assalamu alaikum warahmatullah

assalamu alaikum warahmatullah all visitors

Friday, March 18, 2016

ছালাতৰ (নামাজৰ) গুৰুত্ব কিমান? ছালাত পৰিত্যাগকাৰী জান্নাতত যাবনে?


মুছলমান হিচাপে কলিমা পঢ়াৰ পিছতে ছালাতৰ স্থান । ছালাত হ’ল ইবাদত সমূহৰ ভিতৰত উত্তম ইবাদত, দৈনিক পাঁচবাৰ ছালাত আদায় কৰাটো ফৰজ । ছালাতৰ গুৰুত্ব এনে ধৰণৰ –

১) ছালাত ইছলামৰ প্ৰধান স্তম্ভ (আহমাদ্, তিৰমিজী, ইবনু মাজাহ্, মিছকাত হা/২৯) যাৰ অবিহনে ইছলাম বৰ্তি নাথাকে ।

২) ছালাতৰ গুৰুত্ব ইমানেই বেচি যে ৭ বছৰ বয়সৰ পৰা ছালাত আদায়ৰ অভ্যাস কৰিব কৈছে (আবু দাউদ হা/২৪৭, মিছকাত হা/৫৭২ ‘’ছালাত’ অধ্যায় – ৪, পৰিচ্ছদ – ২) ।

৩) মিৰাজৰ ৰাতি ফৰজ হোৱা ছালাত হ’ল শ্ৰেষ্ঠতম ইবাদত (মুত্তাফাক্ব আলাইহ, মিছকাত হা/৫৮৬২-৬৫ ‘ফাযায়েল ও চামায়েল্’ অধ্যায় -২৯, মিৰাজ অনুচ্ছেদ)

Monday, March 7, 2016

বৰপেটা ৰোডৰ নামধাৰী ইছলামিক ক্লাব সম্পৰ্কে কিছু সত্য




বৰপেটা ৰোডৰ নামধাৰী ইছলামিক ক্লাব সম্পৰ্কে কিছু সত্য-

যদিও ক্লাবখন ইছলামৰ নামত আৰম্ভ কৰা হৈছিল,  ইয়াত বহু অনা ইছলামী কৰ্ম হোৱা দেখা যায় । তাৰে ভিতৰত প্ৰধান, এই ক্লাবৰ পৰা লটাৰি খেল অনুষ্ঠিত কৰা হয়, যিটো ইছলামত একেবাৰেই হাৰাম । 

যোৱা 22-12-15 তাৰিখত এই ক্লাবৰ পৰা অনুষ্ঠিত হ'ল এখন বিশেষ সংগীত প্ৰোগৰাম । যত উপস্থিত আছিল হাজাৰ হাজাৰ যুৱক-যুবতি, পুৰুষ মহিলা । ইয়াত বহু মানুহে যিনাত লিপ্ত হ'ল আৰু সকলোৱে আনন্দৰে এইবোৰ উপভোগ কৰিলে । যিনাৰ অৰ্থ হল-
ৰাছূলুল্লাহ (ছাঃ) য়ে কৈছেঃ “কোনো বেগানা নাৰীৰ প্রতি দৃষ্টি দিয়া চকুৰ যিনা, অশ্লীল কথাবার্তা কোৱা জিভাৰ যিনা, অবৈধ ভাবে কাৰোবাক স্পর্শ কৰা হাতৰ যিনা, ব্যাভিচাৰৰ উদ্দেশ্যে খোঁজ কাঢ়ি যোৱা ভৰিৰ যিনা, বেয়া কথা শুনা কাণৰ যিনা আৰু যিনাৰ কল্পণা কৰা আৰু আকাংক্ষা কৰা অন্তৰৰ যিনা । ফলত লজ্জাস্থানক পূর্ণতা কৰি দিয়ে অথবা অসম্পূর্ণ ৰাখি দিয়ে”।
(ছহীহ আল-বুখাৰী) 

হাদিছৰ পৰা স্পষ্ট হ'ল যে তেওঁঁলোকে আছিল যিনাৰ আহ্বানকাৰী । এই মানুহবোৰ যে এনে কু‍-কৰ্মত লিপ্ত হল তাৰে বাবে আটাইতকৈ বেছি দায়ী এই ইছলামীক ক্লাবৰ লগত জড়িত এই নামধাৰী মুছলিম সকল । এনে ধৰণৰ নামধাৰী মুছলিম সকলে ইচলামৰ যিটো ক্ষতি কৰিছে তেনেকুৱা ক্ষতি অমুছলিম সকলেও কৰা নাই । অমুছলিম সকলে খুব বেছি আমাৰ ইহকাল ধ্বংস কৰিব পাৰিব কিন্তু এই সকলে আমাৰ পৰকাল ধ্বংস কৰি আছে । 

যোৱা ‌‌‌11-12-15 তাৰিখে জুমাৰ নামাজ শেষ হোৱাৰ পাছত এজন আলিমে ৰাজহুৱা ভাবে মছজিদৰ ভিতৰত উক্ত সংগীত প্ৰোগৰামটোৰ বিৰোধিতা কৰিছিল । কিন্তু উপযুক্ত সমৰ্থকৰ অভাৱত তেখেতৰ সেই বিৰোধিতা কামত নাহিল । পিছত সেই নামধাৰী ইছলামিক ক্লাৱৰ সদস্য সকলে সেই আলিম জনক প্ৰত্যক্ষভাবে আক্ৰমন কৰিছিল । আলিম জনক এই বিষয়ে চুপ থাকিবলৈ ভাবুকিও দিছিল । লগতে ক্লাবৰ আন এজন সদস্যই আলিম জনক কৈছিল যে -, 'আপুনি ‍‍10 লাখ টকা প্ৰস্তুত কৰি ৰাখক ।  কাৰণ আপোনাৰ ৰাজহুৱা বক্তব্যৰ বাবে যদি আমাৰ ক্লাবৰ লোকচান হয়, তেনেহলে আপুনি আমাক 10 লাখ টকা জৰিমনা দিব লাগিব"। 

আমি বুজিব পৰা নাই যে জনগনক যিনাৰ ফালে ঠেলি দি হাৰাম টকা উপাৰ্জন কৰি তেওঁলোকে কোনটো শুভ কামটো কৰিব ?
এনে মানুহৰ বাবেই কোৰআনৰ এটা আয়াত-

"আল্লাহ তাআলাই পঠোৱা বাণী যিসকলে গোপন কৰে,  আৰু তাৰ বিনিময়ত পাৰ্থিৱ জীৱনৰ সামান্য মূল্য গ্ৰহন কৰে, সিহতে নিজৰ পেটত জুইৰ বাহিৰে আন একোকে গিলি নথয়; আৰু আল্লাহ তাআলাই কিয়ামতৰ দিনা সিহঁতৰ লগত কোনো কথা নকব আৰু সিহতক পাপৰ পৰা মুক্তও নকৰিব;  আৰু সিহঁতৰ কাৰণে আছে কঠোৰ শাস্তি । 
 [আল-বাক্বাৰাহ ১৭৪]

ইচলামত যে গান বাজনা হাৰাম হয়তো এই নুন্যতম জ্ঞানখিনিও তথাকথিত  ইছলামিক ক্লাবৰ কমিটিৰ লোকসকলৰ নাই । আমি বুজি পৰা নাই যে কোন জ্ঞানৰ ওপৰত ভিত্তি কৰি এওঁলোকে ইছলামিক ক্লাব নিৰ্মান কৰিল । 

দুঃখৰ বিষয় হল, ইহঁতেই বৰপেটা ৰাড জামে মছজিদৰ কমিটিৰ স্থান দখল কৰি বহি আছে ।  সেই আলিম জনে মছজিদৰ ভিতৰত ইছলামিক ক্নাবত হোৱা গান-বাজনাৰ বিৰোধিতা কৰাৰ কাৰণে ক্লাবৰ সদস্য সকলে নতুনকৈ আইন ৰচনা কৰিল যে সেই সংগীত পাৰ্টিৰ পৰা অনুমতি নোলোৱাকৈ এতিয়াৰ পৰা মছজিদত কোনেওঁ বক্তব্য দিব নোৱাৰিব । অৰ্থাত এতিয়াৰ পৰা সংগীত পাৰ্টিয়ে অনুমতি নিদিলে মছজিদত আল্লাহৰ দ্বীনৰ কথাও কব নোৱাৰিব । নাওজুবিল্লাহ । ইয়াতকৈ বেছি দুঃখৰ কথা আৰু কি হব পাৰে ।
এওঁলোকৰ বাবে কোৰআনৰ আন এটা আয়াত-

ছুৰা বাকাৰাৰ ৮৫ নং আয়াতত আছে “তেনেহঁলে কি তোমালোকে কিতাপৰ কিছু অংশ বিশ্বাস কৰা আৰু কিছু অংশ অমান্য কৰা ? তেনেহঁলে তোমালোকৰ ভিতৰত যি সকলে এনেকুৱা কাম কৰে সিহঁতে এই পাৰ্থিৱ জীৱনত কলংকৰ বাহিৰে আৰু কি পুৰুস্কাৰ পাব পাৰে ? আৰু কিয়ামতৰ দিনা সিহঁতক  দিয়া হব অতি কঠোৰ শাস্তি । 

সিহতে ভাবি আছে, পাশ্চাত্যৰ ‘উন্নত’ জাতিবোৰ ধর্মৰ পৰা দুৰত থাকি কিমান আনন্দেৰে জীৱন যাপন কৰি আছে,  জীৱনত কিমান স্বাধীনতা উপভোগ কৰি আছে: প্রতিদিন বিভিন্ন ধৰণৰ মদ পান কৰি আছে, সকলোৱে হোটেলত যাই জুয়া খেলি আছে, চুইমিং পুলত সাঁতুৰি আছে; ইচ্ছামতে সুন্দৰ কাপোৰ পৰিধান কৰিছে, বন্ধু বান্ধৱৰ সৈতে নাচগান কৰিছে - জীবনত কিমান যে ৰং ধেমালি কৰি আছে সিহঁতে । 
তেওঁলোকে ভাবি আছে,  গতিকে আমিও ধৰ্ম এৰি এইবোৰ কৰি চাও । 
এই সম্পৰ্কে হাদিছত আছে, 
আবু হুৰাইৰা (ৰাঃ) ৰ পৰা বর্ণিত, নবী চাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে,  মানুহে তাৰ দীনক বিক্রি কৰি দিব দুনিয়াৰ সামান্য বিনিময়ত ।
ছহিহ মুছলিম:১৭৩

ইছলামিক ক্লাবেও যেন সামান্য টকাৰ লোভত দ্বীনক বিক্ৰি কৰি দিছে । 
আমি বর্তমান ফিতনাৰ সেই অন্ধকাৰত বাস কৰি আছো, যত আমাৰ চাৰিওফালে ঘোৰ অন্ধকাৰ, মূর্খতাৰ অন্ধকাৰ, কুসংস্কাৰৰ অন্ধকাৰ, বিদআতৰ অন্ধকাৰ, শ্বিৰ্কৰ অন্ধকাৰ । 
বৰ্তমান সময়ত সঠিক পথ বিচাৰি পোৱা খুবেই  টান । বিশেষকৈ ইহুদি-খৃষ্টান আৰু কাফেৰ সকলৰ সংস্কৃতিয়ে আমাক আবদ্ধ কৰি ৰাখিছে সঠিক পথৰ পৰা । মুছলমান সকলেও সিহঁতৰ উৎসৱ, সংস্কৃতি আৰু ধর্মীয় অনুষ্ঠানবোৰ উপভোগ কৰে, তাতে যোগ দিয়ে আৰু আনন্দ উপভোগ কৰে। 
কাফিৰ সকলে যি কৰিছে সেইটোয়ে মুছলিম সকলে কৰি আছে । ভাল-বেয়া, বৈধ-অবৈধ ভাবি চোৱাৰ সময় নাই । মুছলিম সকলে ইছলামৰ পৰা দূৰত গৈ আছে আৰু পাহৰি গৈছে ইছলামী আদর্শ, নবীৰ আদৰ্শ ।

আৰু এটা কথা মন কৰিব যে, এই কথাবোৰ আমি নিজে বনোৱা কথা নহয়, কোৰআন হাদিছত লিখা আছে ।  আপুনি যদি নিজেকে মুছলিম বুলি দাবী কৰে তেনেহলে এইবোৰ মানিব লাগিব । নিজকে নামত মুছলিম বুলি পৰিচয় দিলে লাভ নহব ।

এতিয়া প্ৰশ্ন হল ইছলামত গান বাজনাৰ অনুমতি আছেনে? 

গান-বাজনা হাৰাম হোৱা সম্পর্কিত কুৰআনৰ আয়াত হৈছেঃ  
আল্লাহ তা'আলাই কৈছেঃ 
"আৰু মানুহৰ মাজৰ পৰা কিছুমান এনেকুৱা আছে যিসকলে আল্লাহৰ পথৰ পৰা মানুহক বিচলিত কৰিবলৈ আৰু কোৰআনক উপহাস কৰিবলৈ নজনাকৈয়ে অমূলক কাহিনীবোৰ কিনে,  সিহতৰ কাৰণে আছে জঘন্য শাস্তি। 
ছুৰা লুকমানঃ আয়াতঃ ৩১:৬ । 

এই আয়াতত কোৱা হৈছে যে, যি ব্যক্তিয়ে ‘লাহওৱাল হাদীছ’ অৱলম্বন কৰে, সেই ব্যক্তি দোজখৰ কঠিন শাস্তি প্রাপ্ত হব, গতিকে সেইটো হাৰাম।
কিন্তু প্রশ্ন হৈছে ‘লাহওৱাল হাদীছ’ কি?
উক্ত আয়াতত বর্ণিত ‘লাহওৱাল হাদীছ’-ৰ ব্যাখ্যাত তাফছীৰ ইবনে কাছীৰঃ ৮ম খণ্ড, ৩/৪ পৃষ্ঠাত কোৱা হৈছেঃ 
‘লাহওৱাল হাদীছ’-ৰ অর্থ- সঙ্গীত বা গাণ-বাজনা।

সর্বোপৰি ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ওৱা ছাল্লামে কৈছেঃ  "আমি 'বাদ্য-যন্ত্র' ও 'মুর্তি' ধ্বংস কৰাৰ কাৰণে প্রেৰিত হৈছো।" 
আহমদ ও আবূ দাঊদ। 

ঢোল-তবলা আৰু বীণা জাতীয় বাদ্যযন্ত্র ইচলামত হাৰাম ।
সেয়ে যিসকল শিল্পী বা গায়ক-গায়িকা, নায়ক-নায়িকা, শ্রোতা আৰু দর্শক তেওঁলোক সকলোৱেই সমান অপৰাধী ।

ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ওৱা ছাল্লামে ইৰশ্বাদ কৰিছেঃ  
নিশ্চয় আল্লাহে আমাৰ উম্মতৰ কাৰণে মদ, জুৱা, ঢোল-তবলা আৰু বীণা জাতীয় বাদ্যযন্ত্ৰ হাৰাম কৰিছে । 
(আহমাদ, চিলচিলাহ ছহীহাহঃ ১৭০৮, বায়হাকীঃ ২১৫২৯) 

