ওপৰত পূর্ণতা কৰি দিলো আৰু তোমালোকৰ কাৰণে ইছলামক দ্বীন হিচাবে মনোনীত কৰিলোঁ।’ (মায়েদা, ৫ : ৩)

যদি তোমালোকে কোনো বিষয়ত বিবাদত প্রবৃত্ত হৈ পৰা, তেতিয়াহলে তাক আল্লাহ ও আল্লাহৰ ৰাছুলৰ প্রতি প্রত্যার্পণ কৰা (নিছা, আয়াত ৫৯);

সেইজন লোক ইমানদাৰ নহব¸ যেতিয়ালৈকে তেওঁলোকৰ মাজত সৃষ্ট বিবাদৰ বিষয়ত তোমাক [ৰাছুল ছঃ] ন্যায়বিচাৰক বুলি স্বীকাৰ নকৰে। (নিছা, আয়াত ৬৫)

আল্লাহৰ নির্দেশ মান্য কৰা, মান্য কৰা ৰছুুলৰ নিৰ্দেশ (ইমৰান, আয়াত ৩২, ১৩২; নিছা, আয়াত ৫৯; আনফাল, আয়াত ১, ২০, ৪৬; নুৰ, আয়াত ৫৪, ৫৬; মুহাম্মদ, আয়াত ৩৩; মুজাদালাহ, আয়াত ১৩; আততাগাবুন, আয়াত ১২);

তোমালোকৰ প্রতিপালকৰ ফালৰ পৰা যি অৱতীর্ণ হৈছে তোমালোকে তাৰ অনুসৰণ কৰা আৰু আল্লাহক বাদ দি অলী আওলিয়াসকলৰ অনুসৰণ নকৰিবা । তোমালোকৰ কম সংখ্যকেই তাক মনত ৰাখে।
 (আ’ৰাফ, আয়াত ৩)

বহুতেই কৈ থাকে কুৰআন হাদীছত সমাধান নাপালে কি কৰিব? অথচ স্বয়ং আল্লাহে কৈছে মতানৈক্য হলে ৰাছুল (ছাঃ) ও কুৰআনৰ ফালে ঘূৰি আহিবলৈ! অর্থাৎ কুৰআন ও হাদীছৰ মাজতেই সমাধান নিশ্চয় আছে। তাৰপিছতো যদি কয় কুৰআন ও হাদীছত তো নাই! তেনেহলে তো আৰু সহজ যিটো কুৰআন ও হাদীছত নাই সেইটো ইছলামতো নাই!

‘‘নিশ্চয়ই সর্বোত্তম বাণী আল্লাহৰ কিতাব আৰু সর্বোত্তম আদর্শ মুহাম্মদ (ছঃ) ৰ আদর্শ। আৰু সকলোতকৈ নিকৃষ্ট বিষয় হল (দ্বীনৰ মাজত) নৱ আৱিস্কৃত বিষয়। আৰু নৱ আৱিস্কৃত প্রত্যেক বিষয় বিদ‘আত আৰু প্রত্যেক বিদ‘আত হল ভ্রষ্টতা আৰু প্রত্যেক ভ্রষ্টতাৰ পৰিণাম জাহান্নাম।'
ছহীহ মুছলিম, হাদীছ নং ১৫৩৫ ও চুনান আন-নাচাঈ, হাদীছ নং ১৫৬০, হাদীছৰ শব্দ চয়ন নাচাঈৰ পৰা।
দ্বীন ইছলাম পৰপূর্ণ। এতিয়া ইজমা কিয়াছৰ নামত দ্বীন ইছলামত নতুন নতুন সংযোজন কি আদৌ সম্ভৱ?
              -----------------------------------------------------------------------
ইছলামী শ্বৰীয়তৰ (আইনৰ) তৃতীয় উৎস হল ইজমাঃ
ইজমা হল এই উম্মতৰ দীনি জ্ঞানসম্পন্ন মুজতাহিদসকলৰ ঐক্যমত পোষণ
আৰু ইয়াৰ ভিত্তি হল ৰাছুলুল্লাহ ছাল্লাল্লাহু ‘আলাইহি ওৱাছাল্লামৰ ছহীহ হাদীছ-
‘‘মোৰ উম্মত কেতিয়াও ভ্রষ্ট পথত একমত নহব’’ ।
মুস্তাদৰাকে হাকিম (১/২০০-২০১) হাদীছ নং- ৩৯৪, ৩৯৬, ৩৯৭, ৩৯৯, ৪০০। আৰু চাওঁক: আবুদাউদ (৪/৯৮) হাদীছ নং- ৪২৫৩; তিৰমিজি (৪/৪৬৬) হাদীছ নং- ২১৬৭; ইবনে মাজা (২/১৩০৩) হাদীছ নং- ৩৯৫০।

গতিকে উম্মতৰ সকলোৱে যদি কোনো বিষয়ত একমত হয়, তেনেহলে সিটোও আল্লাহ ও আল্লাহৰ ৰাছুলৰ অনুমতিক্রমেই হব আৰু সেইটো হব গ্রহণযোগ্য। পূর্ববর্তী কোনো দ্বীনৰ ক্ষেত্রত সিহঁতৰ নবীৰ মুখৰ পৰা এনেধৰণৰ কোনো অভয়বাণী শুনোৱা হোৱা নাই। ফলত সিহঁতৰ সকলোৱে একমত হলেই সেই মতটো সঠিক হোৱাৰ নিশ্চয়তা নাই।
অথচ আমাৰ ইয়াত কম জ্ঞানী লোকসকলেও ইজমাৰ বয়ান কৰি চলাইছে সমাজ!
আজিৰ সমাজৰ ফালে লক্ষ্য কৰিলে সহজে বুজা যায় যে আহলে চুুন্নাত ওৱাল জামায়াতৰ আলেম সকলে অন্যান্য প্রচলিত বিভিন্ন ফিৰকাৰ নিজস্ব মতামত গ্রহণ কৰা নাই। তেওঁলোকে কুৰআন ও ছহীহ হাদীছৰ বাহিৰে কোনো মতামত গ্রহণ নকৰে। ব্যক্তিগত কোনো মতামত তেওঁলোকে গ্রহণ নকৰে।
গতিকে ইজমা ইজমা কৰি যিসকলে নতুন বিষয় দ্বীনত প্রৱেশ কৰাইছে তেওঁলোকে মূলত ইজমাক লৈ মানুহক বুৰ্বক বনাইছে।
আজিৰ সমাজত কিছু সংখ্যক বিদাতি আলিমে নতুনকৈ ইজমা ইজমা কৰি আছে,  অথচ ছালাফি মানহাজৰ আলেম সকলৰ ৰীতিমতে তেওঁলোকৰ বিৰোধিতা কৰিছে! তেনেহলে ইজমা কি ধৰণে হল?
“যিয়ে মোৰ এই ধর্মত এনেকুৱা কোনো নতুন বিষয় উদ্ভাবন কৰিব যিটো ধর্মৰ অন্তর্ভুক্ত নাছিল সি প্রত্যাখ্যাত হব”। (বুখাৰী ও মুছলিম)
 বহুতো আলেমসকলৰ মতে চাৰি খলিফাৰ পিছত উম্মতৰ মাজত ইজমা হোৱাৰ আৰু কোনো সুযোগেই নাই!
ইজমাৰ উদাহৰণ হৈছে যেনেকৈ প্রত্যেক ব্যক্তিৰ কাৰণে পাচ ওৱাক্তত ১৭ ৰাকাত চালাত ফৰজ। এই ফৰজ কম কৰা নাযাব বা বেছিও কৰা নাযাব। এইটোৱেই হৈছে ইজমা। কোনোবাই যদি কয় ১৭ ৰাকাত নহয়, ১৮ ৰাকাত বা ১৯ ৰাকাত তেতিয়াহলে সেইটো গ্রহণযোগ্য নহব!
এইটোৱেই ইজমা যে ১৭ ৰাকাত ফৰজ চালাত। এইটো ১৪৫০ বছৰ আগৰ পৰাই প্রকাশিত এটা বিষয়। নতুন বিষয় নহয়।
কোনোবাই যদি কয় বিতিৰ চালাত ফৰজ এইটো ইজমা তেনেহলে এইটো ভুল! ফৰজ নিশ্চয় নহয়। বিতিৰ চালাত চুন্নাতে মুৱাক্কাদা অর্থাৎ খুব গুৰুত্বপূর্ণ ঠিক যেনেকৈ ফজৰৰ চুুন্নাত চালাত খুব গুৰুত্বপূর্ণ, যদিও কোনো কোনোৱে ওয়াজিব বুলি কৈছে! কিন্তু অধিকাংশ আলেমৰ মতে এইটো চুুন্নাতে মুৱাক্কাদাহ।
লক্ষণীয় বিষয় হল কোনোবাই যদি কয় বিতিৰ ফৰজ বা ওৱাজিব এইটো ইজমা তেনেহলে ভুল! ওপৰৰ হাদীছ লক্ষ্য কৰক ''একমত নহব'' অর্থাৎ অধিকাংশ আলেমে চুন্নাতে মুৱাক্কাদাহ বুলি কৈছে যদিও কিছুমানে ওয়াজিব বুলি কৈছে।
কিন্তু সকলোৱে একমত দৈনিক পাচ ওৱাক্ত চালাত ফৰজ। চাৰি ওৱাক্ত নহয় বা ছয় ওৱাক্তও নহয়। এইটোৱেই ইজমা।
জাকাত ফৰজ এইটো ইজমা।
চিয়াম (ৰোজা) ফৰজ এইটো ইজমা।
                 ----------------------------------------------------------------------
ইছলামী শ্বৰীয়তৰ (আইনৰ) চতুর্থ উৎস হল কিয়াছ:
যিটো নির্ভৰ কৰে পূর্ববর্তী তিনিটা উৎসৰ ওপৰত। গতিকে এইটো মনেসজা একো নহয়।
কিয়াছ হৈছে কুৰআন ও হাদীছক কিয়ামত পর্যন্ত সংযোগ স্থাপন কৰা। এইটো নতুন কোনো বনোৱা বিষয় নহয়।
ইয়াৰ সৰু এটা উদাহৰণ হল এখন কাগজত কুৰআন লিখা কি নিষেধ? ইয়াত কিয়াছ হৈছে- নিশ্চয় নহয়। কাৰণ তৎকালীন সময়ত চামড়াত¸ গছৰ পাতত¸ বাকলিত লিখা হৈছিল , যদি কাগজ থাকিলহেতেন তেনেহলে কাগজতো লিখিলেহেতেন। এই যে ১৪৫০ বছৰ আগত নাজিল হোৱা কুৰআনৰ বিধান বর্তমান সময়ত সমন্বয় কৰা এইটোৱেই কিয়াছ।
বিল্লাল (ৰাঃ) ক উচ্চস্বৰে আজান দিবলৈ কোৱা হৈছিল যাতে বেছি দূৰ পর্যন্ত মানুহে আজান শুনিবলৈ পায়। এজন অন্ধ লোকক আজান শুনিবলৈ পালে মছজিদত হাজিৰ হোৱাৰ নির্দেশ দিয়া হৈছিল । আজান যিমান বেছি দূৰ পর্যন্ত পৌছিব সিমানে চওৱাব অর্জনৰ কথা হাদীছত আহিছে। ইছলামে জীৱনৰ প্রয়োজনত নতুন টেকনোলজি ব্যৱহাৰ কৰাত নিষেধ কৰা নাই। গতিকে বুজা গৈছে যদি সেইসময়ত যদি মাইক থাকিলেহেতেন তেনেহলে মাইক ব্যৱহাৰ কৰা হলহেতেন। মাইক ব্যৱহাৰে দ্বীন ইছলামৰ বিধান পৰিবর্তন কৰা নাই।
“যিয়ে কোনো ভাল পদ্ধতি প্রচলন কৰিলে তেওঁ তাৰ চওৱ়াব পাব আৰু সেই পদ্ধতি অনুযায়ী যিয়ে কাম কৰিব তেওঁলোকৰ চওৱ়াবো তেওঁ পাব, তাতে তেওঁলোকৰ চওৱ়াবৰ কোনো কম কৰা নহব। আৰু যি ব্যক্তিয়ে ইছলামত কোনো বেয়া পদ্ধতি প্রৱর্তন কৰিব তেওঁ তাৰ পাপ বহন কৰিব, আৰু যিসকলে সেই পদ্ধতি অনুসৰণ কৰিব তেওঁলোকৰ পাপও তেওঁ বহন কৰিব, তাতে তেওঁলোকৰ পাপৰ কোনো কম কৰা নহব”। (মুছলিম)

এই যে সংযোজন অর্থাৎ কানেক্টিভিটি ১৪৫০ বছৰ আগৰ কুৰআন ও হাদীছৰ বাণীৰ সৈতে এইটোৱেই হৈছে কিয়াছ।
অথচ সমাজত দ্বীনৰ নামত নতুন বিষয় সংযোজন কৰি কোৱা হৈছে এইটো কিয়াছ! অথচ দ্বীনৰ মাজত প্রত্যেক নতুন সংযোজন বিদাত যিটো গোমৰাহী আৰু যাৰ পৰিণাম জাহান্নাম।

