বৰপেটা ৰোডৰ নামধাৰী ইছলামিক ক্লাব সম্পৰ্কে কিছু সত্য-
যদিও ক্লাবখন ইছলামৰ নামত আৰম্ভ কৰা হৈছিল, ইয়াত বহু অনা ইছলামী কৰ্ম হোৱা দেখা যায় । তাৰে ভিতৰত প্ৰধান, এই ক্লাবৰ পৰা লটাৰি খেল অনুষ্ঠিত কৰা হয়, যিটো ইছলামত একেবাৰেই হাৰাম ।
যোৱা 22-12-15 তাৰিখত এই ক্লাবৰ পৰা অনুষ্ঠিত হ'ল এখন বিশেষ সংগীত প্ৰোগৰাম । যত উপস্থিত আছিল হাজাৰ হাজাৰ যুৱক-যুবতি, পুৰুষ মহিলা । ইয়াত বহু মানুহে যিনাত লিপ্ত হ'ল আৰু সকলোৱে আনন্দৰে এইবোৰ উপভোগ কৰিলে । যিনাৰ অৰ্থ হল-
ৰাছূলুল্লাহ (ছাঃ) য়ে কৈছেঃ “কোনো বেগানা নাৰীৰ প্রতি দৃষ্টি দিয়া চকুৰ যিনা, অশ্লীল কথাবার্তা কোৱা জিভাৰ যিনা, অবৈধ ভাবে কাৰোবাক স্পর্শ কৰা হাতৰ যিনা, ব্যাভিচাৰৰ উদ্দেশ্যে খোঁজ কাঢ়ি যোৱা ভৰিৰ যিনা, বেয়া কথা শুনা কাণৰ যিনা আৰু যিনাৰ কল্পণা কৰা আৰু আকাংক্ষা কৰা অন্তৰৰ যিনা । ফলত লজ্জাস্থানক পূর্ণতা কৰি দিয়ে অথবা অসম্পূর্ণ ৰাখি দিয়ে”।
(ছহীহ আল-বুখাৰী)
হাদিছৰ পৰা স্পষ্ট হ'ল যে তেওঁঁলোকে আছিল যিনাৰ আহ্বানকাৰী । এই মানুহবোৰ যে এনে কু-কৰ্মত লিপ্ত হল তাৰে বাবে আটাইতকৈ বেছি দায়ী এই ইছলামীক ক্লাবৰ লগত জড়িত এই নামধাৰী মুছলিম সকল । এনে ধৰণৰ নামধাৰী মুছলিম সকলে ইচলামৰ যিটো ক্ষতি কৰিছে তেনেকুৱা ক্ষতি অমুছলিম সকলেও কৰা নাই । অমুছলিম সকলে খুব বেছি আমাৰ ইহকাল ধ্বংস কৰিব পাৰিব কিন্তু এই সকলে আমাৰ পৰকাল ধ্বংস কৰি আছে ।
যোৱা 11-12-15 তাৰিখে জুমাৰ নামাজ শেষ হোৱাৰ পাছত এজন আলিমে ৰাজহুৱা ভাবে মছজিদৰ ভিতৰত উক্ত সংগীত প্ৰোগৰামটোৰ বিৰোধিতা কৰিছিল । কিন্তু উপযুক্ত সমৰ্থকৰ অভাৱত তেখেতৰ সেই বিৰোধিতা কামত নাহিল । পিছত সেই নামধাৰী ইছলামিক ক্লাৱৰ সদস্য সকলে সেই আলিম জনক প্ৰত্যক্ষভাবে আক্ৰমন কৰিছিল । আলিম জনক এই বিষয়ে চুপ থাকিবলৈ ভাবুকিও দিছিল । লগতে ক্লাবৰ আন এজন সদস্যই আলিম জনক কৈছিল যে -, 'আপুনি 10 লাখ টকা প্ৰস্তুত কৰি ৰাখক । কাৰণ আপোনাৰ ৰাজহুৱা বক্তব্যৰ বাবে যদি আমাৰ ক্লাবৰ লোকচান হয়, তেনেহলে আপুনি আমাক 10 লাখ টকা জৰিমনা দিব লাগিব"।
আমি বুজিব পৰা নাই যে জনগনক যিনাৰ ফালে ঠেলি দি হাৰাম টকা উপাৰ্জন কৰি তেওঁলোকে কোনটো শুভ কামটো কৰিব ?