বর্তমান গান আৰু বাদ্যযন্ত্রৰ বিশাল বজাৰ তৈয়াৰ হৈছে য'ত কোটি কোটি টকা বিনিয়োগ কৰা হয় ।
মনত ৰাখিব, ইয়াৰ সকলো উপার্জন ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ওৱা ছাল্লাম-ৰ হাদীছ অনুযায়ী সম্পূর্ণৰূপে হাৰাম।

ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ওৱা ছাল্লামে ইৰশ্বাদ কৰিছেঃ 
"মোৰ উম্মতৰ মাজত এনেকুৱা কিছুমান লোক সৃষ্টি হব, যিসকলে ব্যভিচাৰ, ৰেচম, মদ আৰু বাদ্যযন্ত্রক হালাল সাব্যস্ত কৰিব।" 
(ছহীহ বুখাৰী)। 

আব্দুল্লাহ ইবনে মাছউদ (ৰাদিঃ) য়ে কৈছেঃ 
'পানীয়ে যেনেকৈ (ভূমিত) তৃণলতা উৎপন্ন কৰে; তেনেকৈ গাণে মানুহৰ অন্তৰত নিফাক সৃষ্টি কৰে।' 
ইগাছাতুল লাহফানঃ ১:১৯৩; তাফছীৰে কুৰতুবীঃ ১৪:৫২। 

উপৰোক্ত বাণীৰ সত্যতা এতিয়া দিবালোকৰ দৰে পৰিষ্কাৰ । গাণ-বাজনাৰ ব্যাপক বিস্তাৰৰ ফলত মানুহৰ অন্তৰত এই পৰিমাণ নিফাক সৃষ্টি হৈছে যে, চাহাবীসকলৰ ইছলামক এই যুগত অচল বুলি ভৱা হৈছে আৰু গাণ-বাদ্য-বাজনা, নাৰী-পুৰুষৰ অবাধ মিলা-মিশা ইত্যাদিক হালাল বুলি ভবা হৈছে । 

ইমাম শাফেয়ী ৰাহিমাহুল্লাহয়ে কৈছে,
“গাণ-বাদ্যত লিপ্ত ব্যক্তি হ'ল এজন আহম্মক (নির্বোধ লোক) । তেখেতে আৰু কৈছে, সর্বপ্রকাৰ বীণা, তন্ত্রী, ঢাকঢোল, তবলা, ছাৰেঙ্গী সকলোৱেই হাৰাম আৰু ইয়াৰ শ্রোতা ফাচিক (পাপীষ্ঠ) । সিহতৰ সাক্ষ্য গ্রহণ কৰিব নোৱাৰি। [ইগাছাতুল লাহফানঃ ১/১৭৯; কুৰতুবীঃ ১৪/৫৫]

শ্বেইখুল ইছলাম ইবনে তাইমিয়া (ৰহিঃ) এই সম্বন্ধে কৈছেঃ 
বাজনা হৈছে নফচৰ মদ স্বৰূপঃ

ইমাম মালিক ৰাহিমাহুল্লাহক গান-বাদ্যেৰ সম্পৰ্কে প্রশ্ন কৰাত কয়,
“কেৱলমাত্র ফাচিক (পাপীষ্ঠ) লোকসকলেই সেইটো কৰিব পাৰে।” [কুৰতুবীঃ ১৪/৫৫]
.. 
অৰ্থাত ইয়াৰ পৰা স্পষ্ট হল বৰপেটা ৰোডত হোৱা এই সংগীত প্ৰোগ্ৰামৰ সমৰ্থনকাৰী সকলৰ এই সংগীত পাৰ্টি সকল যে ফাছেক বা মুনাফেক তাত কোনো সন্দেহ নাই । 

কোৰআনৰ পৰা স্পষ্ট প্ৰমানিত যে খাতিৰৰ বাবে মুনাফিক ও ফাছিক সকলৰ লগত উঠাবহা কৰা বৈধ নহয়। 
দুর্বল ঈমানৰ অনেক মানুহেই পাপাচাৰী ও দুষ্কৃতিকাৰী সকলৰ লগত স্বেচ্ছাত উঠাবহা কৰে। এনেকি আল্লাহৰ দ্বীন ও তাৰ অনুসাৰী সকলৰ প্রতি যিসকলে অহৰহ ব্যঙ্গ-বিদ্রূপ কৰে, সিহতৰ লগতো বহুতে ভাল সম্পর্ক ৰাখি চলে। অথচ এইবোৰ যে হাৰাম তাতে কোনো সন্দেহ নাই । আল্লাহ তা‘আলা কৈছে, 

আৰু যেতিয়া তোমালোকে কোনো মানুহক মোৰ নিদৰ্শনবোৰৰ বিষয়ে অসৎ অসৎ আলোচনাত লিপ্ত লিপ্ত থকা লোকক দেখা তেতিয়া তোমালোকে সেই সময়লৈকে সিহতৰ পৰা আতৰি যাবা যেতিয়ালৈ সিহতে আন বিষয়ত লিপ্ত নহয় ।  আৰু যদি চয়তানে তোমালোকক পাহৰাই ৰাখে তেন্তে মনত পৰাৰ পিছত তোমালোকে অন্যায়কাৰী সকলৰ নবহিবা । 
(আনআমঃ ৬৮)।

গতিকে ফাছিক-মুনাফিকৰ লগত আত্মীয়তাৰ সম্পর্ক যিমানেই গভীৰ হওক কিংবা সিহতৰ লগত সমাজ-সামাজিকতাত যিমানেই ভাল লাগক আৰু যিহতৰ কণ্ঠ যিমানেই মধুৰ হওক সিহতৰ লগত উঠাবহা কৰা বৈধ নহয়।

কিন্তু, যি ব্যক্তি সিহঁতক ইছলামৰ দাওয়াত প্রদান কৰে,  আৰু সিহতৰ বাতিল আক্বীদাৰ প্রতিবাদ কৰে কিংবা সিহতক অন্যায়ৰ পৰা নিষেধ কৰাৰ কাৰণে সিহতৰ ওচৰত যায়, সেই উক্ত ব্যাক্তি এই নির্দেশেৰ আওতাভুক্ত নহয় । কিন্তু স্বেচ্ছাত,  ফাছিক সকলৰ লগত উঠা বহা কৰিব নোৱাৰি । আল্লাহ তাআলা কৈছে-
সিহঁতে তোমালোকৰ আগত শপত খাব, যাতে তোমালোকে সিহঁতৰ ওপৰত সন্তুষ্ট হোৱা।  কিন্তু তোমালোকে সিহতৰ ওপৰত সন্তুষ্ট হলেও আল্লাহ সিহতৰ ওপৰত সন্তুষ্ট নহব।
 (ছুৰাহ তওবাঃ ৯৬)।

এতিয়া শেষ কথা হল এই নামধাৰী ইছলামিক ক্লাবৰ লগত যোগদান কৰাটো কাৰো কাৰণেই জায়েজ নহয় । কাৰণ এওলোক ইছলামৰ ভিতৰুৱা শত্ৰু। এতিয়া যদি তেওলোকে নিজৰ ভুলটো উপলব্ধি কৰিছে তেনেহলে এই সংগীত প্ৰেমী মছজিদৰ কমিটিৰ মানুহে ৰাজহুৱা ভাবে তাওবাহ কৰি ইছলামত উভতি অহিব লাগিব আৰু যদি তওবাহ নকৰে তেনেহলে এই সংগীত পাৰ্টিয়ে বৰপেটা ৰোড জামে মছজিদ কমিটিৰ পৰা পদত্যাগ কৰে যেন।  যিহেতু ৰাজহুৱা ভাবে ভুল কৰিছে গতিকে তওবাহটোও ৰাজহুৱা ভাবেই কৰিব লাগিব। 
আল্লাহে যেন আমাক এইবোৰ ফিতনাৰ পৰা ৰক্ষা কৰে, আমিন ।

লিখকঃ এডমিন 

Tuesday, February 23, 2016

দৈনিক প্ৰয়োজনীয় দোৱা ও জিকিৰ

দৈনিক প্ৰয়োজনীয় দোৱা ও জিকিৰ

ক) পুৱা – গধূলি পঢ়িব লগা দোৱা :-

 (১) আল্লাহুম্মা আন্তা ৰাব্বি লা-ইলাহা ইল্লা আন্-তা খালাকতানী ৱ-আনা আবদুকা, ৱ-আনা আলা আহদিকা ৱা-ৱা’দিকা মাচ্-তাতা’-তু, আ-উজু বিকা মিন চাৰ্-ৰি মা চানা’তু, আবু’উ লাকা বিনি’ মাতিকা আলাই-য়া ৱ-আবু’উ বি-জাম্-বি ফাগ্-ফিৰ্-লি ফা-ইন্-নাহু লা-য়াগফিৰুজ জুনুবা ইল্লা আন্-তা
 (বুখাৰী : ৭/১৫০)

(২) আল্লাহুম্মা আ-ফিনি ফি-বাদানি, আল্লাহুম্মা আ-ফিনি ফি-চাম্’ই, আল্লাহুম্মা  আ-ফিনি ফি-বাচাৰি, লা-ইলাহা ইল্লা আন-তা  (তিনিবাৰ্),

 আল্লাহুম্মা ইন্নি আ-উজু- বিকা মিনাল কুফৰি, ৱাল্-ফাক-ৰি, ৱ-আ-উজু-বিকা মিন আজাবিল কাব-ৰি, লা-ইলাহা ইল্লা আন-তা (তিনিবাৰ্)
(আবু দাউড : ৪/৩২৪)

(৩)  য়া হাই-য়ু, য়া কাই-য়ুমু  বিৰাহমাতিকা আচ-তাগিচু আচ-লিহ্-লি চাঅ’নি কুল্-লাহু ৱ-লা তাকিল্-নি ইলা নাফ্-চি তাৰ্-ফাতা আই-নিন
 (আল্-হাকিম ১/৫৪৫)

(৪)  আল্লাহুম্মা চাল্লি  ৱ-চাল্লাম আলা  নাবিইয়্যিনা মুহামাদিন – দহবাৰ
(মাজমা আজ্-জাৱাইদ :১০/১২০)

(৫)  আচবাহনা আলা ফিতৰাতিল ইচলামি, (গধূলি – আম-চায়না আলা ফিতৰাতিল ইচলাম্) ৱ-আলা কলিমাতিল ইখলাচি, ৱ-আলা দ্বিনী নব্বিই-ইনা মুহাম্মাদিন (চল্-লাহু আলাইহি ৱ-চল্লামা) ৱ-আলা  মিল্লাতি আ-বিনা  ইব্ৰাহিমা, হানিফান মুছলিমান ৱ-মা কা-না মিনাল মুছৰিকিন
 (তিৰমিধি : ৪/২০৯)

(৬)  আচবাহনা ৱা-আচ-বা-হাল মুলকু (গধূলি : আমচায়না ৱ-আমচাল মুলকু) লিল্লাহি ৱাল্-হামদু লিল্লাহি,  লা-ইলাহা ইল্লাল্-লাহু ৱাহ্-দাহু লা-শ্বাৰিকা লাহু লাহুল মুলকু ৱ-লাহুল হামদু ৱ-হুৱা আলা কুল্লি  শ্বাই-য়িন কাদিৰ ।  ৰাব্বি আচ্-আলুকা খায়ৰা মা-ফি হা-জাল য়াও-মি (গধূলি :হা-জিহিল লায়্-লাতি) ৱ-খায়ৰা মা – বাদাহু (গধূলি : বাদাহা) ৱ-আ’উ-জু বিকা মিন চাৰ্-ৰি মা-ফি হা-জাল য়াওমি (গধূলি : হা-জিহিল লায়লাতি) ৱ-চাৰ্-ৰি মা-বাদাহু (গধুলি : বাদাহা), ৰাব্বি আ’উজু বিকা মিনাল কাচালি, ৱ-চুঅ’ইল কিবাৰি, ৰাব্বি আ’উজু বিকা মিন আজা-বিন ফিন্-নাৰি ৱ-আজাবিন ফিল্-কাবৰি
(মুচলিম : ৪/২০৮৮)

(৭) আচবাহনা ৱা-আচ্-বাহা (গধূলি – আম-চায়না ৱ-আম-চা ) আল্-মুলকু লিল্-লাহি ৰাব্বিল আ-লামিন্, আল্লাহুম্মা ইন্নি আচ্-আলুকা খাইৰা হাজাল্-য়াওমি হা-জিহিল লায়্-লাতি, ফাত্-হাহু ৱ-নাচ-ৰাহু ৱ-নু-ৰাহু, ৱা-বাৰাকাতাহু, ৱহু-দাহু, ৱ-আউ-জু-বিকা মিন চাৰ্-ৰি মা-ফিহি ৱ-চাৰ্-ৰি মা-বা’-দাহু
(আবু দাউড : ৪/৩২২)

(৮)চুৰা নাচ – তিনিবাৰ
(আবু-দাউড : ৪/৩২২, তিৰমিধি : ৫/৫৬৭)

৯) চুৰা ইখলাচ – তিনি বাৰ
(আবু দাউড : ৪/৩২২, তিৰমিধি : ৫/৫৬৭)

১০) চুৰা ফালাক – তিনি বাৰ
((আবু দাউড : ৪/৩২২, তিৰমিধি : ৫/৫৬৭)

(খ) ঘৰত সোমোৱা সময়ত পঢ়িব লগা দোৱা  :
 বিচমিল্লাহি ৱ-লাজনা, ৱ-বিচমিল্লাহি খাৰাজনা, ৱ-আলা ৰাব্বিনা তাৱাক্কালনা
(আবু  দাউড : ৪/৩২৫)
দোৱা পঢ়ি সোমোৱাৰ পিছত উপস্থিত ব্যক্তিক চালাম জনাব লাগে )

(গ) ঘৰৰ পৰা বাহিৰলৈ যোৱা সময়ত :-
 ১)  বিচমিল্লাহি তাৱাক্কালতু আলাল লাহি, ৱ-লা হাও-লা ৱ-লা কুও-ৱাতা ইল্লা বিল্লাহ
(আবু দাউড : ৪/৩২৫, তিৰমিধি : ৫/৪৯০)

২) আল্লাহুম্মা ইন্নি আ-উজু বিকা আন্-আদিল্লা, আও-উদাল্লা,  আও-আজিল্লা,  আও-উজাল্লা, আও-আদলিমা, আও-উদলাম, আও-আজ্-হালা, আও-য়ুজ্-হালা আলাই-য়া
 (চহিহ তিৰমিধি : ৩/১৫২, চহিহ ইবনে মাজা : ২/৩৩৬)

(ঘ্) নতুন কাপোৰ পিন্ধোতে -
আল্লাহুম্মা  লাকাল হামদু আন-তা কাচাওতানিহি, আচ্-আলুকা মিন খায়ৰিহি ৱ-খায়ৰি মা-ছুনি’আ লাহু ৱ-আউজু বিকা মিন চাৰ্-ৰিহি ৱ-চাৰ্-ৰি মা-ছুনি’আ লাহু
(তিৰমিধি পৃ: ৪৭)