টেলিভিচন স্ক্রিনত ইছলামিক লেকচাৰ শুনা জায়েজ নে?
ৰাছুল (ছাঃ) ক দেৱালত দৃশ্য পটত জান্নাত ও জাহান্নাম দেখুৱাইছিল আল্লাহে আৰু আল্লাহে বায়তুল মুকাদ্দাছ ৰাছুল (ছাঃ) ক চকুৰ সন্মুখত দাঙি ধৰিছিল স্ক্রিনৰ দৰে কৰি !
এতিয়া কিয়াছ হৈছে কানেক্টিভিটি। ইয়াৰ পৰিপ্রেক্ষিতত স্ক্রিনত ইছলামিক প্রোগ্রাম জায়েজ। সংবাদ পৰিবেশন জায়েজ। এইটোৱেই কিয়াছ। একেইভাৱে স্ক্রিন নাজায়েজ কামত ব্যৱহাৰ নিষেধ যেনে- নাটক, নাচ, গাণ !
অপেন হার্ট চার্জাৰীৰ কাৰণে ঝুকি নিয়া কি জায়েজ? কুৰআন চুন্নাহত ইয়াৰ উদাহৰণ আছে কিনা? ৰাছুল (ছাঃ) ক প্রায় তিনিবাৰ বুকু ফালি হার্ট পৰিস্কাৰ কৰা হৈছে।
এতিয়া কিয়াছ হৈছে কানেক্টিভিটি। ১৪৫০ বছৰ আগৰ কুৰআন ও চুুন্নাহ অনুসাৰে বর্তমান সময়ৰ সমস্যাৰ সমন্বয় ভিত্তিক সমাধান। কিয়াছ হৈছে অপেন হার্ট চার্জাৰী কৰা যাব! ৰাছুল (ছাঃ) ৰ জীৱনত আমাৰ কাৰণে আছে আদর্শ।
এইটোৱেই হৈছে কিয়াছ।
অর্থাৎ কিয়াছ কুৰআন ও হাদিছৰ বাহিৰত নহয়।
গতিকে কিয়াছৰ নামত কুৰআন ও চুন্নাহৰ বিপৰীত কোনো বিষয় গ্রহণ কৰা কেনেকৈ সমীচীন হব?
“যিয়ে আমাৰ এই ধর্মত এনেকুৱা কোনো নতুন বিষয় উদ্ভাবন কৰিব যিটো ধর্মত অন্তর্ভুক্ত নাছিল সেইটো প্রত্যাখ্যাত হব”। (বুখাৰী ও মুছলিম)
একেদৰে বাছত যোৱা¸ বিমানত যোৱা, মেচিনত কাপোৰ চিলাই জায়েজ হয় নে, মাদ্রাছা প্রতিষ্ঠা জায়েজ নে এইবিলাক সম্পর্কে মাছাআলা কিয়াছৰ ভিত্তিত হয়।
কিন্তু দ্বীন ইছলামৰ কোনো বিষয়েই হেৰ ফেৰ কৰাৰ সুযোগ নাই।
গতিকে আমি বুজিব পাৰিছো যে, ইছলাম এনেকুৱা এটা দ্বীনৰ নাম, যিটো সম্পূর্ণভাৱে আগৰে পৰাঅ আছে। আৰু তাৰ বিধানসমূহত বাহিৰৰ কোনো প্রভাৱ তাত পৰা নাই। যিহেতু আল্লাহ তা‘আলাই এই বিধান দিছে, আৰু জ্ঞান-বিজ্ঞানও আল্লাহৰ পক্ষৰ পৰাই দিয়া নিয়ামত বিশেষ, সেইহেতু এই দুটা কেতিয়াও পৰস্পৰ বিৰোধী হব নোৱাৰে। বাস্তৱতো সেইটো ঘটা নাই।

আল্লাহৰ কুৰআনৰ কোনো আয়াত, ৰাছুল ছাল্লাল্লাহু ‘আলাইহি ওৱাছাল্লাম ৰ কোনো ছহীহ হাদীছ বিজ্ঞানত-পৰীক্ষিত কোনো ধ্রুৱসত্যৰ বিৰোধী হৈছে বুলি— এনেকুৱা কোনো প্রমাণ আজিও কোনেও দিব পৰা নাই। যদিও কোনো কোনো ক্ষেত্রত বিজ্ঞানৰ কোনো কোনো থিওৰি প্রাথমিকভাৱে আল-কুৰআন ও ছহীহ হাদীছৰ সৈতে বিৰোধী হৈছে এনেকুৱা ভাৱ হৈ থাকে, তথাপি তাত আল্লাহৰ কুৰআন ও ছহীহ হাদীছেই মূলত গ্রহণযোগ্য হব, কাৰণ এই সমস্ত প্রাথমিক থিওৰি (যিবোৰ পৰীক্ষিত সেইবোৰ সত্য বুলি প্রমাণিত হোৱা নাই ) পৰিৱর্তনশীল। আল্লাহৰ কুৰআনৰ কোনো আয়াত, আৰু ৰছুূল ছাল্লাল্লাহু ‘আলাইহি ওৱাছাল্লামৰ কোনো ছহীহ হাদীছ পৰিবর্তনশীল নহয়। অবশ্যে কোনো কোনো ক্ষেত্রত খৰধৰকৈ বহতেই সঠিক অর্থ ও ব্যাখ্যা অনুধাবন কৰিব নোৱাৰে। সেই ক্ষেত্রত দৰকাৰ প্রকৃত জ্ঞানীৰ ওচৰলৈ উভতি যোৱা।
আৰু ইছলামে জ্ঞান-বিজ্ঞানক উৎসাহিত কৰিছে, জ্ঞান অর্জনক ফৰজ কৰিছে। অন্যান্য ধর্মৰ দৰে নিৰুৎসাহিত কৰা নাই। ইছলামত বিজ্ঞানীসকলৰ যি কদৰ আছে, অন্যান্য ধর্মৰ সৈতে ইয়াৰ কোনো তুলনাই হব নোৱাৰে। গতিকে দ্বীন (ইছলাম) আৰু জ্ঞান-বিজ্ঞান পৰস্পৰ বিৰোধী বোলা সম্পূর্ণ অযৌক্তিক। সেয়েহে ইছলামী বিধান বাস্তবায়নত এই সন্দেহৰ অৱতাৰণা কৰা বাতুলতা মাত্র।
ৰাছুল (ছাঃ) এ নির্দেশ দিছে কুৰআন ও চুুন্নাহক দৃঢ়ভাৱে ধৰিবলৈ। ইজমা ও কিয়াছ কুৰআন ও চুন্নাহৰেই অংশ। বাহিৰৰ একো নহয়। দ্বীন ইছলাম পৰিপূর্ণ। নতুন সংযোজন বা বিয়োজনৰ কোনো সুযোগ নাই। তেনেহলে কিনেকৈ ইজমাৰ নামত কিয়াছৰ নামত নতুন বিষয় ইছলামত প্রৱেশ কৰোৱা সম্ভব?
উল্লেখ্য যে ইজমা কিয়াছক লৈ যি এটা হাদীছ প্রচলিত আছে সেইটো জাল!
আশা কৰো দ্বীনি ভাইসকলৰ এই আর্টিক্যালটি উপকাৰত লাগিব। আমি সচেতন হৈ থাকিব লাগিব কোনেও যেন ইজমা কিয়াছৰ নাম কৈ আমাক ধোকা দিব নোৱাৰে।

অনুবাদক- জুবেৰ ৰহমান।
অসমীয়ালৈ অনুবাদ কৰি দিয়াৰ বাবে জুবেৰ ৰহমান চাহাবক ধন্যবাদ।

দাওৱাতী নীতি আৰু ইছলাম বুজাৰ মূল নীতি

দাওৱাতী নীতি আৰু ইছলাম বুজাৰ মূল নীতি

(1)  দাওৱাতী নীতি প্রসঙ্গতঃ
"ইমাম নাছিৰ উদ্দিন আলবানী (ৰাহিমাহুল্লাহ)-ৰ তাৎপর্যপূর্ণ কিছু মন্তব্যঃ
(ক) আমাৰ দাওৱাত ৩টা মৌলিক ভিত্তিৰ উপৰত প্রতিষ্ঠিত।
(i) কুৰআন
(ii) হাদীছ
(iii) ছালাফে ছালেহীনৰ অনুসৰণ।
         যি ব্যক্তিয়ে মনতে ভাৱে যে, তেওঁ কেৱল কুৰআন ও হাদীছৰ অনুসৰণ কৰিব¸ কিন্তু ছালাফে ছালেহীনৰ মানহাজক (পথক) অনুসৰণ নকৰে আৰু কয় যে, তেওঁলোকেও মানুহ আমিও মানুহ (গতিকে তেওঁলোকৰ অনুসৰণৰ প্রয়োজন নাই); সেইজন গোমৰাহীত নিপতিত হব।

(খ) ছালাফে ছালেহীনৰ আক্বীদাহ অনুযায়ী আমি মানুহৰ ওপৰত কোনো শ্বাৰঈ আধিপত্য জাপি দিব নিবিচাৰোঁ।
আল্লাহ তা'আলাই স্বীয় ৰাছুল (ছাঃ) ক কৈছে যে, 'গতিকে¸ তুমি উপদেশ দিয়া¸ তুমিটো কেৱল এজন উপদেশদাতাহে। তুমি সিহঁতৰ শাসক নহয়'।
 (ছুৰা গাছিয়া, ৮৮/২১¸২২)।
গতিকে আমিও মানুহৰ ওপৰত দাৰোগাৰ ভূমিকাত অৱতীর্ণ হব নোৱাৰো। বৰং সকলোকে সেই বাক্যটিই কবলৈ বিচাৰোঁ, ألق كلمتك وأمش 'তুমি তোমাৰ বক্তব্য পেচ কৰা, তাৰ পিছত গুচি যোৱা'। তোমাৰ মত অনুযায়ী পৰিচালনা কৰাৰ কাৰণে মানুহৰ ওপৰত তৰোৱালৰ দ্বাৰা ক্ষমতা বিস্তাৰ কৰাৰ অধিকাৰ তোমাৰ নাই। কাৰণ হক-ৰ নীতি হল, الحق ابلج والباطل لجلج 'হক সদায় সুস্পষ্ট আৰু বাতিল অস্পষ্ট ও বক্রতাপূর্ণ '। আৰু সুনিশ্চিতভাৱেই এই কথাটো দুনিয়াৰ সর্বাধিক সত্য বাক্য لا إله إلا الله-ৰ ক্ষেত্রতো প্রযোজ্য।

(গ) দাঈ-ক (আল্লাহৰ পথত আহ্বানকাৰীক) লক্ষ ৰাখিব লাগিব, যেতিয়া তেওঁ বুজিব যে, তেওঁৰ প্রতিপক্ষ নিজৰ মতৰ ওপৰত ইমান কঠোৰ যে, তেওঁৰ সৈতে বিতর্কত গৈ লাভ নাই আৰু যদি তেওঁ ধৈর্য সহ বিতর্ক আগবঢ়াই গৈ থাকে, তেতিয়া হয়তো অনাকাংখিত কিবা অঘটন ঘটিব পাৰে, তেতিয়া বিতর্ক পৰিত্যাগ কৰাই তেওঁৰ কাৰণে উত্তম হব। কিয়নো ৰাছুলুল্লাহ (ছাঃ) এ কৈছে, যি ব্যক্তিয়ে পূর্ণ অধিকাৰ থকা সত্যেও বিতৰ্ক(ঝগড়া) পৰিত্যাগ কৰে, মই তেওঁৰ কাৰণে জান্নাতত এটা গৃহৰ জিম্মাদাৰ হম'।
(আবুদাউদ, হা/ ৪৮০০)।

(ঘ) ৰাছুলুল্লাহ (ছাঃ) এ কৈছে, إن بني إسراءيل لما هلكوا قصوا 'নিশ্চই বনী ইছৰাঈলসকল কিচ্ছা-কাহিনী বর্ণনাত লিপ্ত হোৱাৰ কাৰণে ধ্বংস হৈছিল'। (ত্বাবাৰাণী, ছাহীহাহ হা/ ১৬৮১)
এই হাদীছৰ ব্যাখ্যাত সেইখ আলবানীয়ে কয়, সম্ভৱত এইটো এই কাৰণে কোৱা হৈছে যে, সিহঁতৰ আলিম ও বক্তাসকলে জনসাধাৰণক ফিকাহ আৰু উপকাৰী জ্ঞানৰ পৰিবর্তে অলী সকলৰ কিচ্ছা-কাহিনীৰ বর্ণনাকে গুৰুত্ব দিছিল আৰু এই কামকেই নেক আমল বুলি গণ্য কৰা আৰম্ভ কৰিছিল। ফলত তেওঁলোক ধ্বংসত নিপতিত হৈছিল। আজিৰ যুগৰ বহু গল্পকাৰ বক্তাসকলৰো একেই অৱস্থা। যিসকলৰ অধিকাংশ বক্তব্যৰ বিষয় বস্তু হল, ইছৰাঈলী গাল-গল্প, হৃদয় গলোৱা বক্তব্য সমূহ আৰু ছুফী ধ্যান-ধাৰণাভিত্তিক অলীক কাহিনী।
                 ------------------------------------------------------------------

(2) ইছলাম বুজাৰ (মানি চলাৰ) মূল নীতি-
(i) মুছলিমৰ একমাত্র অনুসৰণীয় ইমাম হৈছে মুহাম্মাদ (ছঃ); আন কোনো ব্যক্তি নহয় ৷
(ii) সকলে ধৰণৰ আইন, সামাজিক,  অর্থনৈতিক, সংস্কৃতিক সহ সকলোবোৰ সমস্যাৰ সমাধান একমাত্র কোৰআন-হাদিছত অনুসৰি হব লাগিব ৷
(iii) কোনো সমস্যাৰ সমাধান কোৰআন ও ছহিহ হাদিছৰ ভিতৰত পোৱা নগলে সেই সম্পর্কে চাহাবাসকলৰ (সন্মিলিত) সিদ্ধান্ত গ্রহন কৰা হব ৷
(iv) যিসমূহ বিষয় কোৰআন, ছহিহ হাদিছ ও চাহাবি সকলৰ ইজমা (ঐক্যমত) ৰ ভিতৰত নাই, সেইবোৰ বিষয়ত কোৰআন আৰু হাদিছক ভিত্তি কৰি আলেম সকলে ইজতিহাদ (শ্বৰীয়ত গৱেষণা) কৰিব ৷ কিন্তু কোৰআন, ছহিহ হাদিছ ও ইজমা বিৰোধী কোনো ইজতিহাদ গৃহীত নহব ৷
(v) কোনো প্রকাৰেই ধর্মৰ ক্ষেত্রত দলীল ব্যতিত কাৰো উক্তি অনুসৰণ কৰা নাযাব ৷

@ জুবেৰ ৰহমান আৰু ব্লগৰ এডমিন‌

Sunday, November 29, 2015

তাবলীগ জামাতৰ সপক্ষে ও বিপক্ষে

তাবলীগ জামাতৰ সপক্ষে ও বিপক্ষে

পৃথিৱীৰ বিভিন্ন স্থানত মুছলিমসকলে ইছলামৰ ফালে আহ্বান জনোৱাৰ কাৰণে  ৪০ দিন বা ৪ মাহৰ কাৰণে যায়– এই বিষয়ে ইছলামৰ বিধান কি?