এনে মানুহৰ বাবেই কোৰআনৰ এটা আয়াত-
"আল্লাহ তাআলাই পঠোৱা বাণী যিসকলে গোপন কৰে, আৰু তাৰ বিনিময়ত পাৰ্থিৱ জীৱনৰ সামান্য মূল্য গ্ৰহন কৰে, সিহতে নিজৰ পেটত জুইৰ বাহিৰে আন একোকে গিলি নথয়; আৰু আল্লাহ তাআলাই কিয়ামতৰ দিনা সিহঁতৰ লগত কোনো কথা নকব আৰু সিহতক পাপৰ পৰা মুক্তও নকৰিব; আৰু সিহঁতৰ কাৰণে আছে কঠোৰ শাস্তি ।
[আল-বাক্বাৰাহ ১৭৪]
ইচলামত যে গান বাজনা হাৰাম হয়তো এই নুন্যতম জ্ঞানখিনিও তথাকথিত ইছলামিক ক্লাবৰ কমিটিৰ লোকসকলৰ নাই । আমি বুজি পৰা নাই যে কোন জ্ঞানৰ ওপৰত ভিত্তি কৰি এওঁলোকে ইছলামিক ক্লাব নিৰ্মান কৰিল ।
দুঃখৰ বিষয় হল, ইহঁতেই বৰপেটা ৰাড জামে মছজিদৰ কমিটিৰ স্থান দখল কৰি বহি আছে । সেই আলিম জনে মছজিদৰ ভিতৰত ইছলামিক ক্নাবত হোৱা গান-বাজনাৰ বিৰোধিতা কৰাৰ কাৰণে ক্লাবৰ সদস্য সকলে নতুনকৈ আইন ৰচনা কৰিল যে সেই সংগীত পাৰ্টিৰ পৰা অনুমতি নোলোৱাকৈ এতিয়াৰ পৰা মছজিদত কোনেওঁ বক্তব্য দিব নোৱাৰিব । অৰ্থাত এতিয়াৰ পৰা সংগীত পাৰ্টিয়ে অনুমতি নিদিলে মছজিদত আল্লাহৰ দ্বীনৰ কথাও কব নোৱাৰিব । নাওজুবিল্লাহ । ইয়াতকৈ বেছি দুঃখৰ কথা আৰু কি হব পাৰে ।
এওঁলোকৰ বাবে কোৰআনৰ আন এটা আয়াত-
ছুৰা বাকাৰাৰ ৮৫ নং আয়াতত আছে “তেনেহঁলে কি তোমালোকে কিতাপৰ কিছু অংশ বিশ্বাস কৰা আৰু কিছু অংশ অমান্য কৰা ? তেনেহঁলে তোমালোকৰ ভিতৰত যি সকলে এনেকুৱা কাম কৰে সিহঁতে এই পাৰ্থিৱ জীৱনত কলংকৰ বাহিৰে আৰু কি পুৰুস্কাৰ পাব পাৰে ? আৰু কিয়ামতৰ দিনা সিহঁতক দিয়া হব অতি কঠোৰ শাস্তি ।
সিহতে ভাবি আছে, পাশ্চাত্যৰ ‘উন্নত’ জাতিবোৰ ধর্মৰ পৰা দুৰত থাকি কিমান আনন্দেৰে জীৱন যাপন কৰি আছে, জীৱনত কিমান স্বাধীনতা উপভোগ কৰি আছে: প্রতিদিন বিভিন্ন ধৰণৰ মদ পান কৰি আছে, সকলোৱে হোটেলত যাই জুয়া খেলি আছে, চুইমিং পুলত সাঁতুৰি আছে; ইচ্ছামতে সুন্দৰ কাপোৰ পৰিধান কৰিছে, বন্ধু বান্ধৱৰ সৈতে নাচগান কৰিছে - জীবনত কিমান যে ৰং ধেমালি কৰি আছে সিহঁতে ।
