assalamu alaikum warahmatullah

assalamu alaikum warahmatullah all visitors

Saturday, February 20, 2016

শ্বেইখ আলবানী কোন আছিল?

শ্বেইখ আলবানী কোন আছিল?

--বিগত শতাব্দীৰ শ্রেষ্ঠতম আলিমসকলৰ ভিতৰত এজন হৈছে মুহা’ম্মাদ নাছিৰুদ্দিন আলবানী, যিজন 'শ্বেইখ আলবানী' নামেৰে অধিক পৰিচিত । কাৰণ তেখেতৰ জন্মস্থান আছিল আলবেনিয়া। তেখেত এজন হাদীছ শাস্ত্রৰ আলিম আছিল। অসামান্য জ্ঞানৰ অধিকাৰী শেইখ আলবানীৰ হাদীছ শাস্ত্রত তেখেতৰ যি খিদমত, কোৱা হয় বিগত কেইবা শ বছৰেও এই খিদমত কোনেও কৰিব পৰা নাই। আজি আৰৱ বিশ্বত সর্বজন স্বীকৃত এই আলিমৰ কাজ-কৰ্মক বিদাতপন্থী মূর্খৰ বাহিৰে আন কোনেও অস্বীকার কৰিব পৰা নাই। নামাজৰ ওপৰত তেখেতৰ গবেষণা ভিত্তিক “ৰাছুলুল্লাহ ছঃ ৰ চালাত” নামেৰে এখন কিতাপ আছে, নামাজৰ ওপৰত লিখা কিতাপসমূহৰ ভিতৰত এইখন এখন শ্রেষ্ঠ কিতাপ বুলি কব পাৰি। আপোনালোকক এই কিতাপখন কিনিবলৈ অনুৰোধ কৰিলোঁ।

***নবী (ছঃ) এ যেনেকৈ নামাজ পঢ়িছিলঃ শেইখ নাছিৰুদ্দিন আলবানী (ৰহঃ) বাংলা অনুবাদক – এম এন চিৰাজুল ইছলাম।
http://islamhousebd.wordpress.com/2011/08/30/নবী-ছাল্লাল্লাহু-আলাইহি/


      আমাৰ দেশৰ বিদাতপন্থী অসংখ্য হুজুৰ-মাওলানা সকলে শ্বেইখ আলবানীৰ বিৰুদ্ধে বহুত আজে-বাজে কথা কয়। তেওঁলোকৰ মতে তেখেত কোনো আলিম নহয়! শ্বেইখ আলবানীৰ হাদীছৰ তাহকীক, ছহীহ ও জয়ীফ নির্ধাৰণ, বিদাত উৎখাতৰ কাৰণে তেখেতৰ আজীৱন প্রচেষ্টাৰ জৰিয়তে বিদাতীসকলৰ ধর্মৰ ব্যৱসায় বন্ধ হবলৈ ধৰিছে, এই কাৰণে কবৰ-মাজাৰ পূজাৰী, পীৰ পূজাৰীসকল তেখেতৰ বিৰুদ্ধে লাগিছে।

   কাৰণ বিদাত যদি উঠি যায় তেনেহলে বে-নামাজী, সুদখোৰ, ঘোষখোৰ ইত্যাদি লোকসকলৰ ঘৰত মীলাদ-কিয়াম, চবিনা খতম, খতমে ইউনুচ, খতমে জালালী, শবে মিৰাজ, মাযাৰ জিয়াৰত, ইচালে চওৱাব, বুখাৰী খতম ইত্যাদি অনুষ্ঠান কৰি হাৰাম টকা-পইচা খোৱাৰ ফন্দি উঠি যাব।

   মছজিদত শ্বিৰ্ক চর্চা কৰি তাবিজ-কবচ লিখি অর্থ উপার্জন কৰাৰ হাৰাম পথ বন্ধ হৈ যাব।

   লাখ লাখ পীৰ, ফকিৰ আৰু দৰবেশে মানুহক মুৰীদ কৰি বাতিল পদ্ধতিৰে মানুহৰ ঈমান নষ্ট কৰিছে আৰু বাতিল পন্থাত তেওঁলোকৰ অর্থ আত্মসাৎ কৰিছে, এই ধর্ম-ব্যৱসায় উঠি যাব।