সকলো প্রশংসা আল্লাহৰ কাৰণে ।

তাবলীগ জামাত হল এনেকোৱা এটা দল যিসকলে ইছলামৰ কাৰণে কাম কৰি আছে। আল্লাহৰ পিনে মানুহক আহ্বানৰ (দাওৱাহ) ক্ষেত্রত সিহঁতৰ প্রচেষ্টাক অস্বীকাৰ কৰিব নোৱাৰি। তথাপি অন্যান্য বহুত দলৰ নিচিনাকৈ তেওঁলোকৰো কিছু ভুল আছে। সেই ভুলবিলাকৰ সম্পর্কে আলোচনা  কৰা দৰকাৰ। যদিও এই ভুলসমূহ তাবলীগ জামাতে যিখন সমাজ বা পৰিবেশত কাম কৰিছে তাৰ ওপৰত ভিত্তি কৰি ভিন্ন ভিন্ন হৈ থাকে। যিখন সমাজত আহলে চুন্নাত ওৱাল জামাতৰ মতাদর্শ আৰু ইছলামী জ্ঞান ও আলিমসকলৰ প্রভাৱ ব্যাপক , সেই সমাজত ভুলবিলাক কম হৈ থাকে। কিন্তু অন্য সমাজত সেইটো বিস্তৃত আকাৰ ধাৰণ কৰিব পাৰে। তেওঁলোকৰ ভুলবিলাকৰ কেইটামান হলঃ

(০১) আহলে চুন্নাত ওৱালা জামাতৰ আকীদা ধাৰণ নকৰা। তবলীগ জামাতৰ বহুত সদস্য¸ আনকি কিছুমান নেতাৰ মাজতো আক্বীদাৰ বৈচিত্র্যতাৰ পৰা এইটো পৰিস্কাৰভাৱে লক্ষ্য কৰা যায়।

(০২) শৰীয়াহভিত্তিক জ্ঞানৰ প্রতি গুৰুত্ব নিদিয়া ।

(০৩) কোৰআনৰ কিছু আয়াতৰ অপব্যাখ্যা। যেনে- তেওঁলোকে জিহাদ বিষয়ক আয়াতসমূহক “দাওৱাহৰ (মানুহক আল্লাহৰ ফালে মাতা) উদ্দেশ্যত বাহিৰ হোৱা” – এই হিচাবে ব্যাখ্যা কৰে। যি আয়াতসমূহত “খুৰুজ (বাহিৰ হোৱা)” শব্দটো আছে সেইবিলাক ক্ষেত্রত তেওঁলোকে এই ব্যাখ্যা কৰি থাকে।

(০৪) আল্লাহৰ পথত দাওৱাত দিয়াৰ কামত বাহিৰ হোৱাৰ বিশেষ পদ্ধতিক তেওঁলোকে ইবাদাতৰ কাম হিচাবে গ্রহণ কৰিছে। সিহঁতৰ এই কিছু সংখ্যক দিন বা মাহক নির্দিষ্ট কৰি নিয়াৰ বিশেষ পদ্ধতিৰ পক্ষত কোকআন ও হাদীছৰ দলিল দিবলৈ গৈ তেওঁলোকে কোৰআন ও হাদীছৰ ভুল উদ্ধৃতি/ব্যাখ্যা কৰিছে। তেওঁলোকৰ দাওৱাত দিয়াৰ এই বিশেষ পদ্ধতি যিটো তেওঁলোকে কোৰআন ও হাদীছ সন্মত বুলি ভাৱি থাকে, সেইটো পৃথিৱী ব্যাপী সকলো তবলীগ জামাতৰ মাজত প্রচলিত।

(০৫) তেওঁলোকৰ কিছু কিছু কাম ইছলামী শ্বৰীয়াহ ভিত্তিক নহয়। উদাহৰণ স্বৰূপে, তেওঁলোকৰ ভিতৰত কোনো এটা দল যেতিয়া দাওৱাত দিয়াৰ কামত বাহিৰ হয়, তেতিয়া তেওঁলোকে এজনক দোৱা কৰাৰ দায়িত্ব দি যায়। তেওঁলোকে মনতে ভাৱে দাওৱাত দিয়াৰ কামত ব্যর্থতা ও সাফল্য এই দোৱাকাৰী ব্যক্তিজনৰ আন্তৰিকতা আৰু তেওঁৰ দোৱা কবুল হৈছে নে হোৱা নাই তাৰ ওপৰত নির্ভৰ কৰে।

(০৬) জয়ীফ (দুর্বল) ও মওযু (জাল) হাদীছৰ ওপৰত আমল ও ইয়াৰ প্রচাৰ তেওঁলোকৰ মাজত ব্যাপকভাৱে প্রচলিত। আল্লাহৰ ৰাস্তাত মানুহক দাওৱাত দিয়াৰ কামত যিসকল নিয়োজিত, তেওঁলোকৰ ক্ষেত্রত এনে ধৰণৰ কাম শোভনীয় নহয়।

(০৭) তেওঁলোকে মুনকাৰাত (বেয়া কাম) সম্বন্ধে একো নকয়। ভাল কামৰ আদেশ কৰাটোয়েই তেওঁলোকে যথেষ্ট বুলি ভাৱে। এই কাৰণে দেখা যায়, সমাজত বহুল প্রচলিত বেয়া কাম  সম্বন্ধে তেওঁলোকে কোনো কথাই নকয়। যদিও এই উম্মতৰ শ্লোগান হল:

“আৰু তোমালোকৰ মাজত এনেকুৱা এটা দল থকা উচিত যিয়ে আহ্বান জনাব সৎ কামৰ প্রতি, নির্দেশ দিব ভাল কামৰ (আল্লাহৰ একাত্ববাদ আৰু সেই সকল কাম যিবোৰ ইছলামে কৰাৰ আদেশ দিয়ে) আৰু নিষেধ কৰিব বেয়া কামৰ (শিৰ্ক, কুফৰ ইছলামত নিষেধ কাম সমূহ) তেওঁলোকেই হল সফলকাম।”

– ছুৰা আল ইমৰান: ছুৰা – ০৩: আয়াত – ১০৪

গতিকে তেওঁলোকেই সফলকাম যিসকলে ভাল কামৰ আদেশৰ লগতে বেয়া কামৰও নিষেধ কৰে , তেওঁলোক নহয় যিসকলে কেৱলমাত্র এই দুটাৰ এটা কৰে।

(০৮) সিহঁতৰ মাজত কিছুমানে আত্মতুষ্টিত ভোগে আৰু অহংকাৰী হৈ পৰে। ইয়াৰ ফলত সিহঁতৰ মাজৰ বহুতৰে আনক অবজ্ঞা কৰাৰ মানসিকতাৰ সৃষ্টি হয়। আনকি বহুত বিজ্ঞ আলিমক তুচ্ছজ্ঞান কৰি নিষ্ক্রিয় বুলি আখ্যা দিয়ে। সিহঁতৰ মাজত কিছুমানে মানুহৰ সন্মুখত বহুত দেশ-বিদেশ ঘুৰি আহি বহুত কিছু দেখিছে ইত্যাদি কৈ নিজকে জাহিৰ কৰে, যিয়ে সমাজত কোনো ভাল ফলাফল লৈ নাহে।
০৯) তেওঁলোকে দাওৱাত দিয়াৰ কামত ভ্রমণ কৰাটো অন্যান্য বহুত ইবাদাতকৈ উত্তম বুলি ভাৱে। যেনে- জিহাদ, জ্ঞানার্জন কৰা। যদিও এই দুটা কাম পৰিস্থিতি সাপেক্ষে কিছুমান লোকৰ বাবে বাধ্যতামূলক।

(১০) তেওঁলোকৰ মাজত কিছুমানে এনেকুৱা দুঃসাহস দেখুৱায় যে ফতোৱা পর্যন্ত দিয়ে আৰু তাফচীৰ ও হাদীছ আলোচনা কৰে। কাৰণ তেওঁলোকে জামাতত অহা সকলোকে (এওঁলোকৰ মাজত বহুত ন-মুছলিম নাইবা কিছুদিন আগতে মাত্র আল্লাহৰ হেদায়াত প্রাপ্ত হৈছে এনেকোৱা ব্যাক্তিও থাকে) দাওৱাহ আৰু ব্যাখ্যা কৰাৰ কাৰণে কয়। ফলত বহুত সময়ত দেখা যায়, এনেকোৱা এজন ব্যক্তিয়ে ইছলামৰ বিধান, হাদীছ আনকি কোৰআনৰ আয়াত সম্বন্ধে আলোচনা কৰে যাৰ এই বিষয়ে তেনেকোৱা কোনো জ্ঞান নাই নাইবা এই বিষয়ে তেওঁলোকে কোনো আলিমৰ ব্যাখ্যাও শুনা নাই।
(১১) তেওঁলোকৰ মাজত কিছুমানে নিজ স্ত্রী ও সন্তানসকলৰ অধিকাৰ সম্পর্কে সচেতন নহয়। এই বিষয়ৰ ভয়াবহতা সম্পৰ্কে আগতে আমি বিস্তৃত আলোচনা কৰিছো।

এইবিলাক কাৰণত আলিমসকলে সাধাৰণ মানুহক তাবলীগ জামাতত যোৱাৰ কাৰণে নিষেধ কৰিছে। কিন্তু যিসকলৰ সঠিক জ্ঞান আছে আৰু তবলীগ জামাতৰ মাধ্যমত ভুলবিলাক সংশোধন কৰাৰ কাৰণে তেওঁলোকক সাহায্য কৰিব বিচাৰে তেওঁলোকৰ কথা সুকীয়া।

 তথাপি মানুহক তবলীগ জামাতৰ পৰা একেবাৰে পৃথক কৰি পেলোৱাটো উচিত নহব। বৰং আমি অৱশ্যেই চেষ্টা কৰিব লাগিব তেওঁলোকৰ ভুলসমূহ সংশোধন কৰি দিয়াৰ আৰু তেওঁলোকক উপদেশ  দিয়াৰ যাতে তেওঁলোকে কোৰআন ও চুন্নাহৰ আলোকত নিজক সংশোধন কৰি তেওঁলোকৰ কার্যক্রম চলাই যাব পাৰে।

তলত তাবলীগ জামাত সম্পর্কে  কেইজনমান আলিমৰ ফতোৱা দাঙি ধৰা হল:

(০১) ‘সেইখ আব্দুল আজিজ বিন বায’ (ৰহঃ) এ কয়ঃ

“তবলীগ জামাতৰ সদস্যসকলৰ আক্বীদাৰ বিষয়বোৰৰ সম্পর্কত যথাযথ পৰিস্কাৰ ধাৰণা নাই। সেয়ে তেওঁলোকৰ সৈতে জামাতত যাব পৰা নাযাব। কিন্তু যিসকল লোকৰ 'আহলে চুন্নাহ ওয়াল জামাহ’ৰ আক্বীদা সম্পর্কে যথাযথ জ্ঞান আছে তেওঁলোক যাব পাৰে। ইয়াৰ ফলত তেওঁলোকে তবলীগ জামাতৰ সদস্যসকলক সঠিক পথনির্দেশ দিব পাৰিব, উপদেশ দিব পাৰিব আৰু তেওঁলোকক ভাল কামত সহযোগ কৰিব পাৰিব, কিয়নো তবলীগ জামাত খুব সক্রিয় এটা দল। তথাপি তেওঁলোকৰ আৰু জ্ঞান অর্জনৰ প্রয়োজন, আৰু সিহতৰ এনেকোৱা কাৰোবাক প্রয়োজন যাৰ তাওহিদ ও চুন্নাহ সম্পর্কে যথাযথ জ্ঞান আছে, যাতে তেওঁ এই দলটোক যথাযথভাৱে পথনির্দেশ দিব পাৰে। আল্লাহে আমাৰ ইছলামক যথাযথভাৱে বুজাৰ আৰু ইছলামৰ প্রতি অবিচল থকাৰ তৌফিক দান কৰক।