(ঙ) খোৱাৰ আগতে পঢ়া দোৱা  :-
  ১) আল্লাহুম্মা বাৰিক্-লানা ফি-হি ৱ-আত্-ইম্-না খায়ৰা মিন্-হু, গাখীৰ খোৱা আগতে – আল্লাহুম্মা  বা-ৰিক লানা ফিহি ৱ-জিদ-না মিনহু
(আত্-তিৰমিধি : ৫/৫০৬)

২) বিচমিল্লাহ
 (আবু দাউড : ৩/৩৪৭, আত্-তিৰমিধি : ৪/২৮৮)

(চ) খোৱাৰ পিছত পঢ়া দোৱা  :-
১) আলহামদু লিল্লাহি হামদান কাচিৰান ত্বাই-ইবান মুবাৰাকান ফিহি, গাইৰা মাক্-ফী-য়িন ৱ-লা মুৱাদ্-দাই-ইন, ৱ-লা মুচতাগ্-নান আনহু ৰাব্বানা
(বুখাৰী : ৬/২১৪)

২) আলহামদু লিল্লাহিল লাজি  আত্-আমানি হাজা, ৱা-ৰাজাকানিহি, মিন গাইৰি হাওলিন মিন্নী ৱ-লা কুওৱা-তিন
(আত্-তিৰমিধি : ৩/১৫৯)

(ছ) মছজিদলৈ যোৱাৰ সময়ত পঢ়া দোৱা  :-
 আল্লাহুম্মাজআ’ল  ফি কালবি নু-ৰান, ৱ-ফি লিচানি নূ-ৰান, ৱ-ফি চাম’ই নু-ৰান, ৱ-ফি বাচাৰি নু-ৰান, ৱ-মিন ফাওকি নু-ৰান, ৱ-মিন তাহ-তি নু-ৰান, ৱ-আ’ন য়ামিনি নু-ৰান, ৱ-আন ছিমালি নু-ৰান, ৱ-মিন আমামি নু-ৰান, ৱ-মিন খাল-ফি নু-ৰান, ৱাজ্-আ’ল্-ফি  নফ-চি নু-ৰান্, ৱ-আঅ’ জিম-লি নু-ৰান, ৱ-আজ্-জিম্-লি নু-ৰান্, ৱফাল্-লি নু-ৰান্, ৱাজ্’আল- নি নু-ৰান, আল্লাহুম্মা আঅ’-তিনি নু-ৰান্, ৱ-জাল্-ফি আচাবি নু-ৰান, ৱাফি লাহ্-মি নু-ৰান, ৱাফি দামি নু-ৰান,ৱা-ফি চা’ৰি নুৰান, ৱা-ফি বাচাৰি নু-ৰান । আল্লাহুম্মাজ্’-আল্-লি নুৰান ফি কাবৰি ৱ-নুৰান ফি ইজামি, ৱা-জিদনি নু-ৰান,  ৱা-জিদনি নু-ৰান, ৱা-জিদনি নু-ৰান, ৱা-হাবলি নু-ৰান আলা নূৰ
(বুখাৰী ১১/১১৬, মুচলিম ১/৫২৬, ৫২৯-৫৩০, তিৰমিধি ৫/৪৮৩)

(জ) মছজিদ এৰা সময়ত পঢ়া দোৱা :-
 বিচমিল্লাহি ৱাচ্-চালাতু ৱাচ-চালামু  আলাৰাচু ৰাচুলিল্-লাহি, আল্লাহুম্মা ইন্নি আচ্-আলুকা মিন ফাজ-লিকা,  আল্লাহুম্মাঅ’ চিমনি মিনাচ শ্বায়তানিৰ ৰাজিম

(ঝ) নামাজৰ আৰম্ভণিতে পঢ়িব লগা দোৱা :-
১) আল্লাহু আকবৰ কাবিৰা, আল্লাহু আকবৰ কাবিৰা, আল্লাহু আকবৰ কাবিৰা, ৱাল হামদু লিল্লাহি কাচিৰা, ৱাল হামদু লিল্লাহি কাচিৰা, ৱাল হামদুলিল্লাহি কাচিৰা ৱ-চুবহানাল্লাহি বুক ৰাতান ৱাচিলা (তিনি বাৰ),  আউজুবিল্লাহি মিনাছ চায়তান : মিন নাফকিহি, ৱা নাফতিহি ৱ-হামজিহি
(আবু ডাউদ : ১/২০৩)

২) চুবহানাকা আল্লাহুম্মা ৱ-বিহমদিকা,ৱ-তাবাৰাকাচমুকা, ৱ-তা’আলা জাদ্-দুকা, ৱ-লা ইলাহা গাইৰুকা
(ছহীহ আত্-তিৰমিধি : ১/৭৭)

৩) ৱাজ্-জাহাতু ৱাজ্-হিয়া লিল্লাজি ফাতাৰাচ –চামাৱাতি ৱাল্-আৰডা হানিফান ৱমা আনা মিনাল মুচৰিকিন্, ইন্না চালাতী ৱানুচুকী ৱমাহ্-য়া-য়া ৱ-মামাতি লিল্লাহি ৰাব্বিল আ-লামিন, লা-শ্বাৰিকা লাহু ৱ-বিজালিকা অমিৰতু ৱা-আনা মিনাল মুচলিমিন, আল্লাহুম্মা  আন-তাল মালিকু লা ইলাহা ইল্লা আন্-ত, আন্-তা ৰাব্বি ৱ-আনা আবদুক, জালাম্-তু নাফ্-চি ৱ-আ-তাৰাফ্-তু বি-জাম-বি ফাগফিৰলি জুনুবি জামিআন ইন্নাহু লা-য়াগফিৰুজ্-জুনুবা ইল্লা  আন্-ত্, ৱাহ-দিনি লি-আহচানিল আখলিকি লা-য়াহদি লি-আহচা-নিহা ইল্লা আন্-ত্, ৱাচ-ৰিফ আন্-নি চায়্-য়ি আহা-লা য়াচ-ৰিফু আন্-নি চায়্-য়ি আ-হা ইল্লা আন্-ত্, লাব্বাইকা ৱাচ-আদা-ই-ক, ৱাল খাই-ৰু  কুল্লুহু বিয়া –দায়্-ক, ৱাচ্-চাৰ্-ৰু লাই-চা ইলাইক, আ-না বিকা ৱ-ইলাইক্, তাবাৰাকতা ৱতা-আলাইত, আচতাগ্-ফিৰুকা ৱ-আতুবু ইলা-ইক
(মুচলিম : ১/৫৩৪)

৪) আল্লাহুম্মা  বা-ইদ বায়নি ৱ-বায়-না খাতা-য়া-য়া কামা বা’আদ্-তা বায়নাল মাচৰিকি ৱালমাগৰিবি, আল্লাহুম্মা নাকিনি মিন খাতা য়া-য়া কামা য়ুনাক্-কাচ্-চাওবুল আব্-য়াদু মিনাদ্-দানাছি, আল্লাহুম্-মাগ্-ছিলনি মিন খাতা-য়া-য়া বিচ্-চালজি ৱাল্-মা’ই ৱাল্-বাৰাদ
 (বুখাৰী : ১/১৮১, মুচলিম : ১/৪১৯)

৫) আল্লাহুম্মা ৰাব্বা জিব্ৰাইল্,  ৱ-মিকাইল্, ৱ-ইশ্ৰাফিল ফা-তিৰাচ্-শ্বামাৱাতি ৱাই-আৰদ, আ-লিমাল গাইবি ৱাচ-চাহাদাহ, আন-তা তাহ-কুমু বায়না আই-বাদিকা ফি-মা কানু ফি-হি য়াখতালিফুন্, ইহদিনি লিমাখ্-তুলিফা ফিহি মিনাল হাক্-কি বি-ইজনিক, ইন্নাকা  তাহদি মান তাছা-ও – ইলা চিৰাতিন মুচতাকিম
 (মুচলিম : ১/৫৩৪)

(ঞ) নামাজৰ পিছত পঢ়িব লগা দোৱা :-
  ১) আয়তাল কুৰছি (আন্-নাচাই )

২) চুবহান আল্লাহ – ৩৩ বাৰ, আলহামদুলিল্লাহ – ৩৩ বাৰ, আল্লাহু আকবৰ – ৩৩ বাৰ  তাৰ পিছতে – লা-ইলাহা ইল্লাল্-লাহু ৱাহদাহু লা-শ্বাৰিকা লাহু, লাহুল মুল্-কু ৱা-লাহুল হামদু ৱ-হুৱা আলা কুল্লি শ্বাই-য়িন কাদিৰ
(মুচলিম : ১/৪১৮, প্ৰত্যেক নামাজৰ পিছত এই দোৱা পঢ়িলে সকলো গুনাহ মাফ হয়্)

৩) আচতাগ ফিৰুল্লাহ – ৩ বাৰ, তাৰ পিছতে পঢ়িব লাগে – আল্লাহুম্মা আনতাচ্-চালামু ৱ-মিনকাচ চালামু তাবাৰাক্-তা য়া জাল্-জালালি ৱাল ইক্ৰাম
(মুচলিম ১/৪১৪)

৪) লা-ইলাহা ইল্লাল্-লাহু ৱাহ্-দাহু লা-শ্বাৰিকা লাহু লাহুল  মুলকু ৱ-লাহুল হামদু ৱ-হুৱা আলা কুল্লি শ্বাই-য়িন কাদিৰ্,  লা-হাওলা ৱলা কুও-ৱাতা ইল্লা বিল্লাহ, লা-ইলাহা ইল্লাল্-লাহু,  ৱলা না’অ-বুদু ইল্লা ইয়্-য়াহু লাহুন্-নিমাতু ৱ-লাহুল ফাদলু ৱলা হুচ্-চানা-ওল্-হাচানু , লা-ইলাহা ইল্লাল্-লাহু মুখলিচিনা লাহুদ্-দিনা  ৱলাও-কাৰিহাল কাফিৰুন
 (মুচলিম : ১/৪১৫)

৫) লা-ইলাহা ইল্লাল্-লাহু ৱাহ্-দাহু লা-শ্বাৰিকা লাহু লাহুল  মুলকু ৱ-লাহুল হামদু ৱ-হুৱা আলা কুল্লি শ্বাই-য়িন কাদিৰ্, আল্লাহুম্মা লা-মানি’আ লিমা আ-তায়তা, ৱ-আলা মু’তিয়া লিমা মানা’তা, ৱলা য়ান ফা’উ  জাল জাদ্দি মিনকাল জাদ
 (বুখাৰী : ১/২৫৫)

৬) লা-ইলাহা ইল্লাল্-লাহু ৱাহ্-দাহু লা-শ্বাৰিকা লাহু লাহুল  মুলকু ৱ-লাহুল হামদু য়ুহ্-ই ৱ-য়ু-মিতু ৱ-হুৱা আলা কুল্লি শ্বাই-য়িন কাদিৰ
(তিৰমিধি : ৫/৫১৫)

৭) আল্লাহুম্মা  ইন্নি আচ্-আলুকা ইলমান না-ফিআন্, ৱা-ৰিজকান তায়্-ইবান, ৱা-আমালান মুতাকাব্-বালান
 (ইবনে মাজা ১/১৫২)

৮) চুৰা নাচ  (আবু-ডাউদ : ২/৮৬)

৯) চুৰা ইখলাচ  (আল্-ইখলাচ : ১১২:১-৪)

১০) চুৰা ফালাক (আল্-ফালাক ১১৩ : ১-৫)

(ত) ৰোগী দেখা কৰোতে পঢ়িব লগা দোৱা :-
১) লা  বা’চা তাহুৰুন ইনশ্বা আল্লাহ
(আল্-বুখাৰী, ফাতহুল বাৰি : ১০/১১৮)

২) আচ-আলুল্-লা-হাল আজিমা ৰাব্বাল আৰচিল আজিমি আন য়াচ্-ফিয়াক – সাত বাৰ
 (ছহিহ আত্-তিৰমিধি : ২/২১০)

(থ) শুৱাৰ আগতে পঢ়িব লগা দোৱা :-
 ১) আল্লাহুম্মা ৰাব্বাচ্-শ্বামা-ৱাতিচ্-চাব্’ই ৱা-ৰাব্বাল্-আৰশ্বিল্-আজিম, ৰাব্বানা ৱা-ৰাব্বা-কুল্লি-শ্বাই-য়িন্, ফালিকাল-হাব্বি ৱান্-নাৱা, ৱ-মুন্-জিলাত-তাওৰাতি ৱাল্-ইন্-জিলি, ৱাল্-ফুৰকানি, আ’উজু-বিকা মিন চাৰ্-ৰি কুল্লি  শ্বাই-য়িন আনতা আখিজুনবিন্-না-শ্বিয়াতি, আল্লাহুম্মা আনতাল আওৱালু ফালাইছা কাবলাকা ছাইয়ুন্, ৱা-আনতাল আ-খিৰু ফালাইছা বা-দাকা ছাই-য়ুন্, ৱা-আনতাজ্-জাহিৰু ফালাইছা ফাওকাকা চাই-য়ুন্, ৱ-আনতাল বা-তিনু ফালাইছা দুনাকা চাই-য়ুন ইকডিআন্-নাদ-দায়না ৱ-আগনিনা মিনাল ফাকৰি (মুচলিম : ৪/২০৮৪)

২) আল্লাহুম্মা আচ্-লামতু নাফচি ইলাইকা, ৱ-ফাৱাদতু আমৰি ইলাইকা, ৱাৱাজ্-জাহতু ৱাজহি ইলাইকা, ৱা-আল্-জাতু জ্বাহৰি ইলাইকা,  ৰাঘবাতান ৱা ৰাহবাতান ইলাইকা, লা-মালজা ৱলা-মানজা  মিনকা ইল্লা ইলাইকা, আমানতু বিকিতাবিকাল্-লাজি আন-জালতা ৱবি-নাবিই-য়িকাল্-লাজি আৰচালতা
 (মুচলিম : ৪/২০৮১)

৩) আল্লাহুম্মা ইন্নাকা খালাকতা নাফ্-চি ৱ-আনতা তাৱাফ্-ফাহা, লাকা মামাতুহা ৱ-মাহ্য়াহা, ইন আহ্-য়ায়্-তাহা ফাহ্-ফাজ্-হা ৱ-ইন আমাত্-তাহা ফাগ ফিৰ লাহা,আল্লাহুম্মা ইন্নি আচ আলুকাল আফিয়াতা
 (মুচলিম : ৪/২০৮৩)

৪) আল্লাহুম্মা  আ-লিমাল গাইবি ৱাছ-শ্বাহাদাতি ফাতিৰাচ্-শ্বামাৱাতি ৱাল্-আৰদি, ৰাব্বা কুল্লি শ্বাই-য়িন ৱা-মালিকাহু, আশ্ব্-হাদুৱান লা-ইলাহা ইল্লা আনতা, আ-উজুবিকা  মিন চাৰ্-ৰি নাফচি, ৱা-মিন শ্বাৰ্-ৰিছ্-শ্বায়তানি ৱা চিৰকিহি, ৱা-আন আক্-তাৰিফা আ’লা নাফ্চি-চু-আন, আও আজুৰ্-ৰাহু ইল্লা মুচলিমিন
(আবু ডাউদ : ৪/৩১৭)