তেওঁলোকে ভাবি আছে, গতিকে আমিও ধৰ্ম এৰি এইবোৰ কৰি চাও ।
এই সম্পৰ্কে হাদিছত আছে,
আবু হুৰাইৰা (ৰাঃ) ৰ পৰা বর্ণিত, নবী চাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে, মানুহে তাৰ দীনক বিক্রি কৰি দিব দুনিয়াৰ সামান্য বিনিময়ত ।
ছহিহ মুছলিম:১৭৩
ইছলামিক ক্লাবেও যেন সামান্য টকাৰ লোভত দ্বীনক বিক্ৰি কৰি দিছে ।
আমি বর্তমান ফিতনাৰ সেই অন্ধকাৰত বাস কৰি আছো, যত আমাৰ চাৰিওফালে ঘোৰ অন্ধকাৰ, মূর্খতাৰ অন্ধকাৰ, কুসংস্কাৰৰ অন্ধকাৰ, বিদআতৰ অন্ধকাৰ, শ্বিৰ্কৰ অন্ধকাৰ ।
বৰ্তমান সময়ত সঠিক পথ বিচাৰি পোৱা খুবেই টান । বিশেষকৈ ইহুদি-খৃষ্টান আৰু কাফেৰ সকলৰ সংস্কৃতিয়ে আমাক আবদ্ধ কৰি ৰাখিছে সঠিক পথৰ পৰা । মুছলমান সকলেও সিহঁতৰ উৎসৱ, সংস্কৃতি আৰু ধর্মীয় অনুষ্ঠানবোৰ উপভোগ কৰে, তাতে যোগ দিয়ে আৰু আনন্দ উপভোগ কৰে।
কাফিৰ সকলে যি কৰিছে সেইটোয়ে মুছলিম সকলে কৰি আছে । ভাল-বেয়া, বৈধ-অবৈধ ভাবি চোৱাৰ সময় নাই । মুছলিম সকলে ইছলামৰ পৰা দূৰত গৈ আছে আৰু পাহৰি গৈছে ইছলামী আদর্শ, নবীৰ আদৰ্শ ।
আৰু এটা কথা মন কৰিব যে, এই কথাবোৰ আমি নিজে বনোৱা কথা নহয়, কোৰআন হাদিছত লিখা আছে । আপুনি যদি নিজেকে মুছলিম বুলি দাবী কৰে তেনেহলে এইবোৰ মানিব লাগিব । নিজকে নামত মুছলিম বুলি পৰিচয় দিলে লাভ নহব ।
এতিয়া প্ৰশ্ন হল ইছলামত গান বাজনাৰ অনুমতি আছেনে?
গান-বাজনা হাৰাম হোৱা সম্পর্কিত কুৰআনৰ আয়াত হৈছেঃ
আল্লাহ তা'আলাই কৈছেঃ
"আৰু মানুহৰ মাজৰ পৰা কিছুমান এনেকুৱা আছে যিসকলে আল্লাহৰ পথৰ পৰা মানুহক বিচলিত কৰিবলৈ আৰু কোৰআনক উপহাস কৰিবলৈ নজনাকৈয়ে অমূলক কাহিনীবোৰ কিনে, সিহতৰ কাৰণে আছে জঘন্য শাস্তি।
ছুৰা লুকমানঃ আয়াতঃ ৩১:৬ ।
এই আয়াতত কোৱা হৈছে যে, যি ব্যক্তিয়ে ‘লাহওৱাল হাদীছ’ অৱলম্বন কৰে, সেই ব্যক্তি দোজখৰ কঠিন শাস্তি প্রাপ্ত হব, গতিকে সেইটো হাৰাম।
কিন্তু প্রশ্ন হৈছে ‘লাহওৱাল হাদীছ’ কি?