– মাজমু ফতোৱা আল সেইখ ইবন বায, ৮/৩৩১

(০২) ‘সেইখ চালিহ আল ফাওজান’ এ কয়ঃ

“তবলীগ জামাতে আল্লাহৰ পথত বাহিৰ হোৱা বুলি যি বুজায় প্রকৃতপক্ষে আল্লাহৰ পথত বাহিৰ হোৱা মানে সেইটো নহয়। আল্লাহৰ পথত বাহিৰ হোৱা মানে প্রকৃতপক্ষে জিহাদলৈ যোৱাৰ কথা কোৱা হৈছে। তেওঁলোকে আল্লাহৰ ৰাস্তাত বাহিৰ হোৱা বুলিলে যি বুজায় সেইটো মূলত বিদআত আৰু ছালাফৰ পৰা ইয়াৰ কোনো বর্ণনা পোৱা নাযায়।

মানুহক আল্লাহৰ ৰাস্তত দাওৱাত দিয়া কামক কোনো নির্দিষ্ট দিনত সীমাবদ্ধ কৰা নাযায়, বৰং এজন ব্যক্তি তেওঁৰ সামর্থ্য অনুযায়ী দাওৱাতৰ কাম কৰিব, কোনো দলক নির্দিষ্ট নকৰে বা নির্দিষ্ট দিনক সীমাবদ্ধ নকৰে।

দাঈ ব্যক্তি অৱশ্যেই  জ্ঞানী হোৱাটো জৰুৰী। অজ্ঞ ব্যক্তিৰ দ্বাৰা মানুহক আল্লাহৰ ৰাস্তাত দাওৱাত দিয়া জায়েজ নহয়। আল্লাহে কয়:

“হে নবী,  কৈ দিয়া, এইটো মোৰ পথ আৰু মই আল্লাহৰ ফালে (একত্ববাদ) মানুহক স্পষ্ট জ্ঞানৰ দ্বাৰা দাওৱাত দিও । আল্লাহ পবিত্ৰ আৰু মই মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নহয়।”

– ছুৰা ইউচুফ: ছুৰা – ১২: আয়াত – ১০৮

অর্থাৎ স্পষ্ট জ্ঞানৰ সৈতে দাওৱাত দানকাৰী ব্যক্তিৰ অৱশ্যেই, তেওঁ কাৰ প্রতি দাওৱাত দিছে, শ্বৰীয়তৰ বাধ্যতামূলক বিধান, মুস্তাহাব, হাৰাম, মাকৰূহ্ ইত্যাদি সম্বন্ধে জ্ঞান থকা প্রয়োজন। লগতে শ্বিৰ্ক, বিদাত¸ পাপাচাৰ, কুফৰ, অবাধ্যতা সম্বন্ধে জ্ঞান থকা প্রয়োজন। তেওঁ অৱশ্যেই বেয়া কামৰ সমালোচনাৰ বিভিন্ন ধাপ আৰু কেনেকৈ সেইটো কৰিব তাক জানিব লাগিব। তবলীগ জামাতৰ এই ধৰণৰ ভ্রমণত বাহিৰ হোৱাৰ পদ্ধতি ভুল যিয়ে মানুহক জ্ঞানার্জনৰ পৰা বহু দূৰলৈ লৈ যায়। কিয়নো ইছলামত জ্ঞানার্জন বাধ্যতামূলক। আৰু জ্ঞানার্জন সম্ভৱ কেৱলমাত্র  শিকাৰ মাধ্যমত, অনুপ্রেৰণাৰ মাধ্যমত নহয়। এইটো মূলত এটি ভ্রান্ত চূফি মতবাদ। কিয়নো জ্ঞান অবিহনে কর্ম হৈছে ভ্রান্তি, আৰু নিশিকাকৈ জ্ঞানার্জনৰ আশা মৰীচিকা মাত্র।

চালাচা মুহাদাৰাত ফিল ইলম ওয়াদ দাওয়াহ গ্রন্থৰ পৰা লোৱা।

আৰু আল্লাহেই সকলোতকৈ ভালদৰে জানে ।

ফতোৱা প্রদানতঃ শ্বেইখ ছালেহ আল মুনাজ্জিদ (হাফিজাহুল্লাহু)
আৰবীত পঢ়িবলৈ আগ্ৰহী সকলে লিংকত ক্লিক কৰক-
http://islamqa.info/ar/8674
for english-
 http://islamqa.info/en/8674

অসমীয়া অনুবাদকঃ  জুবেৰ ৰহমান।

Wednesday, July 1, 2015

হাদীছ বিষয়ক কিছু পৰিভাষা

হাদীছৰ ব্যাবহাৰিক সংজ্ঞাঃ হাদীছ বুলি কবলৈ গলে সাধাৰণতঃ ৰাছূলুল্লাহ ছাল্লাল্লাহু আলাইহি ওয়াছাল্লামৰ কথা, কর্ম বা অনুমোদনক বুজোৱা হয়। অর্থাৎ, ওৱাহীৰ মাধ্যমত প্রাপ্ত জ্ঞানৰ আলোকত ৰাছূলুল্লাহ (ছাঃ) য়ে যিবোৰ কৈছে, কৰিছে বা অনুমোদন কৰিছে তাকে হাদীছ বোলা হয়। আৰু হাদীছ বুলিলে যি বুজা যায় সোইবোৰ প্ৰকৃততে ৰাছূলুল্লাহ (ছাঃ) ৰ কথা হয়নে নহয় তাক পৰীক্ষা কৰি নির্ভৰতাৰ ভিত্তিত মুহাদ্দিসসকলে হাদীছৰ বিভিন্ন প্রকাৰ আৰু পর্যায়ত বিভক্ত কৰিছে।
আমি প্রায়েই শুনি থকা এনে আৰু কিছুমান শব্দৰ সহজ সংজ্ঞা তলত দিয়া হল-
মুহাদ্দিছঃ যি ব্যক্তিয়ে হাদীছ চর্চা কৰে আৰু বহু সংখ্যক হাদীছৰ ‘ছনদ’ আৰু ‘মতন’ সম্পর্কে বিশেষ জ্ঞান ৰাখে, তাঁকে মুহাদ্দিছ বোলে।

ছনদঃ হাদীছৰ মূল কথাখিনি যি সুত্র পৰম্পৰাৰ যোগেদি হাদীছৰ গ্রন্থ সংকলনকাৰী পর্য্যন্ত আহি পাইছে তাকে ‘ছনদ’ বোলা হয়। ইয়াত হাদীছ বর্ণনাকাৰীসকলৰ নাম এজনৰ পিছত এজনকৈ সজ্জিত থাকে।
মতনঃ হাদীছৰ মূল কথা বা বক্তব্য আৰু তাৰ শব্দ সমষ্টিক ‘মতন’ বোলে।
ৰিওয়ায়াতঃ হাদীছ বর্ণনা কৰাকে ৰিওয়ায়াত বোলে। কেতিয়াবা কেতিয়াবা মূল হাদীছকো ৰিওয়ায়াত বোলা হয়। যেনেকৈ কোৱা হয়, এই কথাৰ সমর্থনত এটি ৰিওয়ায়াত (হাদীছ) আছে। হাদীছ বর্ণনাকাৰীক ৰাবী বোলা হয়।

ছাহাবীঃ যিজন ব্যাক্তি ঈমানৰ সৈতে ৰাছূলুল্লাহ (ছাঃ) ৰ সাহচর্য্য লাভ কৰিছে বা তেখেতক দেখিছে আৰু তেখেতৰ হাদীছ বর্ণনা কৰিছে, অথবা জীৱনত এবাৰ তেখেতক দেখিছে আৰু ঈমানৰ সৈতে মৃত্যুবৰণ কৰিছে তেখেতক ৰাছূলুল্লাহ (ছাঃ) ৰ ছাহাবী বোলা হয়।

তাবিঈঃ ছাহাবীসকলৰ ঠিক পিছৰ প্রজন্মৰ কোনো ব্যক্তি যিয়ে ৰাছূলুল্লাহ (ছাঃ) ৰ কোনো ছাহাবীৰ ওচৰত হাদীছ শিক্ষা কৰিছে অথবা অন্ততঃপক্ষে ছাহাবীক দেখিছে আৰু মুছলমান হিচাপে মৃত্যুবৰণ কৰিছে, তেখেতক তাবিঈ বোলে।

মাৰফু হাদীছঃ যি হাদীছৰ ছনদ (বর্ণনা পৰম্পৰা) ৰাছূলুল্লাহ (ছাঃ) ৰ পৰা আৰম্ভ হয়, তাক মাৰফু হাদীছ বোলে। অর্থাৎ, ৰাছূলুল্লাহ (ছাঃ) ৰ কর্ম, কথা বা অনুমোদন হিচাপে বর্ণিত হাদীছক মাৰফু হাদীছ বোলে।

মাওকুফ হাদীছঃ ছাহাবীসকলৰ কর্ম, কথা বা অনুমোদন হিচাপে বর্ণিত হাদীছক মাওকুফ হাদীছ বোলে।

মাকতু হাদীছঃ তাবেয়ীসকলৰ কথা, কর্ম বা অনুমোদন হিচাপে বর্ণিত হাদীছক মাকতু হাদীছ বোলে।

মুত্তাছিল হাদীছঃ যি হাদীছৰ ছনদৰ ধাৰাবাহিকতা প্রথমৰ পৰা শেষ পর্য্যন্ত পূর্ণৰূপে ৰক্ষিত আছে, কোনো স্তৰতেই কোনো ৰাবীৰ নাম বাদ পৰা নাই, তাক মুত্তাছিল হাদীছ বোলে।

মুৰছাল হাদীছঃ যি হাদীছৰ ছাহাবীৰ নাম বাদ পৰিছে আৰু তাবিঈয়ে পোনেপোনে ৰাছূলুল্লাহ (ছাঃ) ৰ উল্লেখ কৰি হাদীছ বর্ণনা কৰিছে, তাক মুৰছাল হাদীছ বোলে।

ছহীহ হাদীছঃ মুহাদ্দিছসকলৰ পৰিভাষাত যি হাদীছৰ মাজত ৫ টা চর্ত পূৰণ হৈছে তাক ছহীহ হাদীছ বা বিশুদ্ধ হাদীছ বোলে। চর্ত ৫ টা হল-
১) হাদীছৰ সকলো বর্ণনাকাৰী বা ৰাবী পৰিপূর্ণভাৱে সৎ আৰু বিশ্বস্ত বুলি প্রমানিত। ইয়াক ‘আদালত’ বোলে।
২) সকলো ৰাবীৰ ‘নির্ভুল বর্ণনা ক্ষমতা’ পূর্ণৰূপে বিদ্যমান বুলি প্রমানিত। ইয়াক ‘যাবতা’ বোলে।
৩) ছনদৰ প্রত্যক ৰাবীয়ে তেওঁৰ ঊর্ধ্বতন ৰাবীৰ পৰা স্বকর্ণে হাদীছটো শুনিছে বুলি প্রমানিত। ইয়াক ‘ইত্তিছাল’ বোলে।
৪) হাদীছটো অন্যান্য প্রমানিত হাদীছৰ বর্ণনাৰ বিপৰীত নহয় বুলি প্রমানিত। ইয়াক ‘শ্বুযুয মুক্তি’ বোলে।
৫) হাদীছটোৰ ভিতৰত সূক্ষ্ম কোনো ছনদগত বা অর্থগত ত্রুটি নাই বুলি প্রমানিত। ইয়াক ‘ইল্লাত মুক্তি’ বোলে।

হাছান হাদীছঃ মুহাদ্দিছসকলৰ পৰিভাষাত যিবোৰ হাদীছত ছহীহ হাদীছৰ ৫ টা চর্ত বিদ্যমান, কিন্তু দ্বিতীয় চর্ত অর্থাৎ, ‘যাবতা’ বা হাদীছ বর্ণনাকাৰীৰ ‘নির্ভুল বর্ণনা ক্ষমতা’ অলপমান দুর্বল বুলি বুজিব পৰা যায়, সেই হাদীছক হাছান হাদীছ বা গ্রহণযোগ্য হাদীছ বোলা হয়। অর্থাৎ, যদি ছনদত উল্লেখিত কোনো এজন ৰাবীৰ বর্ণিত হাদীছৰ ভিতৰত কিছু অনিচ্ছাকৃত ভুল ত্রুটি লক্ষ্য কৰা যায়, তেনেহলে এনে ধৰণৰ ৰাবীৰ বর্ণিত হাদীছ ‘হাছান হাদীছ’ বুলি গন্য।
ফিকাহবিদসকলে সাধাৰণতে ছহীহ আৰু হাছান হাদীছৰ ভিত্তিত শৰীয়তৰ বিধান নির্ধাৰণ কৰে।