   এইকাৰণে এই মাজাৰ পূজাৰী আৰু পীৰ পূজাৰী আলিমসকলে শ্বেইখ আলবানীৰ নামত আজে-বাজে কথা কয়। অথচ চাওঁক আৰৱ বিশ্বৰ শ্রেষ্ঠ আলিমসকলে তেখেতৰ সম্পর্কত কি কৈছেঃ

   বিগত শতাব্দীৰ শ্রেষ্ঠতম আলিম, কুৰআন ও চুুন্নাহৰ মুহাক্কিক গৱেষক, আৰৱ বিশ্বৰ সর্বজন স্বীকৃত শীর্ষস্থানীয় আলমে দ্বীন, চৌদি আৰৱৰ গ্র্যান্ড মুফতি, আল্লামাহ শ্বেইখ আব্দুল আজিজ বিন আব্দুল্লাহ বিন বায ৰাহিমাহুল্লাহে কয়ঃ
“বর্তমান বিশ্বত আচমানৰ তলত আল্লামাহ মুহাম্মাদ নাছিৰুদ্দিন আলবানীৰ দৰে ইমান ডাঙৰ হাদীছৰ আলিম মই দেখা নাই।”

   শ্বেইখ বিন বায ৰাহিমাহুল্লাহৰ ওচৰত এই হাদীছটো সম্পর্কে জানিব বিচৰা হয়। যত ৰাছুল ছাল্লাল্লাহু আলাইহি ওয়া ছাল্লামে কৈছেঃ

“আল্লাহ তাআ'লাই প্রতি এশ বছৰৰ মূৰত এই উম্মতৰ কাৰণে এনেকুৱা এজন লোক পঠাব যিয়ে দ্বীন ইছলামক সংস্কাৰ কৰিব।”

শ্বেইখ বিন বাজে কয়ঃ “মোৰ ধাৰণা, শ্বেইখ মুহাম্মদ নাছিৰুদ্দিন আলবানী হল এই যুগৰ মুজাদ্দিদ বা সংস্কাৰক। আল্লাহই সকলোতকৈ ভালকৈ জানে।”

   চৌদি আৰৱৰ শীর্ষস্থানীয় আলিম, শ্বেইখ মুহাম্মদ বিন চালেহ আল উচাইমীন ৰাহিমাহুল্লাহে কয়ঃ
“শ্বেইখ মুহাম্মদ নাছিৰুদ্দিন আলবানীৰ সৈতে বিভিন্ন বৈঠকত বহাৰ পিছত (যদিও সেইটো কম) যি বুজিব পাৰিছো সেইটো হল, তেখেত চুন্নাহৰ প্রতিটো আমলত আগ্রহী আৰু আমল-আকীদা উভয় ক্ষেত্রতে বিদআ’ত উৎখাতত খুবেই আগ্রহী। আৰু তেখেতৰ লিখিত কিতাপ  পঢ়ি তেখেতৰ বিষয়ে জানিব পাৰিলো যে, তেখেত হাদীছৰ চনদ ও মতন উভয় ক্ষেত্রত পর্যাপ্ত জ্ঞানৰ অধিকাৰী। এইবিলাক কিতাপৰ দ্বাৰা আল্লাহ তাআ’লাই বহুত মানুহক উপকৃত কৰিছে। তেখেতৰ ছাত্রসকল যিমানে জ্ঞানার্জনৰ ক্ষেত্রত লাভবান হৈছে ঠিক সিমানে “মানহাজ” বা নীতি নির্ধাৰণ আৰু ইলমে হাদীছৰ প্রতি আগ্রহ সৃষ্টিৰ ক্ষেত্রতো তেওঁলোক লাভবান হৈছে। এইটো মুছলমানসকলৰ কাৰণে এটা ডাঙৰ প্রাপ্তি। আলহা’মদুলিল্লাহ। ইলমে হাদীছৰ ক্ষেত্রত তেখেতৰ জ্ঞানগর্ভ গৱেষণা সচাকৈয়ে আচৰিত ধৰণৰ।”

আৰু অধিক জানিবলৈ তলৰ লিংকত চাওঁকঃ

http://islamqa.info/ar/110667

By Juber Rahman, Nalbari.

No comments:

Post a Comment