উক্ত আয়াতত বর্ণিত ‘লাহওৱাল হাদীছ’-ৰ ব্যাখ্যাত তাফছীৰ ইবনে কাছীৰঃ ৮ম খণ্ড, ৩/৪ পৃষ্ঠাত কোৱা হৈছেঃ
‘লাহওৱাল হাদীছ’-ৰ অর্থ- সঙ্গীত বা গাণ-বাজনা।
সর্বোপৰি ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ওৱা ছাল্লামে কৈছেঃ "আমি 'বাদ্য-যন্ত্র' ও 'মুর্তি' ধ্বংস কৰাৰ কাৰণে প্রেৰিত হৈছো।"
আহমদ ও আবূ দাঊদ।
ঢোল-তবলা আৰু বীণা জাতীয় বাদ্যযন্ত্র ইচলামত হাৰাম ।
সেয়ে যিসকল শিল্পী বা গায়ক-গায়িকা, নায়ক-নায়িকা, শ্রোতা আৰু দর্শক তেওঁলোক সকলোৱেই সমান অপৰাধী ।
ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ওৱা ছাল্লামে ইৰশ্বাদ কৰিছেঃ
নিশ্চয় আল্লাহে আমাৰ উম্মতৰ কাৰণে মদ, জুৱা, ঢোল-তবলা আৰু বীণা জাতীয় বাদ্যযন্ত্ৰ হাৰাম কৰিছে ।
(আহমাদ, চিলচিলাহ ছহীহাহঃ ১৭০৮, বায়হাকীঃ ২১৫২৯)
বর্তমান গান আৰু বাদ্যযন্ত্রৰ বিশাল বজাৰ তৈয়াৰ হৈছে য'ত কোটি কোটি টকা বিনিয়োগ কৰা হয় ।
মনত ৰাখিব, ইয়াৰ সকলো উপার্জন ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ওৱা ছাল্লাম-ৰ হাদীছ অনুযায়ী সম্পূর্ণৰূপে হাৰাম।
ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ওৱা ছাল্লামে ইৰশ্বাদ কৰিছেঃ
"মোৰ উম্মতৰ মাজত এনেকুৱা কিছুমান লোক সৃষ্টি হব, যিসকলে ব্যভিচাৰ, ৰেচম, মদ আৰু বাদ্যযন্ত্রক হালাল সাব্যস্ত কৰিব।"
(ছহীহ বুখাৰী)।
আব্দুল্লাহ ইবনে মাছউদ (ৰাদিঃ) য়ে কৈছেঃ
'পানীয়ে যেনেকৈ (ভূমিত) তৃণলতা উৎপন্ন কৰে; তেনেকৈ গাণে মানুহৰ অন্তৰত নিফাক সৃষ্টি কৰে।'
ইগাছাতুল লাহফানঃ ১:১৯৩; তাফছীৰে কুৰতুবীঃ ১৪:৫২।
উপৰোক্ত বাণীৰ সত্যতা এতিয়া দিবালোকৰ দৰে পৰিষ্কাৰ । গাণ-বাজনাৰ ব্যাপক বিস্তাৰৰ ফলত মানুহৰ অন্তৰত এই পৰিমাণ নিফাক সৃষ্টি হৈছে যে, চাহাবীসকলৰ ইছলামক এই যুগত অচল বুলি ভৱা হৈছে আৰু গাণ-বাদ্য-বাজনা, নাৰী-পুৰুষৰ অবাধ মিলা-মিশা ইত্যাদিক হালাল বুলি ভবা হৈছে ।
ইমাম শাফেয়ী ৰাহিমাহুল্লাহয়ে কৈছে,
“গাণ-বাদ্যত লিপ্ত ব্যক্তি হ'ল এজন আহম্মক (নির্বোধ লোক) । তেখেতে আৰু কৈছে, সর্বপ্রকাৰ বীণা, তন্ত্রী, ঢাকঢোল, তবলা, ছাৰেঙ্গী সকলোৱেই হাৰাম আৰু ইয়াৰ শ্রোতা ফাচিক (পাপীষ্ঠ) । সিহতৰ সাক্ষ্য গ্রহণ কৰিব নোৱাৰি। [ইগাছাতুল লাহফানঃ ১/১৭৯; কুৰতুবীঃ ১৪/৫৫]
শ্বেইখুল ইছলাম ইবনে তাইমিয়া (ৰহিঃ) এই সম্বন্ধে কৈছেঃ
বাজনা হৈছে নফচৰ মদ স্বৰূপঃ
ইমাম মালিক ৰাহিমাহুল্লাহক গান-বাদ্যেৰ সম্পৰ্কে প্রশ্ন কৰাত কয়,
“কেৱলমাত্র ফাচিক (পাপীষ্ঠ) লোকসকলেই সেইটো কৰিব পাৰে।” [কুৰতুবীঃ ১৪/৫৫]
..