যঈফ বা দুর্বল হাদীছঃ যি হাদীছৰ ভিতৰত হাছান হাদীছৰ চর্তসমূহ অবিদ্যমান দেখা যায়, মুহাদ্দিছসকলৰ পৰিভাষাত তাকে যঈফ হাদীছ বোলে। অর্থাৎ,
১- ৰাবীৰ বিশ্বস্ততাৰ অভাৱ, বা
২- তেওঁৰ বিশুদ্ধ হাদীছ বর্ণনা বা স্মৃতিৰ অভাৱ, বা
৩- ছনদৰ ভিতৰত কোনো এজন ৰাবী তেওঁৰ ঊর্ধ্বতন ৰাবীৰ পৰা পোনেপোনে আৰু স্বকর্ণে শুনা নাই বুলি প্রমানিত হোৱা বা দৃঢ় সন্দেহ হোৱা, বা
৪- অন্যান্য প্রমানিত হাদীছৰ লগত সাংঘর্ষিক হোৱা, অথবা
৫- সূক্ষ্ম কোনো ছনদগত বা অর্থগত ত্রুটি থাকা;
ইত্যাদি যি কোনো এটি বিষয় কোনো হাদীছৰ ভিতৰত থাকিলে হাদিছটো যঈফ বুলি গণ্য। কোনো হাদীছক ‘যঈফ’ বুলি গণ্য কৰাৰ অর্থ হল, হাদীছটো ৰাছূলুল্লাহ (ছাঃ) ৰ কথা নহয় বুলিয়েই প্রতীয়মান হয়।
মাউযু হাদীছ বা বনাৱট হাদীছঃ যি হাদীছৰ ৰাবী জীৱনত কেতিয়াও ইচ্ছাকৃত ভাৱে ৰাছূলুল্লাহ (ছাঃ) ৰ নামত বনাৱট (নিজে কথা সজাই বা বনাই কোৱা) কথা সমাজত প্রচাৰ কৰিছে অথবা, ইচ্ছাকৃত ভাৱে হাদীছৰ সুত্র (ছনদ) বা মূল বাক্যৰ ভিতৰত কমবেছি কৰিছে বুলি প্রমানিত হৈছে, তেওঁৰ বর্ণিত হাদীছক বনাৱট বা মাউযু হাদীছ বোলে। এনেকুৱা ব্যক্তিৰ বর্ণিত হাদীছ গ্রহণযোগ্য নহয়।

গাৰীব হাদীছঃ যি ছহীহ হাদীছ কোনো যুগত মাত্র এজন ৰাবীয়ে বর্ণনা কৰিছে তাক গাৰীব হাদীছ বোলা হয়।
মাৰফু, মাওকুফ আৰু মাকতু হাদীছ সম্পর্কে আৰও বিস্তাৰিত জানতে এই প্রবন্ধটি পড়ুন- হাদীছৰ কয়েকটি পৰিভাষা
হাদীছ শাস্ত্রবিদসকলে হাদীছৰ শ্রেনীবিভাগ কৰিবলৈতে গৈ কিছুমান বিষয় আৰু পদ্ধতিক বিবেচনালৈ আনি থাকে। এনে এটি বিষয় হল হাদীছটো কাৰ দ্বাৰা বর্ণনা কৰা হৈছে বা হাদীছৰ মূল বক্তা কোন।

বিশেষজ্ঞসকলৰ ভাষাতঃ
হাদীছৰ বর্ণনাকাৰী কোন বা হাদীছত কাৰ সম্পর্কে কথা কোৱা হৈছে- ইয়াৰ উপৰত ভিত্তি কৰি হাদীছ কেবাটাও শ্রেণীত বিভক্ত। এই শ্রেণীৰ হাদীছসমূহ হল চাৰি ধৰণৰঃ
[১] হাদীছে কুদ্‌ছীঃ এনে ধৰণৰ হাদীছৰ মূলকথা পোনেপোনে আল্লাহ্‌ ছূবহানাহু ওয়া তা’য়ালাৰ ওচৰৰ পৰা প্রাপ্ত আৰু তেওঁৰ লগতই সংশ্লিষ্ট। যেনে আল্লাহ্‌ ৰাব্বুল ‘আলামীন তেওঁৰ ৰাছূল (ছাঃ) ক ইলহাম বা স্বপ্নযোগত অথবা জিব্রাঈল (আঃ) ৰ মাধ্যমত সেয়া জনাই দিছে আৰু নাবী কাৰীম (ছাঃ) নিজৰ ভাষাত সেয়া বর্ণনা কৰিছে। হাদীছে কুদ্‌ছীৰ বর্ণনা আৰম্ভ হয় ঠিক এনেকৈ “ৰাছূলুল্লাহ (ছাঃ) য়ে কৈছে, আল্লাহ্‌ ৰাব্বুল ‘আলামীনে কৈছে,......।”

[২] মৰফূ’ হাদীছঃ যি হাদীছৰ ছনদ (বর্ণনা পৰম্পৰা) ৰাসূলুল্লাহ্‌ (ছাঃ) পর্য্যন্ত গৈ পাইছে অর্থাৎ, যি হাদীছৰ ছনদ-সূত্রত পোনেপোনে নাবী কাৰীম (ছাঃ) ৰ কথা বা কৰ্ম বা অনুমোদন বর্ণিত হৈছে সেই হাদীছক মৰফূ’ হাদীছ বোলে।

[৩] মাওকূফ হাদীছঃ যি হাদীছৰ বর্ণনা-সূত্র ঊর্ধ্ব দিশত ছাহাবী পর্য্যন্ত গৈ পাইছে অর্থাৎ, যি ছনদ-সূত্রত কোনো ছাহাবীৰ কথা বা কৰ্ম বা অনুমোদন বর্ণিত হৈছে তাক মাওকূফ হাদীছ বোলে। এই ধৰণৰ হাদীছত কোনো ছাহাবীৰ কথা বা কৰ্ম বা অনুমোদন বর্ণিত হয় আৰু সেয়া পোনেপোনে নাবী কাৰীম (ছাঃ) ৰ পৰা বর্ণিত নহয়।
এই ধৰণৰ হাদীছৰ উদাহৰণ হল ‘আলী ইবনু আবি তলিব (ৰাদ্বিআল্লাহু ‘আনহু) ৰ এই কথাসমূহঃ
“ভালপোৱাৰ মানুহক ভালপাবলৈ গৈ চৰমপন্থা অৱলম্বন নকৰিব; কাৰণ হব পাৰে এদিন হয়তো আপুনিয়েই তাক ঘৃণা কৰিব পাৰে। আকৌ কাৰোবাক ঘৃণা কৰাৰ ক্ষেত্রতো চৰমপন্থা অৱলম্বন নকৰিব; কাৰণ হব পাৰে আপুনিয়েই এদিন তাক ভালপাব পাৰে।” [ছহীহ্‌ আল-বুখাৰী; অধ্যায়ঃ আদাবুল মুফ্‌ৰাদ, হাদীছ নং-৪৪৭]

আল-খাতীব আল-বাগ্‌দাদীয়ে কৈছেঃ
“এটা মাৰফূ’ হাদীছৰ বর্ণনা এজন ছাহাবী পর্য্যন্তই সীমাবদ্ধ; তেওঁৰ বাহিৰত নহয়।”
আল হাকিমৰ মত অনুযায়ী কোনো হাদীছ মাওকূফ বুলি বিবেচিত হব হলে হাদীছটোক আৰু এটি চর্ত পূৰণ কৰিব লাগিব আৰু সেয়া হল হাদীছটোৰ ইছনাদ (হাদীছৰ মূল কথাখিনি যি সূত্র পৰম্পৰাত গ্রন্থ সংকলনকাৰী পর্য্যন্ত আহি পাইছে; ইয়াত হাদীছ বর্ণনাকাৰীসকলৰ নাম এজনৰ পিছত এজনকৈ সজ্জিত থাকে) সম্পূর্ণ হব লাগিব আৰু কোনো ক্ষেত্রতে সেয়া বিঘ্নিত হব নোৱাৰিব।
মাওকূফ পৰিভাষাটো সাহাবাসকলৰ বাদে অন্যান্যসকলৰ দ্বাৰা বর্ণিত হাদীছৰ ক্ষেত্রতো ব্যবহৃত হব পাৰে। কিন্তু সেইক্ষেত্রত উল্লেখ কৰিব লাগিব যে, অমুক হাদীছটো মাওকূফ যাৰ বর্ণনা আল-জুহ্‌ৰী বা আল-‘আতা পর্য্যন্ত সীমাবদ্ধ যাৰ দু’জনেই তাবিঈ আছিল বা তাবিঈসকলৰ অনুসৰণ কৰিছিল।

[৪] মাকতূ’ হাদীছঃ যি হাদীছৰ বর্ণনা-সূত্র ঊর্ধ্ব দিশত তাবিঈ পর্য্যন্ত গৈ পাইছে অর্থাৎ, যি ছনদ-সূত্রত কোনো তাবিঈৰ কথা বা কৰ্ম বা অনুমোদন বর্ণিত হৈছে তাক মাকতূ’ হাদীছ বোলে। মাকতূ’ হাদীছ “আছাৰ” (বর্ণনা) বুলিও পৰিচিত।
উদাহৰণস্বৰীপে, মাস্‌ৰূক ইবনুল আজ্‌দা (ৰাহিমাহুল্লাহ্‌) ৰ কথাসমূহ মাকতূ’ হাদীছৰ অন্তর্ভুক্ত। তেওঁ কৈছেঃ
“আল্লাহ্‌ক ভয় কৰাৰ নিচিনাই জ্ঞানেই হল যথেষ্ট জ্ঞান আৰু নিজৰ কর্ম সম্পর্কে উচ্চ ধাৰণা পোষণ কৰাই হল যথেষ্ট মূর্খতা বা অজ্ঞতা।”
ইবনুল ছালাহ্‌ (ৰাহিমাহুল্লাহ্‌) ই কৈছেঃ
“ইমাম আল শ্বাফি’ঈ, আবুল কাছিম আল-তাবাৰানী আৰু অন্যান্যসকলৰ ভাষ্য অনুযায়ী “মাকতূ’” পৰিভাষাটোক মোৰ ওচৰত “মুনকাত” (যি হাদীছৰ বর্ণনাকাৰীসকলৰ নাম ধাৰাবাহিকভাবে সুসজ্জিত নহয় অর্থাৎ, বিঘ্নিত) পৰিভাষাটোৰ বিপৰীত বুলি ধাৰণা হৈছে।” [মুকাদ্দিমাত ইবনুল ছালাহ্‌ ফী ‘উলুম আল-হাদীছ; পৃষ্ঠা নং-২৮]

অধিক সংখ্যক মাওকূফ্‌ আৰু মাকতূ’ হাদীছ সম্বলিত গ্রন্থসমূহৰ ভিতৰত উল্লেখযোগ্য কেইটামানৰ নাম হলঃ
১. ইবনু আবি শ্বাইবানৰ আল-মুছান্নাফ্‌।
২. আবদ্‌ আল-ৰাজ্জাক আল-ছান’আনিৰ আল-মুছান্নাফ্‌।
৩. ইমাম আল-তাবাৰীৰ জামী’ আল-বাইয়ান ফী তা’বীল আই আল-কুৰ’আন।
ইয়াৰ বাহিৰেও ইবনুল মুনদ্বীৰৰ গ্রন্থসহ আৰু অন্যান্য গ্রন্থসমূহ।
হাদীছৰ বিভিন্ন শ্রেণী বিভাজন সম্পর্কে জানিব খুজিলে নিম্নোক্ত গ্রন্থসমূহৰ উল্লেখিত অংশসমূহ পঢ়িব পাৰেঃ
১. হাফিজ ইবনু হাজাৰৰ নাখতাব আল-ফিকৰ্ (পৃষ্ঠা নং-২১);
২. আল শ্বাখাওয়ীৰ ফাতাহ্‌ আল-মুগীছ (প্রথম খণ্ড, পৃষ্ঠা নং-১০৮-১১২);
৩. ড. আবদুল্লাহ্‌ আল জুদাঈৰ-তাহ্‌ৰীৰ ‘উলুম আল-হাদীছ (প্রথম খণ্ড, পৃষ্ঠা নং-২৫) আৰু
৪. ড. মাহ্‌মুদ আল-তাহহানৰ তাইছীৰ মুছতালাহ্‌ আল-হাদীছ (পৃষ্ঠা নং-৬৭)।
আল্লাহ্‌ ৰাব্বুল ‘আলামীন সকলো বিষয়ে সর্বজ্ঞ।


