assalamu alaikum warahmatullah

assalamu alaikum warahmatullah all visitors

Tuesday, February 23, 2016

ফৰজ নামাজৰ পিছত পাঠ কৰিবলগীয়া জিকিৰ ও দোৱা

ফৰজ নামাজৰ পিছত পাঠ কৰিবলগীয়া জিকিৰ ও দোৱা


 أَسْتَغْفِرُ الله
 আস্তাগফিৰুল্লাহ্‌, (অর্থাৎ মই  আল্লাহৰ ওচৰত ক্ষমা প্রার্থনা কৰিছো) ৩ বাৰ।

اَللّهُمَّ أَنْتَ السَّلاَمُ وَمِنْكَ السَّلاَمُتَبَارَكْتَ يَاذَا الْجَلاَلِ وَالإِكْرَامِ।

উচ্চাৰণ:- আল্লা-হুম্মা আন্তাচ্ছালা-মু অমিন্‌কাচ্ছালা-মু তাবা-ৰাকতা ইয়া যাল জালা-লি অল ইকৰা-ম।

অর্থ- হে আল্লাহ ! তুমি শান্তি (সকলো ত্রুটিৰ পৰা পবিত্র) আৰু তোমাৰ ওচৰতেই শান্তি। তুমি বৰকতময় হে মহিমাময়, মহানুভব ! (মুছলিম ১/৪১৪)

لاَ إِلهَ إِلاَّ الله وَحْدَهُ لاَ شَرِيْكَ لَهُ،لَهُ الْمُلْكُ وَلَهُ الْحَمْدُ وَ هُوَ عَلىكُلِّ شَيْءٍ قَدِيْرٌ।

  উচ্চাৰণ:- “ লা ইলাহা ইল্লাল্লা-হু অহ্‌দাহু লা শ্বৰীকা লাহ্‌, লাহুল মুলকু অলাহুলহামদু অহুয়া আলা কুল্লি শ্বাইয়িন ক্বাদীর।

  অর্থ:- আল্লাহ ব্যতীত কোনো সত্য মাবুদ নাই, তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই,  কাৰণেই সমস্ত ৰাজত্ব, তেওঁৰেই সমস্ত প্রশংসা আৰু তেওঁ সর্ব বিষয়ে শক্তিমান।

اَللّهُمَّ لاَ مَانِعَ لِمَا أَعْطَيْتَ وَلاَ مُعْطِىَ لِمَا مَنَعْتَ وَلاَ يَنْفَعُ ذَا الَجَدِّ مِنْكَ الْجَدُّ।


 উচ্চাৰণ:- আল্লা-হুম্মা লা মা-নিয়া লিমা আ’ত্বাইতা, অলা মু’তিয়া লিমা মানা’তা অলা য়্যানফাউযাল জাদ্দি মিনকাল জাউঊ।

অর্থ- হে আল্লাহ ! তুমি যি দান কৰা তাক ৰোধ কৰাৰ আৰু  যি ৰোধ কৰা তাক দান কৰাৰ সাধ্য কাৰো নাই । আৰু ধনবানৰ ধন তোমাৰ আযাবৰ পৰা মুক্তি পাবলৈ কোনো উপকাৰত নাহিব। (বুখাৰী, মুছলিম, ছহীহ , মিশকাত ৯৬২ নং)


لاَ حَوْلَ وَلاَ قُوَّةَ إِلاَّ بِالله।

উচ্চাৰণ:- লা হাউলা অলা ক্বুউওয়াতা ইল্লা বিল্লা-হ্‌।

অর্থ:- আল্লাহৰ প্রেৰণা দানৰ অবিহনে পাপৰ পৰা বিৰত আৰু সৎকাজ কৰাৰ শক্তি নাই ।


لآ إِلهَ إِلاَّ اللهُ وَلاَ نَعْبُدُ إِلاَّ إِيَّاهُ لَهُ النِّعْمَةُ وَلَهُ الْفَضْلُ وَلَهُ الثَّنَاءُ الْحَسَنُ، لاَ إِلهَ إِلاَّ اللهُ مُخْلِصِيْنَ لَهُ الدِّيْنَ وَلَوْ كَرِهَ الْكَافِرُوْنَ।