৫) আল্লাহুম্মা কি-নি আজাবাকা য়াওমাতাব্-আ’ছু ই-বাদাকা – তিনি বাৰ  (ৰছুলুল্লাহ(ছঃ)য়ে শুওতে সোঁ হাত গালৰ তলত থৈ এই দোৱা পঢ়িছিল্,)
আবু ডাউদ : ৪/৩১১

৬) আলহামদু লিল্লাহিল লাজি আত-আ’মানা ৱ-চাকানা, ৱ-কাফানা, ৱ-আৱানা, ফাকাম মিম-মান লা কা-ফিয়া লাহু ৱ-লা মুঅ’-ৱিয়া
 (মুচলিম : ৪/২০৮৫)

৭) চুৰা আচ্-চাজদা আৰু চুৰা মুলক আৰবীত পঢ়িব লাগে (আত্-তিৰমিধি, আন্-নাচাই)  
   
৮) চুৰা বাকাৰাৰ শেষৰ আয়াত দুটা
 (মুচলিম : ১/৫৫৪, ফাতহুল বাৰি : ৯/৯৪)

৯) বিচমিকা ৰাব্বী ৱা-দা’অতু জানবি, ৱ-বিকা আৰফা’উহু, ফা-ইন আমচাকতা নাফচি ফাৰ হামহা ৱ-ইন আৰচাল্-তাহা ফাহফাজহা বিমা তাহফাজু বিহি ইবাদাকাচ্-শ্বালিহিন
(আল্-বুখাৰী : ১১/১২৬, মুচলিম : ৪/২০৮৪)

১০) দুখন হাতৰ তলুৱা একলগ কৰি চুৰা ইখলাচ্, চুৰা ফালাক আৰু চুৰা নাচ পঢ়ি মূৰৰ পৰা ভৰিৰ ঢুকি পোৱা স্থানলৈকে হাতৰ তলুৱা দুয়োখনেৰে স্পৰ্শ কৰি যাব লাগে – তিনিবাৰ
 (মুচলিম : ৪/১৭২৩, ফাতহুল বাৰি : ৯/৬২)

(দ) শুই উঠোতে পঢ়িব লগা দোৱা :-
১) আলহামদু লিল্লাহিল-লাজি আফানি ফি জাচাদি, ৱ-ৰাদ্দা আলাইয়া ৰুহি, ৱ-আজিনা লি বিজিক-ৰিহি
 (আত্-তিৰমিধি : ৫/৪৭৩)

২) আলহামদু লিল্লাহিল লাজি আহ্-য়ানা বাঅ’দা মা আমাতানা ৱ-ইলাইহি নুছুৰ
(মুচলিম : ৪/২০৮৩, ফাতহুল বাৰি : ১১/১১৩)

৩) লা-ইলাহা ইল্লাল্-লাহু ৱাহ্-দাহু লা-শ্বাৰিকা লাহু, লাহুল মুলকু ৱলাহুল – হামদু, ৱ-হুৱা আলা কুল্লি চাই-য়িন কাদিৰ চুবহানাল্লাহি, ৱাল হামদু লিল্লাহি, ৱা-লা ইলাহা ইল্লাল্-লাহু, ৱাল্লাহু আকবৰ্, ৱলা হাওলা ৱলা কুওৱাতা ইল্লা বিল্লাহিল আলিইয়িল আজিম, ৰাব্বিগ ফিৰলি
  (ইবনে মাজা : ২/৩৩৫)

৪) ইন্না ফি খালকিচ শ্বামাৱাতি ৱাল্-আৰদি ৱাখ তিলাফিল-লাইলি ৱান্-নাহাৰি লা’আয়াতিল-লি’উলিল আলবাব, আল্লাজিনা য়াজ কুৰুনাল্-লাহা কিয়ামান ৱ-কুওদান  ৱ-আলা জুনুবিহিম ৱয়া তাফাক্-কাৰুনা ফি খালকিচ্-শ্বামাৱাতি ৱাল আৰদি ৰাব্বানা মা খালাক্-তা হা-জা বা-তিলান চুবহানাকা ফাকিনা আজাবান্-নাৰ, ৰাব্বানা ইন্নাকা মান-তুদখিলিন নাৰা ফাকাদ আখজায়তাহু ৱা মা লিজ্-জ্বালিমিনা মিন আনচাৰ,ৰাব্বানা ইন্নানা চামিঅ’না  মুনা দিয়ান য়ুনা দি লিল ইমানি আন আ-মিনু বিৰাব্-বিকুম ফা-আ-মান্না ৰাব্বানা ফাগ ফিৰ লানা জুনুবানা ৱকাফ্-ফিৰ আন্না চাই-য়িআ-তিনা ৱাতাৱাফ্-ফানা মাআ’ল আবৰাৰ, ৰাব্বানা আতিনা মা ৱ-আদতানা আলা ৰচুলিকা ৱ-লা তুখজিনা য়াও-মাল কিয়ামাতি ইন্নাকা লা তুখলিফুল মি-আ’দ্, ফাচ তাজাবা লাহুম ৰাব্বুহুম আন্-নি লা-উদি’ও আমালা আমিলিন মিনকুম মিন জাকাৰি আও ওনচা বাঅ’দুকুম মিন বাঅ’দিন ফাল্-লাজিনা হাজাৰু ৱা-আখৰিজু মিন দিয়াৰিহিম ৱা-উজু ফি চাবিলি ৱ-কাতালু, ৱা-কুতিলু  লা’ওকাফ্-ফিৰান্নাআনহুম চাই-য়িআতিহিম ৱ-লা’ ওদখিলান্নাহুম জান্নাতিন তাজৰি মিন তাহ তিহাল আনহাৰু চাৱাবান মিন ইন্-দিলাহ ৱল্লাহু ইনদাহু হুচনুচ্-চাৱাব, লা য়াগুৰ্-ৰান্-নাকা তাকাল্-লুবুল্-লাজিনা কাফাৰু ফিল বিলাদ, মাতা’উন কালিলুন চুম্মা মা’ৱাহুমজাহান্নাম্, ৱা-বি’চাল মিহাদ্,  লাকিনিল লাজিনাত তাকাও ৰাব্বাহুম লাহুম জান্নাতান তাজৰি মিন তাহ্-তিহাল আনহাৰু খালিদিনা ফিহা নুজুলান মিন ইনদিল্লাহি খাইৰুন লিল আবৰাৰ্, ৱ-ইন্না মিন আহলিলকিতাবি লামান য়ুঅ’মিনু বিল্লাহি ৱমা ওন্-জিলা ইলাইকুম ৱমা ওন্-জিলা ইলাইহিম খা-চিয়িনাল লাহি লা য়াচতাৰুনা  বিআয়াতিল্-লাহি চামানান কালিলান উলা-ইকা লাহুম আজৰুহুম ইনদা ৰাব্বিহিম ইন্নাল্লাহা চাৰিউল হিচাব, য়া আইয়ুহাল লাজিনা আ-মানুচ্-বিৰু ৱ-চা বিৰু  ৱৰা বিতু ৱত্তাকুল্-লাহা  লা-আল্-লাকুম তুফলিহুন
 (মুচলিম : ১/৫৩০, ফাতহুলবাৰি: ৮/২৩৭, চুৰা আল্-ইমৰান : ১৯০ – ২০০)

(ধ) গাড়ীত উঠোতে পঢ়িব লগা দোৱা :- বিচমিল্লাহ আলহামদু লিল্লাহ্, চুবহানাল লাজি চাখ-খাৰা-লানা হাজা ৱমা কুন্না লাহু মুকৰিনিন, ৱ-ইন্না ইলা ৰাব্বিনা লামুনকালিবুন, আলহামদু লিল্লাহ্,  আলহামদু লিল্লাহ্,  আলহামদু লিল্লাহ্,  আল্লাহু আকবৰ্, আল্লাহু আকবৰ্,আল্লাহু আকবৰ্, চুবহানাকাল্-লাহুম্মা ইন্নি জালামতু নাফচিফাগফিৰলি ফা-ইন্নাহু লা-য়াগফিৰুজ্-জুনুবা ইল্লা আনতা
 (আবু ডাউদ ৩/৩৪)

(ন)  হাঁচি মাৰোতে কব লাগে – আলহামদু লিল্লাহ্, ইয়াৰ উত্তৰত শুনা জনে কব লাগে – য়াৰ হামুকাল্লাহ, কোনোবাই এয়া কোৱা শুনিলে হাঁচিমাৰোতা জনে কব লাগে – য়াহদি কুমুল্লাহু ৱ-য়ুচলিহু বা-লাকুম
 (বুখাৰী : ৭/১২৫)

দোৱাত মনত পেলাবলৈ নাপাহৰিব

By Ikramul Hussain, Dist. and Sessions Judge (Retd.),
now posted as Member, Foreigners Tribunal No. 1, Goalpara.  

ফৰজ নামাজৰ পিছত পাঠ কৰিবলগীয়া জিকিৰ ও দোৱা

ফৰজ নামাজৰ পিছত পাঠ কৰিবলগীয়া জিকিৰ ও দোৱা


 أَسْتَغْفِرُ الله
 আস্তাগফিৰুল্লাহ্‌, (অর্থাৎ মই  আল্লাহৰ ওচৰত ক্ষমা প্রার্থনা কৰিছো) ৩ বাৰ।

اَللّهُمَّ أَنْتَ السَّلاَمُ وَمِنْكَ السَّلاَمُتَبَارَكْتَ يَاذَا الْجَلاَلِ وَالإِكْرَامِ।

উচ্চাৰণ:- আল্লা-হুম্মা আন্তাচ্ছালা-মু অমিন্‌কাচ্ছালা-মু তাবা-ৰাকতা ইয়া যাল জালা-লি অল ইকৰা-ম।

অর্থ- হে আল্লাহ ! তুমি শান্তি (সকলো ত্রুটিৰ পৰা পবিত্র) আৰু তোমাৰ ওচৰতেই শান্তি। তুমি বৰকতময় হে মহিমাময়, মহানুভব ! (মুছলিম ১/৪১৪)

لاَ إِلهَ إِلاَّ الله وَحْدَهُ لاَ شَرِيْكَ لَهُ،لَهُ الْمُلْكُ وَلَهُ الْحَمْدُ وَ هُوَ عَلىكُلِّ شَيْءٍ قَدِيْرٌ।

  উচ্চাৰণ:- “ লা ইলাহা ইল্লাল্লা-হু অহ্‌দাহু লা শ্বৰীকা লাহ্‌, লাহুল মুলকু অলাহুলহামদু অহুয়া আলা কুল্লি শ্বাইয়িন ক্বাদীর।

  অর্থ:- আল্লাহ ব্যতীত কোনো সত্য মাবুদ নাই, তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই,  কাৰণেই সমস্ত ৰাজত্ব, তেওঁৰেই সমস্ত প্রশংসা আৰু তেওঁ সর্ব বিষয়ে শক্তিমান।

اَللّهُمَّ لاَ مَانِعَ لِمَا أَعْطَيْتَ وَلاَ مُعْطِىَ لِمَا مَنَعْتَ وَلاَ يَنْفَعُ ذَا الَجَدِّ مِنْكَ الْجَدُّ।


 উচ্চাৰণ:- আল্লা-হুম্মা লা মা-নিয়া লিমা আ’ত্বাইতা, অলা মু’তিয়া লিমা মানা’তা অলা য়্যানফাউযাল জাদ্দি মিনকাল জাউঊ।

অর্থ- হে আল্লাহ ! তুমি যি দান কৰা তাক ৰোধ কৰাৰ আৰু  যি ৰোধ কৰা তাক দান কৰাৰ সাধ্য কাৰো নাই । আৰু ধনবানৰ ধন তোমাৰ আযাবৰ পৰা মুক্তি পাবলৈ কোনো উপকাৰত নাহিব। (বুখাৰী, মুছলিম, ছহীহ , মিশকাত ৯৬২ নং)


لاَ حَوْلَ وَلاَ قُوَّةَ إِلاَّ بِالله।

উচ্চাৰণ:- লা হাউলা অলা ক্বুউওয়াতা ইল্লা বিল্লা-হ্‌।

অর্থ:- আল্লাহৰ প্রেৰণা দানৰ অবিহনে পাপৰ পৰা বিৰত আৰু সৎকাজ কৰাৰ শক্তি নাই ।


لآ إِلهَ إِلاَّ اللهُ وَلاَ نَعْبُدُ إِلاَّ إِيَّاهُ لَهُ النِّعْمَةُ وَلَهُ الْفَضْلُ وَلَهُ الثَّنَاءُ الْحَسَنُ، لاَ إِلهَ إِلاَّ اللهُ مُخْلِصِيْنَ لَهُ الدِّيْنَ وَلَوْ كَرِهَ الْكَافِرُوْنَ।


  উচ্চাৰণ:- লা ইলা-হা ইল্লাল্লা-হু অলা না’বুদু ইল্লা ইয়্যা-হু লাহুন্না'মাতু অলাহুল ফায্বলু অলাহুস চানা-উল হাচান,  লা ইলা-হা ইল্লাল্লা-হু মুখলিচিনা লাহুদ্দ্বীনা অলাউকাৰিহাল কা-ফিৰুন।

অর্থ- আল্লাহ ব্যতীত কোনো সত্য উপাস্য নাই । তেওঁৰ বাহিৰে মই আৰু কাৰো ইবাদত নকৰো, তেওঁৰেই যাবতীয় সম্পদ, তেওঁৰেই যাবতীয় অনুগ্রহ আৰু তেওঁৰেই যাবতীয় সুপ্রশংসা, আল্লাহৰ বাহিৰে কোনো সত্য উপাস্য নাই । মই বিশুদ্ধ চিত্তে তেওঁৰেই উপাসনা কৰো, যদিও কাফিৰসকলে সেইটো অপছন্দ করে। (মুছলিম, ছহীহ , মিশকাত ৯৬৩ নং)

سُبْحانَ الله  চুবহা-নাল্লাহ্‌। অর্থাৎ, মই আল্লাহৰ পবিত্রতা ঘোষণা কৰিছো। ৩৩ বাৰ। اَلْحَمْدُ لله আলহামদু লিল্লা-হ্‌। অর্থাৎ, সমস্ত প্রশংসা আল্লাহৰ নিমিত্তে। ৩৩ বাৰ। اَللهَ أَكْبَر  আল্লা-হু আকবাৰ। অর্থাৎ আল্লাহ সর্বমহান। ৩৩ বাৰ।

আৰু ১০০ পূৰণ কৰাৰ বাবে উপৰোক্ত ৩নং দোৱা একবাৰ পাঠ কৰিব । এইবোৰ  পাঠ কৰিলে সমুদ্ৰৰ ফেনা পৰিমাণ  পাপ হলেও মাফ হৈ যায়। (মুসলিম, সহীহ ১/৪১৮, আহমাদ, মুচনাদ ২/৩৭১)