 By Dr. Arfan Ali

ধূমপানৰ পৰা সাৱধান – ই স্পষ্ট হাৰাম

মুফতী শায়খ মুহাম্মাদ বিন ছালেহ আল-উছাইমীন (ৰাহিমাহুল্লাহ)ক প্রশ্ন সোধা হৈছিল যে- ধূমপান আৰু হুক্কা টনা সম্পর্কে ইছলামী বিধান কি? এই বিষয়ে কুৰআন আৰু হাদীছত কোনো দলীল-প্রমাণ আছে নে নাই?
উত্তৰত তেখেতে কৈছে যে ধূমপান কৰা হাৰাম। অনুৰূপভাৱে হুক্কা টনাও হাৰাম। ধূমপান হাৰাম হোৱাৰ দলীল-প্ৰমাণ সমূহ তলত বর্ণনা কৰা হল
১. মহান আল্লাহ তাৱালাই কৈছে,"তোমালোকে তোমালোকৰ নাফছক হত্যা নকৰিবা। নিঃসন্দেহে আল্লাহ তাৱালা তোমালোকৰ প্রতি দয়ালু" (ছূৰা নিছাঃ ২৯)।
২. আল্লাহ তাৱালাই আৰু কৈছে,"তোমালোকে নিজৰ হাতেৰে নিজকে ধ্বংসত পতিত নকৰিবা"(ছূৰা বাক্বাৰাহ, ১৯৫)। চিকিৎসাশাস্ত্রই প্রমাণ কৰিছে যে, ধূমপান এক ক্ষতিকৰ বস্তু। আৰু যিবোৰ বস্তু স্বাস্থ্যৰ বাবে ক্ষতিকৰ, ইছলামী বিধানে তাক হাৰাম কৰিছে। যেনেকৈ আল্লাহ তাৱালাই কৈছে,"তোমালোকে তোমালোকৰ সম্পদ নির্বোধসকলক প্রদান নকৰিবা। যি সম্পদক আল্লাহ তাৱালাই তোমালোকৰ জীৱন-যাত্রাৰ অৱলম্বন কৰিছে"(ছূৰা নিছাঃ ৫)। উপৰোক্ত আয়াতত ধূমপায়ী নির্বোধসকলক আমাৰ সম্পদৰ পৰা প্রদান কৰিবলৈ নিষেধ কৰা হৈছে। কিয়নো তেওঁলোকে সম্পদৰ অপচয় কৰিব,আৰু বিপর্য্যয়ৰ সৃষ্টি কৰিব। গতিকে ধূমপান বা হুক্কা আদি টনাত ব্যয় কৰা যে সম্পদৰ অপচয় তাতে নিশ্চয় কাৰো দ্বিমত নাই। তাৰোপৰি ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে সম্পদ বিনষ্ট কৰিবলৈ নিষেধ কৰিছে। ধূমপানত সম্পদৰ যি অপচয় আৰু অপব্যয় হয় সেই অপব্যয়েই হৈছে সম্পদ বিনষ্ট কৰা। ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে, "তোমালোকে নিজৰ ক্ষতিসাধন নকৰিবা আৰু অইনৰো ক্ষতি সাধন নকৰিবা"। ধূমপান এনেকুৱা এক বিষয় যিটো গ্রহণৰ ফলত নিজৰ ক্ষতিৰ লগে লগে পার্শ্বৱর্তী মানুহৰ কষ্টৰ কাৰণ হৈ উঠে। তাৰোপৰি ধূমপায়ীসকলে ধূমপানৰ মাধ্যমত সম্পদ হেৰুৱাই নিজক ধ্বংসৰ পথলৈ লৈ যায় আৰু নিঃস্ব অৱস্থাত দুনিয়াত বসবাস কৰে। গতিকে যিজনে নিজকে ধূমপানত অভ্যস্ত কৰিলে, তেওঁ ধনবানৰ পৰা নিঃস্ব লৈ পৰিণত হল। (মুফতী শায়খ মুহাম্মাদ বিন ছালেহ আল-উছাইমীন ৰাহিঃ)। গতিকে কেওঁপিনৰ পৰা ধূমপান এটি ঘৃণিত কাম। ধূমপানৰ ফলত পৰিৱেশ দূষিত হয়, শৰীৰৰ পৰা দূৰ্গন্ধ ওলায়, শৰীৰৰ প্ৰতিৰোধ ক্ষমতা হ্রাস পায়, শক্তি হ্রাস পায়, অর্থৰ অপচয় হয়, সামর্থ্যক দুর্বল কৰে ইত্যাদি। বেয়া কামত অইনক সহযোগিতা কৰা হয়।
ধূমপানৰ অপকাৰিতা সম্পর্কে
১. ধূমপান এটি অপবিত্র, দুর্গন্ধময় আৰু ক্ষতিকাৰক বস্তু।
২. ধূমপান ক্যান্সাৰ, যক্ষ্ণা প্রভৃতিৰ দৰে ধ্বংসাত্মক ৰোগ সৃষ্টিৰ অন্যতম কাৰণ।
৩. ধূমপায়ীয়ে স্বয়ং নিজৰ নাফছক ধ্বংস কৰি দিয়ে।
৪. ধূমপানে নিজৰ ক্ষতিৰ লগে লগে পার্শ্বৱর্তী লোকৰো কষ্টৰ কাৰণ হৈ উঠে।
৫. ধূমপান কৰাৰ অর্থই হল নিচাদাৰ বা হাৰাম বস্তু খাই মহান আল্লাহ আৰু তেওঁৰ ৰাছূল চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ নাফৰমানী কৰা, ইচ্ছাকৃতভাৱে নিজৰ নাফছক বিভিন্ন ৰোগত আক্রান্ত হোৱাত সহযোগিতা কৰা আৰু অর্থৰ অপচয় কৰা। এইবোৰ কামৰ প্রত্যেকটোৱেই চয়তানী কামৰ অন্তর্ভুক্ত।
৬. ধূমপানকাৰীয়ে নিজে প্রকাশ্যভাৱে গোনাহ কৰি থাকে আৰু তেওঁ এই গুনাহৰ কামৰ বিস্তাৰ ঘটাই থাকে। সেইহেতু ধূমপানৰ গোনাহ ডাঙৰ ধৰণৰ গোনাহ। গতিকে ধূমপানকাৰীক অতিশীঘ্রেই তাওবা কৰা উচিত।
৭. ধূমপানকাৰী সম্পদ ধ্বংসকাৰী. যাক আল্লাহ তাৱালাই মুঠেই পছন্দ নকৰে।
৮. ধূমপানে মানুহৰ হৃদযন্ত্রক অকামিলা কৰি পেলায়। আৰু শৰীৰৰ শক্তিক দুর্বল কৰি দিয়ে।
৯. ইয়াৰ দ্বাৰা দাঁতবোৰ হালদীয়া হৈ যায়, উঠ দুটি কলা হৈ যায়, মূখমণ্ডলৰ লাৱণ্য নষ্ট হৈ যায়, দৃষ্টিশক্তি কমি যায় আৰু স্নায়ুৰ দুর্বলতাই দেখা দিয়ে ইত্যাদি।
১০.ইয়াৰ দ্বাৰা কফ আৰু বক্ষব্যাধিৰ সৃষ্টি হয়।
১১.ইয়াৰ কাৰণে যক্ষ্ণা আৰু হৃদ ৰোগ হয়। হৃদযন্ত্রৰ ক্রিয়া বন্ধ হৈ মৃত্যুও ঘটে।
১২.আহাৰৰ ৰুচি নষ্ট কৰি পেলায় আৰু হজমত ব্যাঘাত ঘটায়।
১৩. ইয়াৰ দ্বাৰা ৰক্ত চলাচল বাধাপ্রাপ্ত হয় আৰু হৃদযন্ত্রৰ স্বাভাৱিক কার্যাৱলীত গণ্ডগোলে দেখা দিয়ে।
১৪. সুৰুচিশীল লোকসকলৰ ওচৰত ধূমপান এটি অপৱিত্র আৰু ঘৃণিত বস্তু বুলি গণ্য।
১৫. ধূমপান এটি নিচাদাৰ বস্তু যা স্পষ্ট হাৰাম।
১৬. ধূমপান এক দুর্গন্ধময় বস্তু। যিসকলে চিগাৰেট নাখায় তেওঁলোকে ইয়াৰ দ্বাৰা অতি কষ্ট পায়,
আনফালে সম্মানিত ফিৰিশ্তাকুলেও অতি কষ্ট পায়।
১৭. এইটো দ্বীন.দুনিয়া আৰু আখিৰাতৰ বাবে ডাঙৰ ক্ষতিকৰ।
১৮. বর্তমান ডাঙৰ ডাঙৰ দেশবোৰে কঠোৰভাৱে ধূমপান বিৰোধী অভিযান চলাইছে। চিগাৰেটৰ পেকেটত লিখা হৈছে 'ধূমপান বিষপান', 'ধূমপান স্বাস্থৰ বাবে ক্ষতিকৰ' ইত্যাদি।
১৯. ধূমপানৰ ফলত অর্থনৈতিক সংকটে দেখা দিয়ে।
২০. ধূমপানৰ বিজ্ঞাপন যেন বলে,'আপোনাৰ ফুলদানী হওঁক ছাইদানী'।
২১. ধূমপানৰ বিজ্ঞাপন স্বাস্থ্য আৰু সম্পদ নষ্টৰ বিজ্ঞাপন।
২২. ধূমপান ইছলামী শ্বৰী'য়াত আৰু সুস্থ বিবেকৰ দৃষ্টিত হাৰাম। গতিকে ধূমপানকাৰীৰ সংগ বর্জন কৰি মহান আল্লাহৰ ওচৰত তাওবা কৰা প্ৰয়োজন।
২৩. ধূমপান কৰাৰ আগত ভাৱি চাওঁক- এইটো হাৰাম না হালাল? উপকাৰী নে ধ্বংসকাৰী? পবিত্র নে অপবিত্র? চিন্তা কৰিলে অৱশ্যেই জানিব পাৰিব যে, এইটো হাৰাম, ক্ষতিকৰ আৰু অপবিত্র।
২৪. বাহ্যিকভাৱে ধূমপানৰ মাধ্যমত সমাজৰ লোকসকলক ক্ষতিগ্রস্ত হোৱাৰ ফালে নিমন্ত্রণ জনোৱা হয়।
২৫. মুঠতে এজন ধূমপায়ী'তেওঁৰ লৰা-ছোৱালী,স্ত্রী,পিতা-মাতা,আত্মীয়-স্বজন আৰু
সুশীল সমাজৰ ওচৰত আৰু সর্বোপৰি মহান আল্লাহ আৰু তেওঁৰ ৰাছূল চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ ওচৰত অর্থ অপচয়কাৰী, বদ অভ্যাসৰ দাস আৰু হাৰাম খোৰ হিচাপে পৰিচিত।
২৬. বাস্তৱতাৰ আলোকত আমি যি দেখিবলৈ পাওঁ সেইটো হল খেতিয়ে-পথাৰে,মাঠে-ময়দানে বিভিন্ন স্থানত ৰক্ষিত বিভিন্ন ধৰণৰ শাক-পাঁচলি আৰু ফচলাদি যিবোৰ গৰু-ছাগলী, ভেড়া-মহ, হাঁহ-মুর্গী আদিয়ে নষ্ট কৰে, বা খাই পেলায়- যাৰ বাবে কৃষকসকলে সেই জন্তুবোৰৰ ক্ষয় ক্ষতিৰ হাত সাৰিবলৈ পথাৰত আৰু ঘৰত তেওঁলোকৰ শস্য ৰক্ষা কৰাৰ বাবে আগুৰি ৰখাৰ ব্যৱস্থা কৰি থাকে। এইখিনিতে লক্ষণীয় যে,পান আৰু বিড়ি-চিগাৰেটৰ ধপাত এনেকুৱা অপবিত্র আৰু ক্ষতিকাৰক বস্তু যে কোনো জীৱ-জন্তুৱে আৰু পশু-পক্ষীয়েওঁ নাখায়। আনফালে সৃষ্টিৰ শ্ৰেষ্ঠ মানুহে সেই হাৰাম আৰু অপবিত্র বস্তু খাই নিজে অর্থনৈতিক তথা শাৰীৰিক ফালৰ পৰা ক্ষতিগ্রস্ত হৈছে আৰু সর্বোপৰি ধর্মীয় অনুভূতিক ধ্বংস কৰিছে। ইয়াৰ পিছতো হে ধূমপায়ী ভাই! আপুনি জানো বিষয়টো অলপমান ভাৱি নাচাব?
২৭. ধূমপায়ীসকলৰ ভিতৰত বহুতৰেই ধাৰণা যে,টয়লেটত বহি চিগাৰেট সোপিলে পায়খানা ভাল ক্লিয়াৰ হয়। এইটো সম্পূর্ণ ভুল ধাৰণা তথা বদ অভ্যাস মাত্র। আৰু এইটো নিঃসন্দেহে চয়তানী কামৰ বাহিৰে আন একোৱেই নহয়। বাস্তৱতাৰ আলোকত দেখা যায় যে, এজন ধূমপায়ীয়ে চিগাৰেট জ্বলাই টয়লেটত সোমোৱাৰ পিছত কমপক্ষেওঁ ১০ মিনিট সময় ধৰি টয়লেট আৰু চিগাৰেট সোপাৰ কাম শেষ কৰি যেতিয়া ওলাই আহে- তেতিয়া ঘটনা ক্রমে অন্য এজন অধূমপায়ী ব্যক্তি প্রয়োজন পূৰণ কৰিবলৈ সেই টয়লেটত সেমায়েইই বিকট দুর্গন্ধৰ মাজত টয়লেটৰ কাম সমাধা কৰিবলৈ যন্ত্ৰণা ভোগ কৰিব লগা হয়। কিয়নো ধূমপায়ী সূধী মহলৰ ওচৰত প্রশ্ন যে, সেই টয়লেটত আপোনাৰ ধূমপান কৰাৰ কাৰণে উত্পন্ন হোৱা বিষাক্ত গেছত ১০ মিনিট সময় আপুনি কেনেকৈ বহি থাকে? শ্বাস প্রশ্বাসৰ মাধ্যমত সেই বিষাক্ত গেছ অৱশ্যেই আপোনাৰ শৰীৰৰ ভিতৰত প্রৱেশ কৰে- সেয়া আপোনাৰ শৰীৰৰ বাবে কিমানদূৰ কল্যাণকৰ অলপমান ভাৱি চাবনে?