অৰ্থাত ইয়াৰ পৰা স্পষ্ট হল বৰপেটা ৰোডত হোৱা এই সংগীত প্ৰোগ্ৰামৰ সমৰ্থনকাৰী সকলৰ এই সংগীত পাৰ্টি সকল যে ফাছেক বা মুনাফেক তাত কোনো সন্দেহ নাই ।
কোৰআনৰ পৰা স্পষ্ট প্ৰমানিত যে খাতিৰৰ বাবে মুনাফিক ও ফাছিক সকলৰ লগত উঠাবহা কৰা বৈধ নহয়।
দুর্বল ঈমানৰ অনেক মানুহেই পাপাচাৰী ও দুষ্কৃতিকাৰী সকলৰ লগত স্বেচ্ছাত উঠাবহা কৰে। এনেকি আল্লাহৰ দ্বীন ও তাৰ অনুসাৰী সকলৰ প্রতি যিসকলে অহৰহ ব্যঙ্গ-বিদ্রূপ কৰে, সিহতৰ লগতো বহুতে ভাল সম্পর্ক ৰাখি চলে। অথচ এইবোৰ যে হাৰাম তাতে কোনো সন্দেহ নাই । আল্লাহ তা‘আলা কৈছে,
আৰু যেতিয়া তোমালোকে কোনো মানুহক মোৰ নিদৰ্শনবোৰৰ বিষয়ে অসৎ অসৎ আলোচনাত লিপ্ত লিপ্ত থকা লোকক দেখা তেতিয়া তোমালোকে সেই সময়লৈকে সিহতৰ পৰা আতৰি যাবা যেতিয়ালৈ সিহতে আন বিষয়ত লিপ্ত নহয় । আৰু যদি চয়তানে তোমালোকক পাহৰাই ৰাখে তেন্তে মনত পৰাৰ পিছত তোমালোকে অন্যায়কাৰী সকলৰ নবহিবা ।
(আনআমঃ ৬৮)।
গতিকে ফাছিক-মুনাফিকৰ লগত আত্মীয়তাৰ সম্পর্ক যিমানেই গভীৰ হওক কিংবা সিহতৰ লগত সমাজ-সামাজিকতাত যিমানেই ভাল লাগক আৰু যিহতৰ কণ্ঠ যিমানেই মধুৰ হওক সিহতৰ লগত উঠাবহা কৰা বৈধ নহয়।
কিন্তু, যি ব্যক্তি সিহঁতক ইছলামৰ দাওয়াত প্রদান কৰে, আৰু সিহতৰ বাতিল আক্বীদাৰ প্রতিবাদ কৰে কিংবা সিহতক অন্যায়ৰ পৰা নিষেধ কৰাৰ কাৰণে সিহতৰ ওচৰত যায়, সেই উক্ত ব্যাক্তি এই নির্দেশেৰ আওতাভুক্ত নহয় । কিন্তু স্বেচ্ছাত, ফাছিক সকলৰ লগত উঠা বহা কৰিব নোৱাৰি । আল্লাহ তাআলা কৈছে-
সিহঁতে তোমালোকৰ আগত শপত খাব, যাতে তোমালোকে সিহঁতৰ ওপৰত সন্তুষ্ট হোৱা। কিন্তু তোমালোকে সিহতৰ ওপৰত সন্তুষ্ট হলেও আল্লাহ সিহতৰ ওপৰত সন্তুষ্ট নহব।
(ছুৰাহ তওবাঃ ৯৬)।
এতিয়া শেষ কথা হল এই নামধাৰী ইছলামিক ক্লাবৰ লগত যোগদান কৰাটো কাৰো কাৰণেই জায়েজ নহয় । কাৰণ এওলোক ইছলামৰ ভিতৰুৱা শত্ৰু। এতিয়া যদি তেওলোকে নিজৰ ভুলটো উপলব্ধি কৰিছে তেনেহলে এই সংগীত প্ৰেমী মছজিদৰ কমিটিৰ মানুহে ৰাজহুৱা ভাবে তাওবাহ কৰি ইছলামত উভতি অহিব লাগিব আৰু যদি তওবাহ নকৰে তেনেহলে এই সংগীত পাৰ্টিয়ে বৰপেটা ৰোড জামে মছজিদ কমিটিৰ পৰা পদত্যাগ কৰে যেন। যিহেতু ৰাজহুৱা ভাবে ভুল কৰিছে গতিকে তওবাহটোও ৰাজহুৱা ভাবেই কৰিব লাগিব।
আল্লাহে যেন আমাক এইবোৰ ফিতনাৰ পৰা ৰক্ষা কৰে, আমিন ।