‘আল্লাহু আকবাৰ’ ৩৪ বাৰ ও পঢ়া যায় । (মুছলিম, ছহীহ ১৩৭৭নং)

প্রকাশ থাকে যে, তাছবীহ গণনা কৰোতে বাওঁহাত বা  মালা ব্যৱহাৰ নকৰি কেৱল সোঁ হাত ব্যবহাৰ কৰাই বিধেয়। (সহীহুল জামে’ ৪৮৬৫নং)

ছুৰা ইখলাচ, ফালাক্ব ও নাছ ১ বাৰ কৰি । (আবু দাঊদ২/৮৬, ছহীহ, তিৰমিজি ১/৮, নাসাঈ ৩/৬৮) আয়াতুল কুৰছী ১বাৰ।  প্রত্যেক ফৰজ নামাজৰ পিছত এই আয়াত পাঠ কৰিলে মৃত্যু ব্যতীত জান্নাতত যোৱাৰ পথত  পাঠকাৰীৰ কাৰণে আৰু কোনো বাধা নাথাকে । (ছহীহ জামে’ ৫/৩৩৯, ছি: ছহীহাহ্‌ ৯৭২)

لآ إِلهَ إِلاَّ اللهُ وَحْدَهُ لاَ شَرِيْكَ لَهُ، لَهُ الْمُلْكُ وَلَهُ الْحَمْدُ، يُحْيِيْ وَيُمِيْتُ وَهُوَ عَلى كُلِّ شَيْءٍ قَدِيْرٌ।


 উচ্চাৰণ:- লা ইলা-হা ইল্লাল্লা-হু অহ্‌দাহু লা শ্বৰীকা লাহু লাহুল মুলকু অলাহুলহামদু য়্যুহ্‌য়ী অ য়্যুমীতু অহুৱা আলা কুল্লি শ্বাইয়িন ক্বাদীৰ।

 অর্থ- আল্লাহৰ বাহিৰে কোনো সত্য উপাস্য নাই, তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই। সমস্ত ৰাজত্ব ও প্রশংসা তেওঁৰেই, তেওঁ জীৱিত কৰে, তেঁৱেই মরণ দান কৰে আৰু তেঁৱেই সৰ্বোপৰি শক্তিমান।

এইটো ফজৰ ও মাগৰীবৰ নামাজৰ চালাম ফিৰোৱাৰ পিছত দহবাৰ পঢ়িলে দহটা নেকী লাভ হব, দহটা গুনাহ মাফ হব, দহটা মর্যাদা বৃদ্ধি পাব, চাৰিটা গোলাম আজাদ কৰাৰ চওৱাব লাভ হব আৰু চয়তানৰ পৰা নিৰাপদে থাকিব। (ছহীহ তাৰগীব ২৬২- ২৬৩ পৃ:)

১১-  اَللّهُمَّ إِنِّيْ أَسْأَلُكَ عِلْماً نَّافِعاً وَّرِزْقاً طَيِّباً وَّعَمَلاً مُّتَقَبَّلاً।

উচ্চাৰণ:- আল্লা-হুম্মা ইন্নী আচআলুকা ইলমান না-ফিআঁউঅ ৰিযক্বান ত্বাইয়িবাঁউঅ আমালাম মুতাক্বাব্বালা।

অর্থ- হে আল্লাহ ! নিশ্চয় আমি তোমাৰ ওচৰত ফলদায়ক শিক্ষা,হালাল জীৱিকা আৰু গ্রহণযোগ্য আমল প্রার্থনা কৰিছো।

  ফজৰৰ নামাজৰ পিছত এইটো পঠনীয়। (ইবনে মাজাহ্‌, চুনান১/১৫২, ত্বাবাৰানী চাগীৰ, মাজমাউয যাওয়ায়েদ ১০/১১১)

১২-  اَللّهُمَّ قِنِيْ عَذَابَكَ يَوْمَ تَبْعَثُ عِبَادَكَ।

উচ্চাৰণ:- আল্লা-হুম্মা ক্বিনী আযা-বাকা ইয়াওমা তাবআচ ইবা-দাক।

অর্থ:- হে আল্লাহ ! যিদিনা তুমি তোমাৰ বান্দাসকলক পুনৰুত্থিত কৰিবা সেদিনাৰ আজাবৰ পৰা আমাক ৰক্ষা কৰা। (মুছলিম)

১৩-لآ إِلهَ إِلاَّ اللهُ وَحْدَهُ لاَ شَرِيْكَ لَهُ، لَهُ الْمُلْكُ وَلَهُ الُحَمْدُ يُحْيِيْ وَيُمِيْتُ بِيَدِهِ الْخَيْرُ وَهُوَ عَلى كُلِّ شَىْءٍ قَدِيْرٌ।

উচ্চাৰণ:- লা ইলা-হা ইল্লাল্লা-হু অহ্‌দাহু লা শ্বাৰিকা লাহু লাহুল মুলকু অলাহুলহামদু য়্যুহ্‌য়ী অ য়্যুমীতু বিয়্যাদিহিল খাইৰু অহুৱা আলা কুল্লি শ্বাইয়িন ক্বাদীৰ।

অর্থ:- আল্লাহ ভিন্ন কোনো সত্য মা’বুদ নেই। তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই। তেওঁৰেই কাৰণে সকলো ৰাজত্ব আৰু তেওঁৰেই নিমিত্তে সকলো প্রশংসা। তেঁৱেই জীবন দান কৰে ও তেঁৱেই মৰণ দিয়ে। তেওঁৰ হাততেই সকলো মঙ্গল। আৰু তেওঁ সর্বোপৰি ক্ষমতাবান।

এইটো ফজৰৰ নামাজৰ পিছত ভৰি ঘুৰাই বহাৰ আগত ১০০ বাৰ পঢ়িলে পৃথিবীৰ মাজত সেইদিনা সেই ব্যক্তিয়েই অধিক উত্তম আমলকাৰী বুলি গণ্য হব। (ছহীহ তাৰগীব ২৬২-২৬৩ পৃ:)

ইবনে আব্বাছ (ৰাঃ) কৈছে, ‘ফৰজ নামাজৰ চালাম ফিৰোৱাৰ পিছত সশব্দে জিকিৰ পাঠ আল্লাহৰ ৰছুল (ছঃ) ৰ যুগত প্রচলিত আছিল।’ (বুখাৰী ৮৪১নং, মুছলিম, ছহীহ)

- Juber Rahman, Nalbari

Saturday, February 20, 2016

মুখেৰে নিয়ত উচ্চাৰণ কৰা বিদাত

প্রশ্ন : ইবাদতৰ আৰম্ভণিতে মুখেৰে উচ্চাৰণ কৰি নিয়ত পঢ়িব লাগে, নে অন্তৰেৰে সংকল্প কৰিলেই যথেষ্ট হব?

উত্তৰ : প্রত্যেক কাম তাৰ নিয়তৰ ওপৰত নিৰ্ভৰশীল।
(মুত্তাফাক্ব আলাইহ, মিশকাত হা/১)।

 গতিকে নিয়ত কৰাতো জৰুৰী। কিন্তু নিয়ত পঢ়িব নালাগে। পঢ়িলে সেইটো বিদ‘আত হব। কিয়নো ‘নিয়ত’ শব্দৰ অর্থ হৃদয়ৰ সংকল্প। ছালাতৰ কাৰণে মনে মনে সংকল্প কৰাই যথেষ্ট। বিভিন্ন কিতাপত ছালাতৰ কাৰণে যিবোৰ নিয়ত লিপিবদ্ধ কৰা হৈছে, সেইবোৰ কুৰআন বা হাদীছৰ দ্বাৰা প্রমাণিত নহয়।

যিহেতু ইছলামৰ যাৱতীয় বিষয় কুৰআন আৰু হাদীছত বর্ণিত হৈছে, আনকি ৰাছুল (ছাঃ) এ পেচাব-পায়খানা কেনেকৈ কৰিছিল তাকো বর্ণনা কৰা হৈছে, গতিকে ছালাতৰ দৰে শ্রেষ্ঠ ইবাদতৰ নিয়ত যদি মুখেৰে পঢ়িব লাগিলহেতেন¸ তেনেহলে নিশ্চয় সেইটো হাদীছত বর্ণিত হলহেতেন। কিন্তু নিয়ত পঢ়িব লাগে বুলি ছহীহ, যঈফ, জাল কোনো হাদীছতেই বর্ণিত হোৱা নাই।

শ্বেইখ আলবানী কোন আছিল?

শ্বেইখ আলবানী কোন আছিল?

--বিগত শতাব্দীৰ শ্রেষ্ঠতম আলিমসকলৰ ভিতৰত এজন হৈছে মুহা’ম্মাদ নাছিৰুদ্দিন আলবানী, যিজন 'শ্বেইখ আলবানী' নামেৰে অধিক পৰিচিত । কাৰণ তেখেতৰ জন্মস্থান আছিল আলবেনিয়া। তেখেত এজন হাদীছ শাস্ত্রৰ আলিম আছিল। অসামান্য জ্ঞানৰ অধিকাৰী শেইখ আলবানীৰ হাদীছ শাস্ত্রত তেখেতৰ যি খিদমত, কোৱা হয় বিগত কেইবা শ বছৰেও এই খিদমত কোনেও কৰিব পৰা নাই। আজি আৰৱ বিশ্বত সর্বজন স্বীকৃত এই আলিমৰ কাজ-কৰ্মক বিদাতপন্থী মূর্খৰ বাহিৰে আন কোনেও অস্বীকার কৰিব পৰা নাই। নামাজৰ ওপৰত তেখেতৰ গবেষণা ভিত্তিক “ৰাছুলুল্লাহ ছঃ ৰ চালাত” নামেৰে এখন কিতাপ আছে, নামাজৰ ওপৰত লিখা কিতাপসমূহৰ ভিতৰত এইখন এখন শ্রেষ্ঠ কিতাপ বুলি কব পাৰি। আপোনালোকক এই কিতাপখন কিনিবলৈ অনুৰোধ কৰিলোঁ।

***নবী (ছঃ) এ যেনেকৈ নামাজ পঢ়িছিলঃ শেইখ নাছিৰুদ্দিন আলবানী (ৰহঃ) বাংলা অনুবাদক – এম এন চিৰাজুল ইছলাম।
http://islamhousebd.wordpress.com/2011/08/30/নবী-ছাল্লাল্লাহু-আলাইহি/


      আমাৰ দেশৰ বিদাতপন্থী অসংখ্য হুজুৰ-মাওলানা সকলে শ্বেইখ আলবানীৰ বিৰুদ্ধে বহুত আজে-বাজে কথা কয়। তেওঁলোকৰ মতে তেখেত কোনো আলিম নহয়! শ্বেইখ আলবানীৰ হাদীছৰ তাহকীক, ছহীহ ও জয়ীফ নির্ধাৰণ, বিদাত উৎখাতৰ কাৰণে তেখেতৰ আজীৱন প্রচেষ্টাৰ জৰিয়তে বিদাতীসকলৰ ধর্মৰ ব্যৱসায় বন্ধ হবলৈ ধৰিছে, এই কাৰণে কবৰ-মাজাৰ পূজাৰী, পীৰ পূজাৰীসকল তেখেতৰ বিৰুদ্ধে লাগিছে।

   কাৰণ বিদাত যদি উঠি যায় তেনেহলে বে-নামাজী, সুদখোৰ, ঘোষখোৰ ইত্যাদি লোকসকলৰ ঘৰত মীলাদ-কিয়াম, চবিনা খতম, খতমে ইউনুচ, খতমে জালালী, শবে মিৰাজ, মাযাৰ জিয়াৰত, ইচালে চওৱাব, বুখাৰী খতম ইত্যাদি অনুষ্ঠান কৰি হাৰাম টকা-পইচা খোৱাৰ ফন্দি উঠি যাব।

   মছজিদত শ্বিৰ্ক চর্চা কৰি তাবিজ-কবচ লিখি অর্থ উপার্জন কৰাৰ হাৰাম পথ বন্ধ হৈ যাব।

   লাখ লাখ পীৰ, ফকিৰ আৰু দৰবেশে মানুহক মুৰীদ কৰি বাতিল পদ্ধতিৰে মানুহৰ ঈমান নষ্ট কৰিছে আৰু বাতিল পন্থাত তেওঁলোকৰ অর্থ আত্মসাৎ কৰিছে, এই ধর্ম-ব্যৱসায় উঠি যাব।

   এইকাৰণে এই মাজাৰ পূজাৰী আৰু পীৰ পূজাৰী আলিমসকলে শ্বেইখ আলবানীৰ নামত আজে-বাজে কথা কয়। অথচ চাওঁক আৰৱ বিশ্বৰ শ্রেষ্ঠ আলিমসকলে তেখেতৰ সম্পর্কত কি কৈছেঃ

   বিগত শতাব্দীৰ শ্রেষ্ঠতম আলিম, কুৰআন ও চুুন্নাহৰ মুহাক্কিক গৱেষক, আৰৱ বিশ্বৰ সর্বজন স্বীকৃত শীর্ষস্থানীয় আলমে দ্বীন, চৌদি আৰৱৰ গ্র্যান্ড মুফতি, আল্লামাহ শ্বেইখ আব্দুল আজিজ বিন আব্দুল্লাহ বিন বায ৰাহিমাহুল্লাহে কয়ঃ
“বর্তমান বিশ্বত আচমানৰ তলত আল্লামাহ মুহাম্মাদ নাছিৰুদ্দিন আলবানীৰ দৰে ইমান ডাঙৰ হাদীছৰ আলিম মই দেখা নাই।”

   শ্বেইখ বিন বায ৰাহিমাহুল্লাহৰ ওচৰত এই হাদীছটো সম্পর্কে জানিব বিচৰা হয়। যত ৰাছুল ছাল্লাল্লাহু আলাইহি ওয়া ছাল্লামে কৈছেঃ

“আল্লাহ তাআ'লাই প্রতি এশ বছৰৰ মূৰত এই উম্মতৰ কাৰণে এনেকুৱা এজন লোক পঠাব যিয়ে দ্বীন ইছলামক সংস্কাৰ কৰিব।”

শ্বেইখ বিন বাজে কয়ঃ “মোৰ ধাৰণা, শ্বেইখ মুহাম্মদ নাছিৰুদ্দিন আলবানী হল এই যুগৰ মুজাদ্দিদ বা সংস্কাৰক। আল্লাহই সকলোতকৈ ভালকৈ জানে।”

   চৌদি আৰৱৰ শীর্ষস্থানীয় আলিম, শ্বেইখ মুহাম্মদ বিন চালেহ আল উচাইমীন ৰাহিমাহুল্লাহে কয়ঃ
“শ্বেইখ মুহাম্মদ নাছিৰুদ্দিন আলবানীৰ সৈতে বিভিন্ন বৈঠকত বহাৰ পিছত (যদিও সেইটো কম) যি বুজিব পাৰিছো সেইটো হল, তেখেত চুন্নাহৰ প্রতিটো আমলত আগ্রহী আৰু আমল-আকীদা উভয় ক্ষেত্রতে বিদআ’ত উৎখাতত খুবেই আগ্রহী। আৰু তেখেতৰ লিখিত কিতাপ  পঢ়ি তেখেতৰ বিষয়ে জানিব পাৰিলো যে, তেখেত হাদীছৰ চনদ ও মতন উভয় ক্ষেত্রত পর্যাপ্ত জ্ঞানৰ অধিকাৰী। এইবিলাক কিতাপৰ দ্বাৰা আল্লাহ তাআ’লাই বহুত মানুহক উপকৃত কৰিছে। তেখেতৰ ছাত্রসকল যিমানে জ্ঞানার্জনৰ ক্ষেত্রত লাভবান হৈছে ঠিক সিমানে “মানহাজ” বা নীতি নির্ধাৰণ আৰু ইলমে হাদীছৰ প্রতি আগ্রহ সৃষ্টিৰ ক্ষেত্রতো তেওঁলোক লাভবান হৈছে। এইটো মুছলমানসকলৰ কাৰণে এটা ডাঙৰ প্রাপ্তি। আলহা’মদুলিল্লাহ। ইলমে হাদীছৰ ক্ষেত্রত তেখেতৰ জ্ঞানগর্ভ গৱেষণা সচাকৈয়ে আচৰিত ধৰণৰ।”

আৰু অধিক জানিবলৈ তলৰ লিংকত চাওঁকঃ

http://islamqa.info/ar/110667

By Juber Rahman, Nalbari.