২৮. খেতিয়ে-পথাৰে, মাঠে-ময়দানে, অফিচ-আদালতত, শিক্ষা প্রতিষ্ঠানত, মিল-কল-কাৰখানা তথা সকলো প্রকাৰৰ কর্মস্থলত কর্মৰত সকলৰ ভিতৰত বহুতৰেই ধাৰণা যে, ক্লান্তি -শ্রান্তি আৰু দুঃশ্চিন্তা দূৰ কৰাৰ বাবে ধূমপান অত্যন্ত উপকাৰী। ধূমপায়ীসকলৰ এই যুক্তি অগ্রহণযোগ্য। কিয়নো বাস্তৱতাৰ আলোকত ধূমপানৰ মাধ্যমত যদিও সাময়িকভাৱে কিছু উপকাৰ অনুভূত হয় বুলি ধৰি নিয়া হয়- তথাপি বিচক্ষণতাৰ দ্বাৰা বাচ-বিচাৰ কৰি চাব লাগিব যে, এই ধূমপানৰ দ্বাৰা উপকাৰ বা লাভৰ পৰিমাণ কিমান আৰ ক্ষতিৰ পৰিমাণ কিমান? ধূমপানৰ দ্বাৰা যদি ১ আনা পৰিমাণৰ উপকাৰ বা লাভ হয়- তেনেহলে বাকী ১৫ আনা পৰিমাণৰ ক্ষতি সাধিত হয়। আৰু এইকাৰণেই মদৰ বিষয়ে আল্লাহ তা'আলাই কৈছে,“মদৰ ভিতৰত মানুহৰ বাবে সামান্য পৰিমাণৰ উপকাৰ আছে- কিন্তু ক্ষতিৰ পৰিমাণ অনেকগুণ বেছি’’। সেই কাৰণে আল্লাহ তা'আলাই মদ পাণ কৰা মানুহৰ বীবে হাৰাম কৰি দিছে। কর্মৰ মাজৰ পৰা ক্লান্তি-শ্রান্তি আৰু দুশ্চিন্তা দূৰ কৰাৰ বাবে ইছলামী বিধান হল “মিছওয়াক’’ কৰা,“উযু কৰা’’ বা উযূ কৰি দুই ৰাকআত ছালাত আদায় কৰা (নামায পঢ়া), গৰম গাখীৰ আৰু চাহ পাণ কৰা বা কিবা জলপান কৰা- ইত্যাদি। গতিকে ক্লান্তি-শ্রান্তি আৰু দুশ্চিন্তা দুৰ কৰাৰ অজুহাতত আল্লাহ আৰু তেওঁৰ ৰাছূল চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ প্রদর্শিত হালাল পদ্ধতিবোৰ বাদ দি আল্লাহ আৰু তেওঁৰ ৰাছূল চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ নিষেধকৃত হাৰাম বস্তুবোৰ খোৱা, কেনেকুৱা ধৰণৰ ঘৃণিত আৰু পাপৰ কাম হব পাৰে? এবাৰ ভাৱি চাবনে? প্রকাশ থাকিল যে, পানৰ লগত যিবোৰ জর্দা, বা কেঁচা ধপাত খোৱা হয়, বা ধপাতেৰে তৈয়াৰ কৰা গুল ব্যৱহাৰ কৰা হয় এই আটাইবোৰেই নিচাজাতীয় হয় আৰু খোৱা বা ব্যৱহাৰ কৰা হাৰাম। কিয়নো বাস্তৱত দেখা গৈছে যে, এজন পানৰ লগত ধপাত খোৱাত অভ্যস্তলোকে যদি ঘটনা ক্রমে ধপাতৰ পৰিমাণ অলপ বেছি মুখত দিয়ে তেনেহলে অৱশ্যেই তেওঁ মূৰঘুৰাই পৰি যাব। গতিকে এই নিচাজাতীয় দ্ৰব্যবোৰ খোৱা আৰু ব্যৱহাৰ কৰা হাৰাম। ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে,“প্রত্যেক নিচাদাৰ বস্তুই হল মদ, আৰ প্রত্যেক নিচাদাৰ বস্তুই হল হাৰাম’’ (মুছলিম)। ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে আৰু কৈছে,“যি বস্তুই বেছি পৰিমাণে নিচাৰ সৃষ্টি কৰে তাৰ কম পৰিমাণো হাৰাম" (আহমাদ)।
২৯. ইছলামী শ্বৰীয়াতত যিবোৰ বস্তু খাবলৈ,পাণ কৰিবলৈ আৰু ব্যৱহাৰ কৰিবলৈ নিষেধ কৰা হৈছে- সেইবোৰ বস্তুৰ মূল্য গ্রহণ কৰা আৰু সেইবোৰ বস্তুৰ ব্যৱসায় কৰাও হাৰাম। গতিকে বিড়ি, চিগাৰেট আৰু পাণৰ ধপাত আৰু জর্দা এই জাতীয় বস্তুবোৰ বিক্রি কৰাওঁ হাৰামৰ ভিতৰত গণ্য। গতিকে সাৱধান! পৰিশেষত ধূমপানকাৰীৰ ওচৰত আকুল আবেদন থাকিব এই বুলি যে,আপুনি এজন মুছলমান আৰু যি কোনো মুহূর্তত আপোনাৰ মৃত্যুঘন্টা বাজি উঠিব পাৰে,আৰু মৃত্যুৰ পিছত আপোনাৰ গোটেই জীৱনৰ প্ৰত্যেক কর্মৰ হিচাপ মহান আল্লাহৰ দৰবাৰত দিব লাগিব। নিশ্চয় উপৰোক্ত লিখনিৰ পৰা কোনেওঁ কমপক্ষেওঁ এই যুক্তি আগবঢ়াব নোৱাৰে যে ক্বুৰআন হাদীছততো ধূমপান নিষেধ কৰা নাই বুলি! তাৰ পিছত কোনোবাই নষ্ট মস্তিষ্কৰ পৰা নিৰ্বোধলোকক পথভ্ৰষ্টকৰে এইবুলি যে ধূমপান মাকৰুহ। এতিয়া চাওঁক তেওঁৰ যুক্তিৰেই যদি চোৱা হয় তথাপি -মাকৰুহ শব্দটো আহিছে আৰবী কাৰিহা শব্দৰ পৰা। যাৰ অৰ্থ অপছন্দনীয়। কাৰ অপছন্দনীয়? আল্লাহৰ আৰু আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ। তেনেহলে জনাব ধৰ্মানুৰাগীজন মানে ভাল মানুহ। আল্লাহ আৰু ৰাছূল চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ ভালপোৱাৰ দাবীদাৰ। গতিকে তেওঁৰ মূখত আল্লাহ আৰু ৰাছূল চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ অপছন্দনীয় এই নিকৃষ্ট ধূমপান সামগ্ৰী শোভানো পায় কেনেকৈ? যত কেঁচা পিয়াজ আৰু নহৰু খাই মাছজিদত যাবলৈ নিষেধ কৰা হৈছে (ছহীহ মুছলিম) কিয়নো সেই দুবিধ বস্তু খাই অহা মানুহৰ মূখৰ গোন্ধই ফিৰিস্তাসকলক বিৰক্ত কৰে। এতিয়া আপুনি নিজে চিন্তা কৰক চাধা, বিড়ি, চিগাৰেট, জৰ্দা, গোটখা, ধপাত খাই তাৰ ভেকেটা-ভেকেট গোন্ধ লৈ আপুনি কাক সন্তুষ্ট কৰিব বিচাৰিছে। আপোনাৰ এই অপবিত্ৰ মূখেৰে পবিত্ৰ আল্লাহক মাতি জান্নাত পাব বিচাৰিছে? হাদীছত কৈছে আল্লাহ পবিত্ৰ আৰু পবিত্ৰ বস্তুৰ বাহিৰে আল্লাহ তাৱালাই একো গ্ৰহণ নকৰে। এতিয়া আপুনি যিহেতু পৰিষ্কাৰভাৱে জানিব পাৰিলে যে, ধূমপান ক্ষতিকৰ আৰু হাৰাম, গতিকে নিজৰ দুষ্ট মত প্ৰতিষ্ঠা কৰিবলৈ ক্বুৰআন আৰু হাদীছত কতো মানা কৰা নাই বুলি সাধাৰণ মানুহক এই হাৰাম কামৰ প্ৰতি ধাৱিত নকৰাটোহে প্ৰকৃত হিতৰ কাম হব। কাৰণ এনে আল্লাহ তথা ৰাছূল চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ নামত মিছাহে কোৱা হব। ৰাছূলুল্লাহ ছাল্লাল্লাহু আলাইহি ওৱা ছাল্লামে কৈছে: যিজনে ইচ্ছাকৃতভাৱে মোৰ ওপৰত মিছা আৰোপ কৰিলে (তেখেতৰ নামত যি কোনো কথা সাঙুৰি বা লগাই দিয়া ইয়াৰ অন্তর্ভুক্ত) তেওঁ যেন জাহান্নামত নিজৰ বাবে স্থান তৈয়াৰ কৰি নিলে। (বুখাৰী,মুছলিম,আবু দাউদ,তিৰমিজি,নাছায়ী,ইবনে মাজাহ,ইবনে আবি শায়বা,মুছনাদে আহমাদ,দাৰেমী,ইবনে হিব্বান,তাবাৰানী)। গতিকে অকাট্যভাৱে ছহীহ বুলি প্ৰমাণ নকৰালৈকে এনেই কাৰোবাৰ পৰা শুনি বা যিকোনো কিতাপ এখনত পঢ়ি এইটো হাদীছ অৰ্থাত্ ৰাছূলুল্লাহ ছাল্লাল্লাহু আলাইহি ওৱা ছাল্লামৰ কথা বুলি কৈ ফুৰাটো এক জঘন্য অপৰাধ আৰু তেখেতৰ অৱমাননা। প্ৰণিধানযোগ্য যে নাবীক (ছাল্লাল্লাহু আলাইহি ওৱা ছাল্লাম) অপমান কৰি কোনোবাই জান্নাত ক্ৰয় কৰিব বিচৰাটো নিশ্চয় ভুল সিদ্ধান্ত। কোনো কথা বা হাদীছ জাল বা মিছা বুলি জনাৰ লগে লগে তাক পৰিহাৰ কৰাটো বাধ্যতামূলক আৰু সেইবোৰ কোৱা, প্রচাৰ কৰা বা পালন কৰা হাৰাম। জাল হাদীছবোৰ চিহ্নিত কৰা আৰু এইবোৰৰ ফান্দৰ পৰা সমাজক ৰক্ষা কৰা আমাৰ বাবে অৱশ্য কর্তব্য। এতিয়া ধূমপানৰ বিষয়ে এই বিশদ আৰু সুস্পষ্ট ধাৰণা পোৱাৰ লগে লগে এজন মুমিনৰ বাবে যিজনে আল্লাহ, তেওঁৰ ৰাছূল (ছাল্লাল্লাহু আলাইহি ওৱা ছাল্লাম) আৰু আখিৰাতৰ প্ৰতি বিশ্বাস ৰাখে সেইজনৰ কর্তব্য হলঃ ধূমপানৰ পৰা তাওবা কৰা।
১. আল্লাহৰ উদ্দেশ্যে ধূমপানক ঘৃণা কৰা।
২. ধূমপান বর্জনৰ দৃঢ় সংকল্প কৰা।
৩. চিগাৰেটৰ পৰিৱর্তে দাঁতন-মিছওৱাক অথবা অন্য কোনো হালাল আৰু পবিত্র দ্রব্য ব্যৱহাৰ কৰা।
৪. ধূমপায়ীসকলৰ সমাবেশৰ পৰা আতৰত থকা।
আহক আমি চিৰদিনৰ বাবে ধূমপান বর্জন কৰাৰ মানসেৰে সর্বশক্তিমান মহান আল্লাহ্‌ৰ ওচৰত সাহায্য খোঁজো, আৰু প্রার্থনা কৰো- হে আল্লাহ্‌! ধূমপানৰ প্রতি আমাৰ অন্তৰত ঘৃণাৰ সৃষ্টি কৰি দিয়ক আৰু ইয়াৰ পৰা বচাৰ তাওফিক দিয়ক আমীন