  উচ্চাৰণ:- লা ইলা-হা ইল্লাল্লা-হু অলা না’বুদু ইল্লা ইয়্যা-হু লাহুন্না'মাতু অলাহুল ফায্বলু অলাহুস চানা-উল হাচান,  লা ইলা-হা ইল্লাল্লা-হু মুখলিচিনা লাহুদ্দ্বীনা অলাউকাৰিহাল কা-ফিৰুন।

অর্থ- আল্লাহ ব্যতীত কোনো সত্য উপাস্য নাই । তেওঁৰ বাহিৰে মই আৰু কাৰো ইবাদত নকৰো, তেওঁৰেই যাবতীয় সম্পদ, তেওঁৰেই যাবতীয় অনুগ্রহ আৰু তেওঁৰেই যাবতীয় সুপ্রশংসা, আল্লাহৰ বাহিৰে কোনো সত্য উপাস্য নাই । মই বিশুদ্ধ চিত্তে তেওঁৰেই উপাসনা কৰো, যদিও কাফিৰসকলে সেইটো অপছন্দ করে। (মুছলিম, ছহীহ , মিশকাত ৯৬৩ নং)

سُبْحانَ الله  চুবহা-নাল্লাহ্‌। অর্থাৎ, মই আল্লাহৰ পবিত্রতা ঘোষণা কৰিছো। ৩৩ বাৰ। اَلْحَمْدُ لله আলহামদু লিল্লা-হ্‌। অর্থাৎ, সমস্ত প্রশংসা আল্লাহৰ নিমিত্তে। ৩৩ বাৰ। اَللهَ أَكْبَر  আল্লা-হু আকবাৰ। অর্থাৎ আল্লাহ সর্বমহান। ৩৩ বাৰ।

আৰু ১০০ পূৰণ কৰাৰ বাবে উপৰোক্ত ৩নং দোৱা একবাৰ পাঠ কৰিব । এইবোৰ  পাঠ কৰিলে সমুদ্ৰৰ ফেনা পৰিমাণ  পাপ হলেও মাফ হৈ যায়। (মুসলিম, সহীহ ১/৪১৮, আহমাদ, মুচনাদ ২/৩৭১)

‘আল্লাহু আকবাৰ’ ৩৪ বাৰ ও পঢ়া যায় । (মুছলিম, ছহীহ ১৩৭৭নং)

প্রকাশ থাকে যে, তাছবীহ গণনা কৰোতে বাওঁহাত বা  মালা ব্যৱহাৰ নকৰি কেৱল সোঁ হাত ব্যবহাৰ কৰাই বিধেয়। (সহীহুল জামে’ ৪৮৬৫নং)

ছুৰা ইখলাচ, ফালাক্ব ও নাছ ১ বাৰ কৰি । (আবু দাঊদ২/৮৬, ছহীহ, তিৰমিজি ১/৮, নাসাঈ ৩/৬৮) আয়াতুল কুৰছী ১বাৰ।  প্রত্যেক ফৰজ নামাজৰ পিছত এই আয়াত পাঠ কৰিলে মৃত্যু ব্যতীত জান্নাতত যোৱাৰ পথত  পাঠকাৰীৰ কাৰণে আৰু কোনো বাধা নাথাকে । (ছহীহ জামে’ ৫/৩৩৯, ছি: ছহীহাহ্‌ ৯৭২)

لآ إِلهَ إِلاَّ اللهُ وَحْدَهُ لاَ شَرِيْكَ لَهُ، لَهُ الْمُلْكُ وَلَهُ الْحَمْدُ، يُحْيِيْ وَيُمِيْتُ وَهُوَ عَلى كُلِّ شَيْءٍ قَدِيْرٌ।


 উচ্চাৰণ:- লা ইলা-হা ইল্লাল্লা-হু অহ্‌দাহু লা শ্বৰীকা লাহু লাহুল মুলকু অলাহুলহামদু য়্যুহ্‌য়ী অ য়্যুমীতু অহুৱা আলা কুল্লি শ্বাইয়িন ক্বাদীৰ।

 অর্থ- আল্লাহৰ বাহিৰে কোনো সত্য উপাস্য নাই, তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই। সমস্ত ৰাজত্ব ও প্রশংসা তেওঁৰেই, তেওঁ জীৱিত কৰে, তেঁৱেই মরণ দান কৰে আৰু তেঁৱেই সৰ্বোপৰি শক্তিমান।