দো‘আ কবুলৰ চর্তাবলী আৰু দো'আ কৰাৰ নিয়ম

দো‘আ কবুলৰ চর্তাবলী :

(১) আৰম্ভণিতে আৰু  শেষত  হামদ আৰু  দৰূদ পাঠ কৰা।
(২) দো‘আ আল্লাহৰ প্রতি খালিছ আনুগত্য সহকাৰে কৰা।
(৩) দো‘আত কোনো পাপৰ কথা নাইবা আত্মীয়তা ছিন্ন কৰাৰ কথা নথকা।
(৪) খাদ্য-পানীয় ও পোচাক হালাল আৰু পবিত্র হোৱা।
(৫) দো‘আ কবুলৰ কাৰণে ব্যস্ত নোহোৱা।
(৬) নিৰাশ নোহোৱা ও দো‘আ পৰিত্যাগ নকৰা।
(৭) উদাসীনভাবে দো‘আ নকৰা আৰু  দো‘আ কবুলৰ ক্ষেত্ৰত সদায় দৃঢ় আশাবাদী থকা । তথাপি আল্লাহে ইচ্ছা কৰিলে যিকোনো সময়ত যিকোনো বান্দাৰ আনকি কাফিৰ-মুশ্বৰিকৰ দো‘আও কবুল কৰি থাকে, যদি তেওঁ  অনুতপ্ত হৃদয়েৰে ক্ষমা বিচাৰে।

নিয়ম : খোলা দুই হাতৰ  তালু একত্রিত কৰি চেহাৰা বৰাবৰ সন্মুখত ৰাখি দো‘আ কৰিব।[6]
 দো‘আৰ আৰম্ভণিতে  আল্লাহৰ প্রশংসা আৰু  ৰাছুলুল্লাহ (ছাঃ)-ৰ ওপৰত দৰূদ পাঠ কৰিব।
 তাৰ পিছত  বিভিন্ন দো‘আ পঢ়িব ।[7] যেনে- আল-হামদু লিল্লা-হি ৰবিবল ‘আ-লামীন, ওৱাচ্ছালাতু ওৱাচ্ছালা-মু ‘আলা ৰাচুলিহিল কাৰীম’ - কোৱাৰ পিছত বিভিন্ন দো‘আৰ শেষত ‘চুবহা-না ৰব্বিকা ৰব্বিল ‘ইজ্জাতি ‘আম্মা ইয়াছিফূন, ওৱা ছালা-মুন ‘আলাল মুৰছালীন, ওৱাল হামদু লিল্লা-হি ৰব্বিল ‘আ-লামীন’ পাঠ কৰি দো‘আ শেষ কৰিব।

দো‘আৰ আদব : (১) কাকূতি-মিনতি সহকাৰে আৰু  গোপনে দোৱা কৰা।[8] (২) একান্তমনে ভয় আৰু  আকাঙ্খা সহকাৰে, নিম্ন বা মধ্যম স্বৰত দোৱা কৰা।[9]
(৩) সাৰগর্ভ আৰু  তাৎপর্যপূর্ণ হোৱা।[10]

দো‘আ কবুলৰ স্থান আৰু  সময় : আল্লাহে কয়, ‘তোমালোকে মোক মাতা, মই তোমালোকৰ মাতক সঁহাৰি দিম’।[11] ইয়াতে বুজা যায় যে, যিকোনো স্থানত যিকোনো সময়ত যিকোনো ভাষাত আল্লাহক মাতিলে তেওঁ  সঁহাৰি দিব। কিন্তু  ছালাতৰ মাজত আৰবী ব্যতীত অন্য ভাষাত দো‘আ কৰিব নোৱাৰি। দো‘আৰ কাৰণে  হাদীছত বিশেষ কিছুমান স্থান আৰু  সময়ৰ বিষয়ে  তাকীদ কৰিছে, সেইবিলাক  সংক্ষেপে বর্ণনা কৰা  হ’ল :

(১) কুৰআনী দো‘আৰ বাহিৰে  হাদীছত বর্ণিত দো‘আ সমূহৰ মাধ্যমত সিজদাত দো‘আ কৰা।
(২) শেষ বৈঠকত তাশ্বাহুদ আৰু  চালামৰ মধ্যবর্তী সময়ত।
(৩) জুম‘আৰ দিনা ইমামে মিম্বৰত বহাৰ পৰা চালাম ফিৰোৱা পর্যন্ত সময়চোৱাত।
(৪) ৰাতিৰ নফল ছালাতত।
(৫) ছিয়াম অবস্থাত।
(৬) ৰমাজানৰ ২১, ২৩, ২৫, ২৭ আৰু  ২৯ বিযোৰ ৰাতিবোৰত।
(৭) ছাফা ও মাৰওৱা পাহাৰত উঠি বায়তুল্লাহৰ ফালে  মুখ কৰি দু’হাত উঠাই।
(৮) হজ্জৰ সময়ত আৰাফা ময়দানত দু’হাত উঠাই।
(৯) মাশ্ব‘আৰুল হাৰাম অর্থাৎ মুজদালিফা মছজিদত অথবা বাহিৰে নিজৰ অবস্থান স্থলত ১০ জিলহাজ্জ ফজৰৰ ছালাতৰ পিছৰ পৰা সূর্যোদয়ৰ আগমূহুৰ্তলৈ দো‘আ কৰা,
১০, ১১, ১২ আৰু  ১৩  জিলহাজ্জ তাৰিখে মিনাত ১ম আৰু  ২য় জামৰাত কংকৰ নিক্ষেপৰ পাছত অলপ দূৰলৈ গৈ দু’হাত উঠাই দো‘আ কৰা।
(১১) কা‘বাগৃহৰ ত্বাওৱাফৰ সময়ত ৰুকনে ইয়ামানী আৰু  হাজাৰে আছওৱাদৰ মধ্যবর্তী স্থানত।
(১২) ‘কাৰোবাৰ অনুপস্থিতিত খালিছ মনে দো‘আ কৰিলে, সেই দো‘আ কবুল হয়। তাত এজন ফিৰিস্তা নিযুক্ত থাকে। যেতিয়াই সেই  ব্যক্তিয়ে তাৰ ভায়েকৰ কাৰণে দো‘আ কৰে, তেতিয়াই উক্ত ফিৰিস্তাই ‘আমীন’ বুলি কয় আৰু  কয় তোমাৰ কাৰণেও অনুৰূপ হওঁক’।[12] ইয়াৰ বাহিৰেও  অন্যান্য আৰু  কিছুমান স্থানত আৰু সময়ত।

তিনিজন ব্যক্তিৰ দো‘আ নিশ্চিতভাবে কবুল হয় : 

ৰাচুলুল্লাহ (ছাঃ) এ কৈছে, তিনিজন ব্যক্তিৰ দো‘আ নিশ্চিতভাবে কবুল হয়, ইয়াত কোনো সন্দেহ নাই-
(১) মাজলুমৰ দো‘আ
(২) মুছাফিৰৰ দো‘আ
(৩) সন্তানৰ কাৰণে পিতা-মাতাৰ দো‘আ।[13]
তেওঁ  কৈছে, ‘ তোমালোকে মাজলুমৰ দো‘আৰ পৰা সাবধান থাকিবা। কিয়নো তাৰ দো‘আ আৰু  আল্লাহৰ মাজত কোনো পর্দা নাই’। [14]

Reference-
[6] আবুদাঊদ হা/১৪৮৬-৮৭, ৮৯; ঐ, মিশকাত হা/২২৫৬ ‘দো‘আ সমূহ’ অধ্যায়-৯। [7] . আবুদাঊদ হা/১৪৮১; তিৰমিজী, নাচাঈ, মিশকাত হা/৯৩০-৩১ ‘ছালাত’ অধ্যায়-৪, ‘ৰাচুলুল্লাহ (ছাঃ)-ৰ ওপৰত দৰূদ পাঠ আৰু তাৰ  ফজীলত’ অনুচ্ছেদ-১৬; আলবানী, ছিফাত ১৬২ পৃঃ। [8] . আ‘ৰাফ ৭/৫৫। [9] . আ‘ৰাফ ৭/৫৬, ২০৫; যুমাৰ ৩৯/৫৩-৫৪; ইছৰা ১৭/১১০। [10] . আবুদাঊদ হা/১৪৮২; ঐ, মিশকাত হা/২২৪৬, ‘দো‘আ সমূহ’ অধ্যায়-৯। [11] . গাফিৰ/মুমিন ৪০/৬০। [12] . মুছলিম, মিশকাত হা/২২২৮, ‘দো‘আ সমূহ’ অধ্যায়-৯, পৰিচ্ছেদ-১। [13] . আবুদাঊদ, তিৰমিজী, ইবনু মাজাহ, মিশকাত হা/২২৫০, ‘দো‘আ সমূহ’ অধ্যায়-৯, পৰিচ্ছেদ-২; ছহীহাহ হা/৫৯৬। [14] . মুত্তাফাক্ব ‘আলাইহ, মিশকাত হা/১৭৭২, ‘যাকাত’ অধ্যায়-৬,  পৰিচ্ছেদ-১।

By Juber Rahman, Nalbari

তাক্বলীদ (দলীলবিহীন অনুসৰণ) আৰু ইত্তেবা (দলীলভিত্তিক অনুসৰণ)-ৰ মাজত পার্থক্য

তাক্বলীদ (দলীলবিহীন অনুসৰণ) আৰু ইত্তেবা (দলীলভিত্তিক অনুসৰণ)-ৰ মাজত পার্থক্য:-

শানকীত্বী (ৰাহি.)-এ কৈছে,[1] তাক্বলীদ আৰু ইত্তেবাৰ মাজত পার্থক্য জনাটো খুবেই জৰুৰী। ইত্তেবাৰ স্থানত কোনো অৱস্থাতেই তাক্বলীদ কৰা বৈধ নহয়। ইয়াৰ বিস্তাৰিত আলোচনা এই যে, যিবোৰ বিধানৰ বিষয়ে কুৰআন, হাদীছ অথবা মুছলিমসকলৰ প্রকাশ্য ইজমাৰ দলীল পোৱা যায় সেইবোৰৰ ক্ষেত্রত কোনো অৱস্থাতেই তাক্বলীদ বৈধ নহয়। কিয়নো যি ইজতিহাদ দলীল বিৰোধী সি বাতিল হিচাবে গণ্য। আকৌ ইজতিহাদৰ ক্ষেত্রত দলিল অবিহনে তাক্বলীদ কৰা নাযাব। কিয়নো কুৰআন আৰু হাদীছৰ দলীলসমূহে প্রত্যেক মুজতাহিদৰ ওপৰত কর্তৃত্ব দান কৰে । গতিকে কোনো মুজতাহিদৰ উচিৎ নহয় এই বিধানৰ বিৰোধিতা কৰা।
আকৌ কুৰআন, ছুন্নাহ আৰু ইজমা বিৰোধী কোনো তাক্বলীদ বৈধ নহয়। কিয়নো সি হক্ব বিৰোধী আদর্শ। গতিকে যি ক্ষেত্রত দলীল প্রতিষ্ঠিত, তেনে ক্ষেত্ৰত  কেৱল ইত্তেবাই যথেষ্ট। যি ক্ষেত্রত কুৰআন ছুন্নাহ’ৰ দলীল পোৱা যায় আৰু সি পৰস্পৰ বিৰোধী নহয়, তেনে ক্ষেত্রত ইজতিহাদ আৰু তাক্বলীদ কৰা নাযাব। বিদ্বানসকলৰ ওচৰত তাক্বলীদ আৰু ইত্তেবাৰ মাজত পার্থক্য এটা সুপৰিচিত বিষয়। ইয়াৰ সঠিক অর্থৰ সন্দৰ্ভত বিদ্বানসকলৰ ওচৰত কোনো মতভেদ নাই।

ইতিপূৰ্ৱে আমি যি খুয়াইয মিনদাদৰ উক্তি দাঙি ধৰিছোঁ, যাক ইবনে আব্দিল বাৰে তেওঁৰ পৰা তাৰ জা‘মেতত সংকলন কৰি কৈছে:
শ্বাৰঈ পৰিভাষাত তাক্বলীদ হ'ল এনে মতামতৰ ফালে প্রত্যাৱর্তন কৰা, যাৰ পিছত মতামতদাতাৰ কোনো দলীল নাই । চৰীয়াতত এনেকুৱা বিষয় একেবাৰেই নিষিদ্ধ। আকৌ যাৰ পিছত দলীল আছে তাক ইত্তেবা বোলা হয়।
তেওঁ তেওঁৰ কিতাপৰ আন এঠাইত কৈছে, তুমি যদি কাৰোবাৰ মতামতক দলীল অবিহনে অনুসৰণ কৰাটোক আৱশ্যক বুলি ভৱা তেনেহ'লে তুমি মুক্বালিদসকলৰ অন্তর্ভুক্ত হৈ গ'লা। আকৌ আল্লাহৰ দ্বীনৰ ক্ষেত্রত তাক্বলীদ কৰা বৈধ নহয়। আকৌ যদি দলীলৰ মাধ্যমত কাৰোবাৰ কথাৰ অনুসৰণ কৰা তোমাৰ কাৰণে আৱশ্যক হয়, তেনেহ'লে তুমি তাৰ ইত্তেবা কৰিলা। দ্বীনৰ ক্ষেত্রত ইত্তেবা বৈধ। কিন্তু তাক্বলীদ বৈধ নহয়।