By Dr. Arfan Ali

Tuesday, June 30, 2015

ছিয়াম (ৰোজা) পালনকাৰীক আল্লাহ তা‘আলাই কি আল্লাহ তা‘আলাই কি পুৰস্কাৰ ও প্রতিদান দিব ?



ছিয়াম (ৰোজা) পালনকাৰীক যিসকলো পুৰস্কাৰ ও প্রতিদান আল্লাহ তা'আলাই দিব তাৰ অংশ বিশেষ তলত উল্লেখ কৰা হ'লঃ


[১] আল্লাহে স্বয়ং নিজে ছিয়ামৰ প্রতিদান দিব-

হাদীছে কুদছীতত আছে, আল্লাহ তা‘আলাই কৈছেঃ

كُلُّ عَمَلِ بَنِىْ آَدَمَ لَهُ إِلاَّ الصِّيَامَ فَإِنَّهُ لِيْ وَأَنَا أَجْزِئ بِهِ

‘‘মানুহৰ প্রতিটো ভাল কাম নিজৰ বাবে হৈ থাকে, কিন্তু ছিয়াম একমাত্র মোৰ বাবে, সেয়ে আমি নিজেই ইয়াৰ প্রতিদান দিম। (বুখাৰীঃ ১৯০৪)


[২] ছিয়াম অতি উত্তম নেক আমল-
আবূ হুৰাইৰাহ ছল্লাল্লাহু আলাইহি ওয়াছাল্লাম’ৰ এটি হাদীছত তেখেতে কৈছেঃ

يَا رَسُوْلَ اللهِ مُرْنِيْ بِعَمَلٍ، قَالَ عَلَيْكَ بِالصَّوْمِ فَإِنَّهُ لاَ عَدْلَ لَهُ

‘‘হে ৰাছূলুল্লাহ ছাল্লাল্লাহু আলাইহি ওয়াছাল্লাম! মোক এটি অতি উত্তম নেক আমলৰ নির্দেশ দিয়ক। ৰাছূলুল্লাহ ছাল্লাল্লাহু আলাইহি ওয়াছাল্লামে কলে, তুমি ছিয়াম পালন কৰা। কিয়নো ইয়াৰ সমমর্যাদা সম্পন্ন কোনো আমল নাই।’’ (নাছাঈঃ ২২২২)

অন্যান্য ইবাদত মানুহে দেখিবলৈ পায়। কিন্তু ছিয়ামৰ মাজত সেইটো নাই। লোকক দেখুৱাৰ কোনো আলামত ছিয়াম পালনত নাথাকে। মাত্ৰ আল্লাহক সুখি কৰাৰ বাবে কৰা হয়। সেয়ে এই ইবাদতৰ মাজত আছে বিশুদ্ধ ইখলাছ।

হাদীছে কুদছীত আল্লাহ তা‘আলায়ে কৈছে,

يَدَعُ شَهْوَتَهُ وَطَعَامَهُ مِنْ أَجْلِيْ

‘‘ছিয়াম পালনকাৰী একমাত্র মোক সুখি কৰাৰ বাবেই পানাহাৰ ও যৌন উপভোগ পৰিহাৰ কৰে।’ (১৮৯৪)

[৩] ক)- জান্নাত লাভ সহজ হৈ যাব-

ছহীহ ইবনু হিববান কিতাবত আছে আবূ উমামা ৰাছূলুল্লাহ ছাল্লাল্লাহু আলাইহি ওয়াছাল্লামক সুধিলেঃ

يَا رَسُوْلَ اللهِ دُلُّنِيْ عَلَى عَمَلٍ أَدْخُلُ بِهِ الْجَنَّةَ قَالَ عَلَيْكَ بِالصَّوْمِ فَإِنَّهُ لاَ مِثْلَ لَهُ

আবূ উমামা ৰাদিয়াল্লাহু আনহুয়ে কয়, হে আল্লাহৰ ৰাছূল ! মোক এনেকুৱা এটি আমলৰ কথা কওঁক যাৰ কাৰণে মই জান্নাতত যাব পাৰো। তেখেতে কলে, তুমি ছিয়াম পালন কৰা। কিয়নো ইয়াৰ সমমর্যাদা সম্পন্ন কোনো ইবাদাত নাই। (নাছাঈ : ২২২১)

খ). ছিয়াম পালনকাৰীকে বিনা হিচাপত প্রতিদান দিয়া হয়-

অন্যান্য ইবাদতৰ প্রতিদান আল্লাহ তা‘আলায়ে তাৰ দয়াৰ বদৌলতত ১০ ৰ পৰা ৭০০ গুণ পর্যন্ত বঢাই দিয়ে। কিন্তু ছিয়ামৰ প্রতিদান ও তাৰ চাওয়াব ইয়াতকৈও বেহিচাপ সংখ্যা দি গুণ দি বঢাই দিয়া হ'ব। হাদীছে কুদছীত আল্লাহে কৈছে,

كُلُّ عَمَلِ ابْنِ آدَمَ يُضَاعَفُ الْحَسَنَةُ بِعَشْرِ أَمْثَالِهَا إِلَى سَبْعِ مِائَةِ ضِعْفٍ قَالَ اللهُ عَزَّ وَجَلَّ (إِلاَّ الصَّوْمَ فَإِنَّهُ لِيْ وَأَنَا أَجْزِي بِهِ(

‘‘মানব সন্তানৰ প্রতিটো নেক আমলৰ প্রতিদান দশৰ পৰা সাতশ গুণ লৈকে বৃদ্ধি কৰা হৈ থাকে। আল্লাহ তা‘আলায়ে কৈছে, কিন্তু ছিয়ামৰ বিষয়টো ভিন্ন। কয়নো ছিয়াম একমাত্র মোৰ বাবে, ময়েই ইয়াৰ প্রতিদান দিম। (মুছলিমঃ ১১৫১)

অর্থাৎ কি পৰিমাণ সংখ্যা দি গুণ কৰি ইয়াৰ প্রতিদান বঢাই দিয়া হ'ব ইয়াৰ কোনো হিচাপ নাই, একমাত্র আল্লাহেই জানে ছিয়ামৰ পুণ্যেৰ ভান্ডাৰ কিমান সুবিশাল হ'ব।

[৪] জাহান্নামৰ পৰা মুক্তি পোৱাৰ বাবে ছিয়াম ঢাল স্বৰূপ-

ৰাছূলুল্লাহ ছাল্লাল্লাহু আলাইহি ওয়াছাল্লামে কৈছেঃ

اَلصِّيَامُ جُنَّةٌ يَسْتَجِنُّ بِهَا الْعَبْدُ مِنَ النَّارِ

‘‘ছিয়াম ঢাল স্বৰূপ। ইয়াৰ দ্বাৰা বান্দা তাৰ নিজক জাহান্নামৰ জুইৰ পৰা ৰক্ষা কৰিব পাৰা।’’ (আহমাদ : ১৫২৯৯)

[৫] জাহান্নামৰ পৰা বঁচাৰ বাবে ছিয়াম এটি মজবুত দূর্গ-

হাদীছত আছে,

اَلصِّيَامُ جُنَّةٌ وَحِصْنُ حَصِيْنٌ مِنَ النَّارِ

‘‘ছিয়াম ঢালস্বৰূপ আৰু জাহান্নাম পৰা বঁচাৰ এক মজবুত দূর্গ।’’ (আহমাদ : ৯২২৫)

৬. কোনোৱে যদি একমাত্ৰ আল্লাহক খুছী কৰাৰ কাৰণে এদিন সিয়াম (ৰোজা) ৰাখে আল্লাহে তাক জাহান্নামৰ জুইৰ পৰা সত্তৰ বছৰৰ ৰাস্তাৰ পৰিমান দুৰবৰ্তী স্থানত ৰাখিব ।
(বুখাৰী ২৮৪০, মুছলিম ১১৫৩)

৭. ইফতাৰৰ মহূৰ্তত আল্লাহে বহু লোকক জাহান্নামৰ পৰা মুক্তি দিয়ে । মুক্তিৰ এই প্ৰক্ৰিয়া ৰমজানৰ প্ৰত্যেক ৰাতিয়েই চলি থাকে । (আহমদ ৫/২৫৬)


৮. সিয়াম (ৰোজা ) ৰখা ব্যক্তিৰ মুখৰ গোন্ধ আল্লাহৰ ওচৰত মেশ্কেৰ সুগন্ধিতকৈয়ো উত্তম ।

ৰাছুলুল্লাহ (ছ) য়ে কৈছে যাৰ হাতত মোৰ প্ৰাণ আছে সেই সত্তাৰ শপথ, সিয়াম (ৰোজা) ৰখা ব্যক্তিৰ মুখৰ গোন্ধ আল্লাহৰ ওচৰত মেশ্কেৰ সুগন্ধিতকৈয়ো উত্তম ।
(বুখাৰী ১৯০4, মুছলিম ১১৫১)

9. ৰাছুলুল্লাহ (ছ) য়ে কৈছে সিয়াম (ৰোজা) ৰখা ব্যক্তিৰ কাৰণে দুটা বিশেষ আনন্দৰ মহূৰ্ত আছে ।
(ক) ইফতাৰৰ সময়
(খ) আল্লাহৰ লগত সাক্ষাতৰ সময় ।
(বুখাৰী ৭৪৯২, মুছলিম ১১৫১

১০. ৰোজাই কিয়ামতৰ দিনা আল্লাহৰ ওচৰত চুপাৰিছ কৰিব, যে হে মোৰ ৰব, মই দিনৰ সময়ত তাক (ৰোজা ৰখা ব্যক্তিক) পানাহাৰ আৰু যৌনতাৰ পৰা বিৰত ৰাখিছো । হে মোৰ ৰব সেইকাৰণে ইয়াৰ বাবে তুমি মোৰ চুপাৰিছ কবুল কৰা ।

থিক তেনেদৰে কোৰআণেও কব, হে মোৰ ৰব মোক পঢ়াৰ কাৰণে মই তাক ৰাতি টুপনিৰ পৰা বিৰত ৰাখিছিলো । হে মোৰ ৰব সেইকাৰণে ইয়াৰ বাবে তুমি মোৰ চুপাৰিছ কবুল কৰা ।
ৰাছুলুল্লাহ (ছ) য়ে কৈছে, তাৰ পিচত সিহতৰ চুপাৰিছ আল্লাহে কবুল কৰিব ৷
(আহমদ ২/১৭৪)

[১১] ছিয়াম হল গুনাহৰ (পাপৰ) কাফফাৰা ৷
(ক) আল্লাহ তাআলাই কৈছে,
নিশ্চয় নেক আমলে পাপবোৰ দূৰ কৰি দিয়ে।
(ছুৰা হুদ ১১৪)

[খ] নবী (ছ) য়ে কৈছে যে ,পৰিবাৰ পৰিজন, ধন-সম্পদ আৰু প্রতিবেশিসকলক লৈ জীবন ধাৰণা কৰাৰ পথত যিবোৰ গুনাহ মানুহৰ হৈ যায় সেইবোৰ গুনাহক ছালাত, ছিয়াম আৰু দান খাইৰাতে মুছি পেলাই ।
(বুখাৰী ঃ ৫২৫; মুসলিম ঃ১৪৪)

[১২] ছিয়াম পালনকাৰীৰ এক ৰমযানৰ পৰা পৰবর্তী ৰমাযানৰ মধ্যবর্তী সময়ত হৈ যোৱা ছগীৰা গুনাহবোৰক আল্লাহে মাফ কৰি দিয়ে ।

(ক) আল্লাহ তাআলাই কৈছে যে,

‘‘তোমালোকে যদি নিষিদ্ধ কবীৰা গুনাহৰ পৰা বিৰত থকা তেনেহলে তোমাৰ ছগীৰা গুনাহবোৰ ক্ষমা কৰি দিয়া হব আৰু (জান্নাতত) তোমাক সম্মানজনক স্থানত প্রবেশ কৰোৱা হব । (ছূৰা নিছা ঃ ৩১)

(খ) ৰাছূলুল্লাহ (ছ) য়ে কৈছে যে,

পাঁচ ওয়াক্ত ছালাতৰ (নামাজৰ) মধ্যবর্তী সময় আৰু এক জুম্মাৰ পৰা পৰৱৰ্তী জুম্মালৈ আৰু এক ৰমযানৰ পৰা পৰৱৰ্তী ৰমযানলৈ মাজত হোৱা ছগীৰা গুনাহবোৰক (উল্লেখিত ইবাদতৰ) কাফ্ফাৰা স্বৰূপে মাফ দিয়া হব, যদি তেও কবীৰা গুনাহৰ পৰা বাচি থাকিব পাৰে ৷
(মুছলিম ঃ ২৩৩)

[১৩] ছিয়াম পালনকাৰীৰ পূর্বৰ গুনাহ মাফ কৰি দিয়া হয়।
নবীজি ছাল্লাল্লাহু আলাইহি ওয়াছাল্লামে কৈছে, যি ব্যক্তিয়ে ঈমান আনি ছোৱাব অর্জনৰ আশাত ৰমযানৰ গোটেই কেইটা ছিয়াম পালন কৰিব, তাৰ অতীতৰ সকলো গুনাহ মাফ কৰি দিয়া হব ৷
(বুখাৰীঃ ৩৮; মুছলিমঃ ৭৬৯)

[১৪] ছিয়াম যৌনপ্রবৃত্তি নিয়ন্ত্রণত ৰাখে ৷
ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ওয়াছাল্লামে কৈছে,
হে যুবক সকল ! তোমালোকৰ মাজত যাৰ সমর্থ আছে তেও যেন বিবাহ কৰাই । কিয়নো বিবাহে দৃষ্টি আৰু লজ্জাস্থান হেফাযত কৰি ৰাখে ।
আৰু যি ব্যক্তিৰ বিবাহৰ সামর্থ নাই তেও যেন যেন ছিয়াম পালন কৰে। কাৰণ এইটো তাৰ কাৰণে নিবৃতকাৰী। (অর্থাৎ ছিয়াম পালন যৌন প্রবৃত্তি নিবৃত কৰি ৰাখে)
(বুখাৰীঃ ১৯০৫; মুছলিমঃ ১৪০০)

[১৫] ছিয়াম পালনকাৰী সকল ৰাইয়ান নামৰ বিশেষ এখন দৰ্জাৰে জান্নাতত প্রবেশ কৰিব।
জান্নাতত এখন দৰ্জা আছে যাৰ নাম ৰাইয়্যান। কিয়ামতৰ দিনা কেবল ছিয়ামপালনকাৰী সকলেই সেই দৰ্জাৰে প্রবেশ কৰিব। সিহতৰ বাহিৰে অন্য কোনেও সেই দৰজাৰে প্রবেশ কৰিব নোৱাৰিব। সেইদিনা ঘোষণা কৰা হব, ছিয়াম পালনকাৰীসকল কত ?(ৰোজা ৰখা সকল কত) তেতিয়া সিহতে থিয় হৈ যাব সেই দৰজাৰে প্রবেশ কৰাৰ কাৰণে।
সিহত প্রবেশ কৰাৰ পাছত সেই দৰ্জাখন বন্ধ কৰি দিয়া হব ৷ ফলত সিহত ব্যতীত অন্য কেনেও সেইখন দৰ্জাৰে জান্নাত প্ৰবেশ কৰিব নোৱাৰিব ৷
(বুখাৰী ১৮৯৬, মুছলিম ১১৫২)