এইটো ফজৰ ও মাগৰীবৰ নামাজৰ চালাম ফিৰোৱাৰ পিছত দহবাৰ পঢ়িলে দহটা নেকী লাভ হব, দহটা গুনাহ মাফ হব, দহটা মর্যাদা বৃদ্ধি পাব, চাৰিটা গোলাম আজাদ কৰাৰ চওৱাব লাভ হব আৰু চয়তানৰ পৰা নিৰাপদে থাকিব। (ছহীহ তাৰগীব ২৬২- ২৬৩ পৃ:)

১১-  اَللّهُمَّ إِنِّيْ أَسْأَلُكَ عِلْماً نَّافِعاً وَّرِزْقاً طَيِّباً وَّعَمَلاً مُّتَقَبَّلاً।

উচ্চাৰণ:- আল্লা-হুম্মা ইন্নী আচআলুকা ইলমান না-ফিআঁউঅ ৰিযক্বান ত্বাইয়িবাঁউঅ আমালাম মুতাক্বাব্বালা।

অর্থ- হে আল্লাহ ! নিশ্চয় আমি তোমাৰ ওচৰত ফলদায়ক শিক্ষা,হালাল জীৱিকা আৰু গ্রহণযোগ্য আমল প্রার্থনা কৰিছো।

  ফজৰৰ নামাজৰ পিছত এইটো পঠনীয়। (ইবনে মাজাহ্‌, চুনান১/১৫২, ত্বাবাৰানী চাগীৰ, মাজমাউয যাওয়ায়েদ ১০/১১১)

১২-  اَللّهُمَّ قِنِيْ عَذَابَكَ يَوْمَ تَبْعَثُ عِبَادَكَ।

উচ্চাৰণ:- আল্লা-হুম্মা ক্বিনী আযা-বাকা ইয়াওমা তাবআচ ইবা-দাক।

অর্থ:- হে আল্লাহ ! যিদিনা তুমি তোমাৰ বান্দাসকলক পুনৰুত্থিত কৰিবা সেদিনাৰ আজাবৰ পৰা আমাক ৰক্ষা কৰা। (মুছলিম)

১৩-لآ إِلهَ إِلاَّ اللهُ وَحْدَهُ لاَ شَرِيْكَ لَهُ، لَهُ الْمُلْكُ وَلَهُ الُحَمْدُ يُحْيِيْ وَيُمِيْتُ بِيَدِهِ الْخَيْرُ وَهُوَ عَلى كُلِّ شَىْءٍ قَدِيْرٌ।

উচ্চাৰণ:- লা ইলা-হা ইল্লাল্লা-হু অহ্‌দাহু লা শ্বাৰিকা লাহু লাহুল মুলকু অলাহুলহামদু য়্যুহ্‌য়ী অ য়্যুমীতু বিয়্যাদিহিল খাইৰু অহুৱা আলা কুল্লি শ্বাইয়িন ক্বাদীৰ।

অর্থ:- আল্লাহ ভিন্ন কোনো সত্য মা’বুদ নেই। তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই। তেওঁৰেই কাৰণে সকলো ৰাজত্ব আৰু তেওঁৰেই নিমিত্তে সকলো প্রশংসা। তেঁৱেই জীবন দান কৰে ও তেঁৱেই মৰণ দিয়ে। তেওঁৰ হাততেই সকলো মঙ্গল। আৰু তেওঁ সর্বোপৰি ক্ষমতাবান।

এইটো ফজৰৰ নামাজৰ পিছত ভৰি ঘুৰাই বহাৰ আগত ১০০ বাৰ পঢ়িলে পৃথিবীৰ মাজত সেইদিনা সেই ব্যক্তিয়েই অধিক উত্তম আমলকাৰী বুলি গণ্য হব। (ছহীহ তাৰগীব ২৬২-২৬৩ পৃ:)

ইবনে আব্বাছ (ৰাঃ) কৈছে, ‘ফৰজ নামাজৰ চালাম ফিৰোৱাৰ পিছত সশব্দে জিকিৰ পাঠ আল্লাহৰ ৰছুল (ছঃ) ৰ যুগত প্রচলিত আছিল।’ (বুখাৰী ৮৪১নং, মুছলিম, ছহীহ)

- Juber Rahman, Nalbari

No comments:

Post a Comment