‘‘ই‘লামুল মুওৱাক্বিয়ীন’’ গ্রন্থত ইবনুল কাইয়্যিম (ৰাহি.) কৈছে: ইমাম আহমাদ (ৰাহি.)-এ তাক্বলীদ আৰু ইত্তেবাৰ মাজত পার্থক্য কৰিছে।
তাৰপিছত আবূ দাউদে কৈছে, মই ইমাম আহমাদ (ৰাহি.)-ক কোৱা শুনিছোঁ যে, ইত্তেবা হ'ল, কোনো ব্যক্তি মহানাবী ( ﷺ ) আৰু তেওঁৰ চাহাবীসকলৰ পক্ষৰ পৰা যি আহিছে তাৰ অনুসৰণ কৰিব। ইয়াৰ পিছত তাবেঈসকলৰ অনুসৰণ কৰা তাৰ কাৰণে ইচ্ছাধীন। আকৌ ইয়াৰ পৰাই এই উদ্দেশ্যৰ পৰিসমাপ্তি ঘটিব।
তেওঁ (আল্লাহে তেওঁক ক্ষমা কৰক) ইয়াৰ কায়দা উল্লেখ কৰি কৈছে, ওহী ভিত্তিক আমল ইত্তেবাৰেই অন্তর্ভুক্ত। এইটো তাক্বলীদ নহয়। এইটো এটা অকাট্য বিষয়।

বহুত আয়াতত ওহীৰ প্রতি আমল কৰাকে ইত্তেবা নামেৰে উল্লেখ কৰা হৈছে। ইয়াৰ প্রমাণত তলৰ আয়াতসমূহ পেচ কৰা হ'ল- আল্লাহে কৈছে:

﴿ ﻗُﻞْ ﺇِﻧَّﻤَﺎ ﺃَﺗَّﺒِﻊُ ﻣَﺎ ﻳُﻮﺣَﻰ ﺇِﻟَﻲَّ ﻣِﻦْ ﺭَﺑِّﻲ ﻫَﺬَﺍ ﺑَﺼَﺎﺋِﺮُ ﻣِﻦْ ﺭَﺑِّﻜُﻢْ ﻭَﻫُﺪًﻯ ﻭَﺭَﺣْﻤَﺔٌ ﻟِﻘَﻮْﻡٍ ﻳُﺆْﻣِﻨُﻮﻥَ ﴾

কোৱা, আমিতো তাকেই অনুসৰণ কৰোঁ, যাক আমাৰ ওচৰত আমাৰ ৰব'ৰ পক্ষৰ পৰা ওহীৰূপে প্রেৰণ কৰা হৈছে। এইটো তোমালোকৰ ৰব'ৰ পক্ষৰ পৰা স্পষ্ট প্রমাণ। আৰু সি হিদায়াত আৰু ৰহমত সেই কওমৰ কাৰণে যিসকলে ঈমান আনে (ছুৰা : আ‘ৰাফ-২০৩)।
আল্লাহে কৈছে:

﴿ ﺍﺗَّﺒِﻌُﻮﺍ ﻣَﺎ ﺃُﻧْﺰِﻝَ ﺇِﻟَﻴْﻜُﻢْ ﻣِﻦْ ﺭَﺑِّﻜُﻢْ ﻭَﻟَﺎ ﺗَﺘَّﺒِﻌُﻮﺍ ﻣِﻦْ ﺩُﻭﻧِﻪِ ﺃَﻭْﻟِﻴَﺎﺀَ ﻗَﻠِﻴﻠًﺎ ﻣَﺎ ﺗَﺬَﻛَّﺮُﻭﻥَ ﴾

তোমালোকৰ প্রতি তোমালোকৰ ৰব'ৰ পক্ষৰ পৰা যি নাযিল কৰা হৈছে, তাক অনুসৰণ কৰা আৰু তাৰ বাহিৰে অন্য অভিভাবকৰ অনুসৰণ নকৰিবা। তোমলোকৰ কমসংখ্যকেই উপদেশ গ্রহণ কৰে (আ‘ৰাফ-৩)।
আল্লাহে কৈছে:

﴿ ﻭَﺍﺗَّﺒِﻌُﻮﺍ ﺃَﺣْﺴَﻦَ ﻣَﺎ ﺃُﻧْﺰِﻝَ ﺇِﻟَﻴْﻜُﻢْ ﻣِﻦْ ﺭَﺑِّﻜُﻢْ ﴾

আৰু অনুসৰণ কৰা উত্তম যি নাযিল কৰা হৈছে তোমালোকৰ ৰব'ৰ পক্ষৰ পৰা (যুমাৰ-৫৫)।

আল্লাহে কৈছে:

﴿ ﻗُﻞْ ﻣَﺎ ﻳَﻜُﻮﻥُ ﻟِﻲ ﺃَﻥْ ﺃُﺑَﺪِّﻟَﻪُ ﻣِﻦْ ﺗِﻠْﻘَﺎﺀِ ﻧَﻔْﺴِﻲ ﺇِﻥْ ﺃَﺗَّﺒِﻊُ ﺇِﻟَّﺎ ﻣَﺎ ﻳُﻮﺣَﻰ ﺇِﻟَﻲَّ ﺇِﻧِّﻲ ﺃَﺧَﺎﻑُ ﺇِﻥْ ﻋَﺼَﻴْﺖُ ﺭَﺑِّﻲ ﻋَﺬَﺍﺏَ ﻳَﻮْﻡٍ ﻋَﻈِﻴﻢٍ﴾

কোৱা, আমাৰ নিজৰ পক্ষৰ পৰা ইয়াতে কোনো পৰিৱর্তনৰ অধিকাৰ নাই। আমিতো কেৱল আমাৰ প্রতি অৱতীর্ণ ওহীৰ অনুসৰণ কৰোঁ। নিশ্চয় আমি যদি ৰব'ৰ অবাধ্য হওঁ সেয়ে ভয় কৰোঁ কঠিন দিবসৰ আযাবৰ (ছুৰা : ইউনূচ-১৫)।

আল্লাহে কৈছে:

﴿ ﻭَﻫَﺬَﺍ ﻛِﺘَﺎﺏٌ ﺃَﻧْﺰَﻟْﻨَﺎﻩُ ﻣُﺒَﺎﺭَﻙٌ ﻓَﺎﺗَّﺒِﻌُﻮﻩُ ﻭَﺍﺗَّﻘُﻮﺍ ﻟَﻌَﻠَّﻜُﻢْ ﺗُﺮْﺣَﻤُﻮﻥَ﴾
আৰু এইখন কিতাব- যাক আমি নাযিল কৰিছোঁ- বৰকতময়। গতিকে তোমালোকে তাৰ অনুসৰণ কৰা আৰু তাক্বওৱা অৱলম্বন কৰা, যাতে তোমালোকে ৰহমতপ্রাপ্ত হোৱা (ছুৰা : আনআম-১৫৫)।
আল্লাহে কৈছে:

﴿ ﺍﺗَّﺒِﻊْ ﻣَﺎ ﺃُﻭﺣِﻲَ ﺇِﻟَﻴْﻚَ ﻣِﻦْ ﺭَﺑِّﻚَ ﻟَﺎ ﺇِﻟَﻪَ ﺇِﻟَّﺎ ﻫُﻮَ ﻭَﺃَﻋْﺮِﺽْ ﻋَﻦِ ﺍﻟْﻤُﺸْﺮِﻛِﻴﻦَ﴾
তুমি অনুসৰণ কৰা তাৰ, তোমাৰ প্রতি যি ওহী প্রেৰণ কৰা হৈছে তোমাৰ ৰব'ৰ পক্ষৰ পৰা। তেওঁৰ বাহিৰে কোনো সত্য ইলাহ নাই । আৰু মুশ্বৰিকসকলৰ পৰা বিমুখ থাকা (ছুৰা :আনআম-১০৬)।

আল্লাহ্ তাআলাই কৈছে,

﴿ ﻗُﻞْ ﻣَﺎ ﻛُﻨْﺖُ ﺑِﺪْﻋًﺎ ﻣِﻦَ ﺍﻟﺮُّﺳُﻞِ ﻭَﻣَﺎ ﺃَﺩْﺭِﻱ ﻣَﺎ ﻳُﻔْﻌَﻞُ ﺑِﻲ ﻭَﻟَﺎ ﺑِﻜُﻢْ ﺇِﻥْ ﺃَﺗَّﺒِﻊُ ﺇِﻟَّﺎ ﻣَﺎ ﻳُﻮﺣَﻰ ﺇِﻟَﻲَّ ﻭَﻣَﺎ ﺃَﻧَﺎ ﺇِﻟَّﺎ ﻧَﺬِﻳﺮٌ ﻣُﺒِﻴﻦٌ ﴾

কোৱা, ‘মই ৰাছুলসকলৰ মাজত নতুন নহয়। আৰু মই নাজানোঁ মোৰ আৰু তোমালোকৰ বিষয়ে কি কৰা হব? মোৰ প্রতি যি ওহী নাজিল কৰা হয়, মই কেৱল তাৰেই অনুসৰণ কৰোঁ। আৰু মই এজন সুস্পষ্ট সতর্ককাৰী মাত্র। (ছুৰা : আহকাফ-৯)।
 এনেকুৱা আৰু বহুত সুপৰিচিত আয়াত আছে।

গতিকে ওহী ভিত্তিক আমল কৰাকেই ইত্তেবা বোলা হয়। যিটো উল্লেখিত আয়াতসমূহৰ দ্বাৰাই প্রমাণিত।

উল্লেখযোগ্য যে, নিঃসন্দেহে ওহীৰ অনুসৰণৰ কাৰণে বহুতো আয়াতত নির্দেশ আছে। ওহী বিৰোধী কোনো ইজতিহাদ কোনো কাৰণতেই বিশুদ্ধ নহয় আৰু ওহী বিৰোধী কোনো তাক্বলীদও কোনো ক্ষেত্রত বৈধ নহয়।
গতিকে ইয়াৰ পৰা ইত্তেবা আৰু তাক্বলীদৰ মাজৰ পার্থক্য স্পষ্ট হৈ গ'ল। আৰু স্পষ্ট হ'ল যে, ইত্তেবাৰ ক্ষেত্রসমূহত তাক্বলীদৰ কোনো সুযোগ নাই।
গতিকে পৰস্পৰ বিৰোধমুক্ত সুস্পষ্ট বিশুদ্ধ ওহীৰ দলীল পোৱা গ'লে নিশ্চয় ইজতিহাদ ও তাক্বলীদ কৰা নাযাব। কিয়নো এইকথা স্পষ্ট যে, ওহীৰ অনুসৰণ কৰা আৰু তাৰ প্রতি আত্মসমর্পণ কৰা প্রত্যেকৰ ওপৰত ফৰজ। সি যি কোনো নহওঁক কিয়।

ইয়াৰ পৰা বুজা যায় যে, উচুলবীদসকলে ইজতিহাদৰ যি চর্তসমূহ আৰোপ কৰিছে সি কেৱল ইজতিহাদৰ ক্ষেত্রতেই প্রযোজ্য। আৰু ইত্তেবাৰ স্থানত ইজতিহাদৰ কোনো সুযোগ নাই ।
গতিকে ইত্তেবা আৰু ইজতিহাদৰ মাজত শাব্দিক ও প্রায়োগিক পার্থক্য থকা সত্ত্বেও ইজতিহাদৰ চর্তসমূহক ইত্তেবাৰ চর্তৰ মাজত প্রয়োগ কৰা বিভ্রান্তিৰ নামান্তৰ। যি পূর্বৰ আলোচনাৰ পৰা সুস্পষ্ট।
মুঠ কথা ওহীৰ ইত্তেবাৰ কাৰণে কেৱল জ্ঞান অর্জন কৰাই চর্ত। যি জ্ঞান অনুসৰি ওহীৰ ইত্তেবাকাৰীয়ে আমল কৰিব। এই ক্ষেত্রত সি হাদীছ আৰু কুৰআনৰ জ্ঞানার্জন কৰা ও তদনুযায়ী আমল কৰাৰ যোগ্যতা অর্জন কৰিব লাগিব। কুৰআন ও হাদীছত জ্ঞানার্জনৰ পিছত ইজতিহাদৰ সকলো চর্ত অর্জনৰ কাৰণে অপেক্ষা কৰাৰ দৰকাৰ নাই।

গতিকে প্রত্যেক শ্বাৰঈ দায়িত্ব প্রাপ্ত ব্যক্তিৰ কাৰণে অৱশ্যক হ'ল, কুৰআন ও ছুন্নাহ অনুযায়ী জ্ঞানার্জন কৰা। সম্পূর্ণভাৱে অর্জিত জ্ঞানৰ ওপৰত আমল কৰা। যি ধাৰাবাহিকতাৰ ওপৰত অটল আছিল এই উম্মাতৰ কল্যাণৰ সাক্ষ্যপ্রাপ্ত প্রথম শতাব্দীৰ অনুসাৰীসকল।

By Juber Rahman, Nalbari.

[1] ‘আযওৱাউল বায়ান’ (৭/৫৪৭-৫৫০)

ওৱাহাবী কোনসকল ব্যক্তি?

ওৱাহাবী কোন?

➡ যিসকল মুছলিমে-
১. ‘তাওহীদ’ বা আল্লাহৰ একত্ববাদক মনে-প্রাণে ভাল পায়,
২. জীৱনৰ প্রতিটো ক্ষেত্রত ৰাছুলুল্লাহ ছাল্লাল্লাহু আ’লাইহি ওয়া ছাল্লামৰ ‘চুন্নাহ’ বা আদর্শ অনুসৰণ কৰাৰ চেষ্টা কৰে,
৩. পীৰপূজা, কবৰ-মাজাৰ পূজা, অন্ধ দলীয় গোড়ামিৰ পৰা দূৰত থাকে,  আৰু
৪. ধর্মৰ নামত যাৱতীয় শ্বিৰ্ক-বিদাত ও কুসংস্কাৰক অন্তৰৰ পৰা ঘৃণা কৰে
সেই সকলো প্রকৃত মুছলমানক বিদাতপন্থী চুফীসকলে ‘ওয়াহাবি’ বুলি গালি- দিয়ে।
অজ্ঞ লোকসকলে নাজানি শ্বিৰ্ক বিদাতক ধর্ম বুলি ভাৱে আৰু শ্বিৰ্ক বিদাতৰ বিৰোধীতাকাৰী সন্মানিত আলিমসকলক ইছলামৰ শত্ৰু বুলি ভাৱে, সিহঁতৰ নামত মিছা কথা প্রচাৰ কৰে, আল্লাহু মুস্তাআ’ন!
 মূলত পীৰৰ মুৰিদ আৰু মাজাৰভক্ত চুফিসকলে এজন চৌদি ‘মুজাদ্দিদ’ আলিম, ‘ শ্বেইখুল ইছলাম’ মুহাম্মদ বিন আব্দুল ওৱাহাব (ৰহঃ) ৰ নাম অনুসাৰে এই গালি দি থাকে।

এতিয়া প্ৰশ্ন আহে,  মুহাম্মদ বিন আব্দুল ওৱাহাব (ৰহঃ)  কোন আছিল?
ৰাছুলুল্লাহ ছাল্লাল্লাহু আ’লাইহি ওয়া ছাল্লামে কৈছে, “আল্লাহ তাআ’লা প্রতি এশ বছৰৰ মূৰত এই উম্মতৰ কাৰণে এনেকুৱা এজন ব্যক্তিক পঠাব যিজনে দ্বীন-ইছলামক সংস্কাৰ কৰিব।”
চুনানে আবু দাউদঃ হাদিছ নং- ৪২৯১।

চৌদি আৰৱৰ ‘শ্বেইখুল ইছলাম’ মুহাম্মদ বিন আব্দুল ওৱাহাব (ৰহঃ) (জন্ম ১৭০৩, মৃত্যু ১৭৯২ ইং)  আছিল এজন প্রখ্যাত দ্বীনি আলিম ও সেই সময়ৰ এজন ‘মুজাদ্দিদ’ বা দ্বীনৰ সংস্কাৰক। সেই সময়ত বর্তমান আৰৱ বিশ্বৰ বিভিন্ন ঠাইত অলি আওলিয়াসকলৰ ভালপোৱা, সিহঁতৰ অ'চিলা ধৰি জান্নাতত যোৱা ও সিহঁতৰ মাজাৰক কেন্দ্র কৰি অসংখ্য শ্বিৰ্ক আৰু বিদাত প্রচলিত আছিল। আনকি আমাৰ দেশৰ অজ্ঞ লোকসকলে যেনেকৈ আজমীৰ, বায়েজিদ বোস্তামি, শ্বাহ জালাল ইত্যাদি মাজাৰত যায় সন্তান আৰু টকা-পইচা পোৱাৰ আশাত, ঠিক তেনেকৈয়ে সেই সময়ত আৰৱৰ নামধাৰী মুছলমান সমাজৰ মহিলাসকলে হজ্জ-ওমৰা কৰি মক্কাৰ অদূৰে থকা এডাল পুৰুষ খেজুৰ গছক সাৱতি ধৰি সন্তান কামনা কৰিছিল, নাউযুবিল্লাহি মিন যালিক।
ইছলামৰ মূল ভূমিত এনেকুৱা শ্বিৰ্ক ও বিদাতৰ ব্যাপকতা লাভ কৰাত মুহাম্মদ বিন আব্দুল ওৱাহাব (ৰহঃ) আল্লাহৰ ইচ্ছাত মক্কা ও মদিনাৰ পৰা পীৰ পূজা, কবৰ-মাজাৰ পূজাক  উঠাই দিয়াৰ কাৰণে মানুহক ‘দাওয়াত’ দিছিল আৰু শ্বিৰ্ক বিদাতৰ বিৰুদ্ধে আমৃত্যু ‘জিহাদ’ (সংগ্ৰাম) কৰিছিল। তেখেতে বাদশ্বাহ মুহাম্মদ বিন ছউদ (ৰহঃ) ৰ লগত চুক্তিবদ্ধ কৰি পবিত্র মক্কা ও মদিনাত ৰাষ্ট্রীয়ভাৱে কোৰআন ও চুন্নাহৰ আইন আৰম্ভ কৰি আল্লাহৰ কলিমাকে উচ্চ কৰে, তাৰে পৰা ধাৰাবাহিকভাৱে আজি পর্যন্ত চৌদি আৰৱত আল্লাহৰ আইন অনুযায়ী দেশ পৰিচালিত হৈ আছে, ফা লিল্লাহিল হা’মদ।
কবৰ মাজাৰ পূজাৰ বিৰোধীতা কৰাৰ কাৰণে আৰু মাজাৰবিলাক ভাঙি দি ভণ্ড চুফিসকলৰ ধর্মৰ ব্যৱসায় নষ্ট কৰি দিয়াৰ কাৰণে আমাৰ দেশৰ পীৰপন্থী আৰু মাজাৰভক্ত চুফীসকলে শ্বেইখুল ইছলাম মুহাম্মদ বিন আব্দুল ওৱাহাব (ৰহঃ) ক গালি গালাজ কৰে আৰু তেওঁৰ নামত মিছা অপবাদ দিয়ে। তেওঁৰ নাম অনুসৰি ‘তাওহীদ’ ও ‘চুন্নাহৰ’ অনুসাৰী মুছলমানসকলক তেওঁলোকে ‘ওৱাহাবী’ বুলি গালি দিয়ে।

By Juber Rahman, Nalbari

আকীদাৰ অর্থ আৰু দ্বীনৰ মৌলিক ভিত্তি হিচাপে ইয়াৰ গুৰুত্বৰ বৰ্ণনা

আকীদাৰ অর্থ আৰু দ্বীনৰ মৌলিক ভিত্তি হিচাপে ইয়াৰ গুৰুত্বৰ বৰ্ণনা-

(ড.ছালেহ বিন ফাওযান ইবন আবদুল্লাহ আল-ফাওযানৰ কিতাপ "আকীদাতুত তৌহীদ"ৰ পৰা অসমীয়া ভাঙনী)

আকীদাৰ আভিধানিক অৰ্থ:
আকীদা শব্দটো আৰবী  العَقدُ (আল-‘আকদু (পৰা লোৱা হৈছে। ইয়াৰ অৰ্থ কোনো বস্তু বান্ধি ৰখা। যেনে কোৱা হয়عَقدْتُ عَليْهِ القلبَ وَالضَّمِيْرَ  অৰ্থাৎ মই ইয়াৰ ওপৰত হৃদয় ও মনক বান্ধি ৰাখিছো। আকীদা হল সেই বিষয়, মানুহে যিটো মানি চলে। কোৱা হয়, ‘তেওঁৰ আকীদা ভাল’ অৰ্থাৎ এনে আকীদা পোষন কৰে যিটো সন্দেহমুক্ত। আৰু আকীদা হৈছে অন্তৰৰ কাম। আৰু সেয়া হৈছে কোনো বিষয়ৰ প্রতি অন্তৰৰ দ্বাৰা বিশ্বাস কৰা আৰু অন্তৰৰ দ্বাৰা সেই বিষয়ক সত্য প্রতিপন্ন কৰা।

চৰিয়তি পৰিভাষাত আকীদাৰ অৰ্থ:
     চৰিয়তি পৰিভাষাত আকীদা কোৱা হয়:  আল্লাহৰ প্ৰতি, তেওঁৰ ফিৰিস্তা সকলৰ প্ৰতি, তেওঁ অৱতীৰ্ণ কৰা পুথিসমূহৰ প্ৰতি, তেওঁৰ ৰাছুল সকলৰ প্ৰতি আৰু কিয়ামতৰ প্ৰতি আৰু লগতে ভাগ্যৰ মঙ্গল-অমঙ্গলৰ প্ৰতি বিশ্বাস স্হাপন কৰা। আৰু ইয়াকে কোৱা হয় ঈমানৰ আৰকান।

চৰীয়ত দুই’ভাগত বিভক্ত : আকীদা ও আমল বা অন্তৰৰ বিশ্বাসগত বিষয় ও দৈহিক, আৰ্থিক কৰ্মগত বিষয় :
আকীদাগত বিষয়সমূহ হল, যিটো কৰ্মত ৰূপায়ণ কৰাৰ লগত সংশ্লিষ্ট নহয় অৰ্থাৎ যাৰ কোনো বাহ্যিক কাৰ্যৰুপ নাই। যেনে এই আকীদা পোষণ কৰা যে, আল্লাহ তাআলা ৰব(প্ৰভু) আৰু তেওঁৰ ইবাদত কৰা ওৱাজিব। ঠিক তেনেকৈ ঈমানৰ উল্লে­খিত বাকী আৰকান সমূহৰ প্রতিও বিশ্বাস পোষণ কৰা। এইবোৰক কোৱা হয় মৌলিক বিষয়।

আৰু আমলী বিষয়সমূহ হল, যিটো কাৰ্যত পৰিণত কৰা যায়, যেনে ছালাত (নামাজ),যাকাত, ছৌম (ৰোজা)লগতে যাৱতীয় সকলো আমলী বিধান। এইবোৰক কোৱা হয় আনুষঙ্গিক বিষয়। কিয়নো এইবোৰৰ সঠিকতা উক্ত মৌলিক বিষয়সমূহৰ সঠিকতাৰ ওপৰত নিৰ্ভৰশীল।[1]

এতেকে বিশুদ্ধ আকীদা হল এনে মৌলিক ভিত্তি যাৰ ওপৰত দ্বীন স্থাপিত আৰু যিটো থাকিলে আমল শুদ্ধ ও সঠিক হয়। যেনে আল্লাহ তা‘আলা কৈছে :

﴿فَمَن كَانَ يَرۡجُواْ لِقَآءَ رَبِّهِ فَلۡيَعۡمَلۡ عَمَلٗا صَٰلِحٗا وَلَا يُشۡرِكۡ بِعِبَادَةِ رَبِّهِ أَحَدَۢا ١١٠ ﴾ [الكهف: ١١٠]  

‘‘এতেকে যি ব্যক্তি তেওঁৰ পালনকৰ্তাৰ সাক্ষাত কামনা কৰে তাৰ বাবে উচিত সি যেন সৎকৰ্ম সম্পাদন কৰে আৰু তাৰ পালনকৰ্তাৰ উপাসনাত যাতে আনক অংশী নকৰে।’’[2]
আল্লাহ তা‘আলা আৰু কৈছে :

﴿ وَلَقَدۡ أُوحِيَ إِلَيۡكَ وَإِلَى ٱلَّذِينَ مِن قَبۡلِكَ لَئِنۡ أَشۡرَكۡتَ لَيَحۡبَطَنَّ عَمَلُكَ وَلَتَكُونَنَّ مِنَ ٱلۡخَٰسِرِينَ ﴾ [الزمر: ٦٥]

‘‘তোমাৰ প্রতি আৰু তোমাৰ পূৰ্বৱৰ্তী সকলৰ প্রতি ৱহী প্ৰেৰণ কৰা হৈছে যে, যদি তুমি (আল্লাহৰ লগত)আনক অংশী কৰা তেনেহলে তোমাৰ (সকলো) আমল নিষ্ফল হৈ যাব আৰু তুমি ক্ষতিগ্রস্ত সকলৰ অন্তৰ্ভক্ত হৈ যাবা।’’[3]              
আল্লাহ তা‘আলা আৰু কৈছে:
﴿فَٱعۡبُدِ ٱللَّهَ مُخۡلِصٗا لَّهُ ٱلدِّينَ ٢ أَلَا لِلَّهِ ٱلدِّينُ ٱلۡخَالِصُۚ ﴾ [الزمر: ٣]
‘‘এতেকে তুমি ইখলাছ ও নিষ্ঠাৰ সৈতে আল্লাহৰ ইবাদত কৰা। জানি থোৱা, আল্লাহৰ বাবেই নিষ্ঠাপূৰ্ণ ইবাদত ও আনুগত্য।’’[4]

গতিকে এই মহান আয়াতসমূহ আৰু এনে অৰ্থৰ আৰু বহুসংখ্যক যি আয়াতসমূহ আহিছে সেইবোৰ এইটো প্রমাণ কৰে যে, আমল শ্বিৰ্ক মুক্ত নোহোৱা লৈকে গ্ৰহণযোগ্য নহয়। সেই বাবেই ৰাছুল সকল (আল্লাহ তেওঁলোকৰ ওপৰত কৰুণা বর্ষণ কৰক) সৰ্বপ্রথম আকীদা সংশোধনৰ প্রতি গুৰুত্ব আৰোপ কৰিছে। সেয়ে তেওঁলোক সৰ্বপ্রথম নিজ নিজ জাতিৰ লোকসকলক একমাত্র আল্লাহৰ ইবাদতৰ প্রতি আৰু আন সকলো বস্তুৰ ইবাদত ত্যাগ কৰাৰ প্রতি আহ্বান জনাইছিল। যেনে আল্লাহ তা‘আলা কৈছে:

﴿ وَلَقَدۡ بَعَثۡنَا فِي كُلِّ أُمَّةٖ رَّسُولًا أَنِ ٱعۡبُدُواْ ٱللَّهَ وَٱجۡتَنِبُواْ ٱلطَّٰغُوتَۖ ﴾ [النحل: ٣٦]
‘‘আমি নিশ্চয় প্রত্যেক জাতিলৈ একো একোজনকৈ ৰাছুল প্রেৰণ কৰিছিলো এই আদেশ দি যে, তোমালোক আল্লাহৰ ইবাদত কৰিবা আৰু তাগুতক পৰিহাৰ কৰিবা।’’[5]

প্রত্যেক ৰাছুলেই তেওঁৰ নিজ জাতিক প্রথমে এই কথাৰে সম্বোধন কৰিছিল যে,
﴿ ٱعۡبُدُواْ ٱللَّهَ مَا لَكُم مِّنۡ إِلَٰهٍ غَيۡرُهُۥٓ ٥٩ ﴾ [الاعراف: ٥٨]  
 ‘‘তোমালোক আল্লাহৰ ইবাদত কৰা, তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো প্রকৃত উপাস্য নাই।’’[6]
এই কথাষাৰ নূহ, হুদ, ছলেহ, শু‘আইব আৰু সকলো নবী সকল (আল্লাহ তেওঁলোকৰ ওপৰত কৰুণা বৰ্ষণ কৰক) তেওঁলোকৰ নিজ নিজ জাতিক উদ্দেশ্য কৰি কৈছিল।
     নবী ছাল্লাল্লাহু আলাইহি অছাল্লাম নবুওৱাতৰ পিছত মক্কাত তেৰ বছৰ পৰ্যন্ত মানুহক তাওহীদৰ প্রতি আৰু আকীদাৰ সংশোধনৰ প্রতি আহ্বান জনাইছিল। কিয়নো আকীদাই হৈছে সেই মূলভিত্তি যাৰ ওপৰত দ্বীনৰ ভিত্তি স্থাপিত। আৰু প্রত্যেক যুগতেই দা‘ঈ-সকল আৰু সংস্কাৰক সকল নবী ও ৰাছুল সকলৰ সেই আদৰ্শৰ অনুসাৰী আছিল। তেওঁলোক তাওহীদৰ প্রতি আৰু আকীদা সংশোধনৰ প্রতি আহ্বান কৰাৰ দ্বাৰাই তেওঁলোকৰ দাৱাতি কাম আৰম্ভ কৰিছিল। তাৰ পিছত তেওঁলোক দ্বীনৰ অন্যান্য নিৰ্দেশনাসমূহ বাস্তৱায়নৰ ফালে মনোনিবেশ কৰে।


[1] শ্বাৰহুল-আকীদাহ্ আছ-ছাফাৰিনিয়া ১/৪
[2] ছুৰা আল-কাহাফ: ১১০
[3] ছুৰা আয-যুমাৰ: ৬৫
[4] ছুৰা আয-যুমাৰ: ২-৩
5] ছুৰা আন-নাহল: ৩৬
[6] ছুৰা আল-আ’ৰাফ: ৫৯, ৬৫, ৭৩, ৮৫

অনুবাদকঃ Hafiz Rafiqul Islam Bin Habibur Rahman,
Islamic University of Madinah Saudi Arab