assalamu alaikum warahmatullah

assalamu alaikum warahmatullah all visitors

Friday, March 10, 2017

পৰিবৰ্তনশীল বিজ্ঞানৰ দ্বাৰা অপৰিবৰ্তনশীল ইছলামৰ বাণীক জুখি চোৱাটো কিমান যুক্তিসংগত?




ছাইনটিজ্ম (scientism) : এই মতবাদত বিশ্বাসীসকলে বিশ্বাস কৰে যে বিজ্ঞানেই সত্যৰ একমাত্র নির্ভৰযোগ্য উৎস । অর্থাৎ বিজ্ঞানে যি কয় সেইটোৱেই সত্য । অধিকাংশ নাস্তিকেই এই মতবাদত বিশ্বাসী ।
.
প্রথম কথা যদি কোনোবাই সত্যৰ অনুসন্ধানৰ বাবে একমাত্র বিজ্ঞানকেই নির্ভৰযোগ্য উৎস হিচাবে গ্ৰহণ কৰে তাত আমাৰ কোনো সমস্যা নাই । কিন্তু সমস্যাটো দেখা দিয়ে তেতিয়াই যেতিয়া ইছলামৰ অনুসৰণ কৰিবলৈ বিজ্ঞানক সত্যৰ মানদণ্ড হিচাবে গ্ৰহণ কৰা হয় ।

Wednesday, February 15, 2017

ৰাছুলূল্লাহ (ছঃ) ৰ মক্কাৰ জীৱন আৰু জিহাদ




ৰাছুলূল্লাহ (ছঃ) ৰ মক্কাৰ জীৱন আৰু জিহাদ-

মুহাম্মদ (ছঃ) এ নবুৱত (নবীৰ দায়ীত্ব) পোৱাৰ প্ৰথম অৱস্থাত ইছলামৰ দাৱাত আৰু প্রচাৰৰ কাম গোপনে চলি আছিল । ইয়াৰ মাজত যিসকল লোকৰ সৈতে মুহাম্মাদ (ছঃ) ৰ ঘনিষ্ঠ সম্পর্ক আছিল আৰু যাৰ স্বভাৱ প্রকৃতি ও নৈতিক-চৰিত্ৰ সম্পর্কে মুহাম্মদ (ছঃ) নিজে অবহিত আছিল, সিহঁতকেই তেখেতে সর্বপ্রথমে ইছলামৰ দাৱাতৰ কাৰণে মনোনীত কৰিছিল ।

Tuesday, January 17, 2017

মানত কৰিলে মহান আল্লাহে আশা পূৰণ কৰি দিয়েনে?

প্ৰশ্ন:--মানত কৰিলে মহান আল্লাহে আশা পূৰণ কৰি দিয়েনে?

উত্তৰ:- আচলতে আল্লাহৰ সৈতে চর্তভিত্তিক চুক্তিৰ মানত কৰা মাকৰূহ অথবা হাৰাম। যেনে- ‘ইয়া আল্লাহ! যদি মোৰ ল’ৰাই পৰীক্ষাত পাচ কৰে, তেনেহ’লে তোমাৰ ৰাষ্টাত হাজাৰ টকা খৰচ কৰিম। মোৰ বেমাৰ আৰোগ্য হ’লে ইমান টকা দান কৰিম’ ইত্যাদি। ইয়াত কোনো লাভ নহয়, সেইটো আল্লাহৰ ইচ্ছা আৰু তকদীৰত হয়। মানত নকৰিলেও সেইটোৱেই হয়। মহানবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে, “মানত কৰি কোনো মঙ্গল আনিব নোৱাৰে। তাৰ মাধ্যমত কেৱল কৃপনৰ মাল বাহিৰ কৰি নিয়া হয়।”
(বুখাৰী: ৬৬০৮-৬৬০৯, মুছলিম: ১৬৩৯-১৬৪০)

কিন্তু ইবাদতৰ মানত কৰিলে তাক পূৰা কৰা জৰুৰী। ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে, “যি ব্যক্তিয়ে আল্লাহৰ অনুগত্য কৰাৰ মানত কৰে, সি যেন (তাক পূৰা কৰে) তেওঁৰ অনুগত্য কৰে আৰু যি ব্যক্তিয়ে আল্লাহৰ অবাধ্যতা কৰাৰ মানত কৰে, সি যেন (তাক পূৰণ নকৰে আৰু) তেওঁৰ অবাধ্যতা নকৰে।”
 (বুখাৰী, ছহিহুল জামে: ৬৪৪১)

ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, ‘এগৰাকী মহিলাই সমুদ্র চফৰত বাহিৰ হোৱাত তাই মানত কৰিলে যে, যদি আল্লাহ তা‘আলাই তাইক সমুদ্রৰ পৰা পৰিত্রাণ দান কৰে, তেনেহ’লে তাই একমাহ ৰোজা ৰাখিব। ইয়াৰ পিছত তাই সমুদ্রৰ পৰা পৰিত্রাণ পাই উভতি আহিল। কিন্তু ৰোজা নৰখাকৈয়েই মৃত্যু হ’ল। তাইৰ এজনী কন্যাই নবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ ওচৰলৈ আহি সেই ঘটনা উল্লেখ কৰাত তেওঁ ক’লে, “ধৰি লোৱা, তাইৰ যদি কোনো ঋণ বাকী থাকিলহেঁতেন, তেনেহ’লে তুমি তাক পৰিশোধ কৰিবা নে নাই?” তাই ক’লে, ‘হয়’। তেওঁ ক’লে, “তেনেহ’লে আল্লাহৰ ঋণ অধিকৰূপে পৰিশোধযোগ্য। গতিকে তুমি তোমাৰ ‘মা’ৰ তৰফৰ পৰা ৰোজা কাযা  কৰি দিয়া।”
(আবু দাউদ: ৩৩০৮, আহমাদ: ২/২১৬) 

Sunday, January 1, 2017

তাগুত কি? তাগুত কেই প্রকাৰ?

তাগুত কি? তাগুত কেই প্রকাৰ?

তাগুত শব্দ আহিছে “ত্বাগা” শব্দৰ পৰা¸ যাৰ অর্থ “সীমা লংঘন কৰা”, আল্লাহৰ বাহিৰে যিবোৰৰ উপাসনা কৰা হয় আৰু যিয়ে ইয়াতে ৰাজি-খুছী থাকে, তাকে তাগুত বোলা হয়।
প্রত্যেক অনুসৃত অথবা আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য বাদ দি যিসকলৰ আনুগত্য কৰা হয় তাকে তাগুত বোলা হয়।  মহান আল্লাহে কৈছে-

وَلَقَدْ بَعَثْنَا فِي كُلِّ أُمَّةٍ رَسُولًا أَنِ اعْبُدُوا اللَّهَ وَاجْتَنِبُوا الطَّاغُوتَ ۖ

আৰু নিশ্চয় আমি প্ৰত্যেক জাতিৰ ওচৰতেই ৰাছুল পঠাইছিলোঁ এই নিৰ্দেশ প্ৰদান কৰি যে, তোমালোকে আল্লাহৰ ইবাদত কৰা আৰু তাগুতক পৰিহাৰ কৰা। [ছূৰা আন-নাহল: ৩৬]

১ম জানুৱাৰীক "New Year" হিচাবে উদযাপনৰ ইতিহাস



১ম জানুৱাৰীক "New Year's Day" হিচাবে উদযাপনৰ ইতিহাসঃ

'ঈছা ইবনে মাৰিয়াম (আলাইহিচ ছালাম)ৰ জন্মৰ ৪৬ বছৰ আগৰ পৰাই পহিলা জানুৱাৰীক "New Year's Day" হিচাবে পালন কৰি আহিছিল ৰোমান সম্রাটসকলে। আধুনিক গ্রেগৰিয়ান কেলেণ্ডাৰতো সেই ধাৰাবাহিকতা ৰক্ষা কৰি প্ৰথম জানুৱাৰীক বছৰৰ ১ম দিন বা "New Year's Day" হিচাবে পালন কৰি আহিছে।

প্রশ্ন হৈছে ক’ৰ পৰা ১ম জানুৱাৰী আহিল? ইতিহাসত এই বিষয়ে দুই ধৰণৰ বর্ণনা পোৱা যায়।

(১) ৰোমান সাম্রাজ্যৰ মুশ্বৰিকসকলে Janus (জানুচ) নামৰ এক ঈশ্বৰৰ ইবাদত কৰিছিল যাক তেওঁলোকে "God of gates, doors, and beginnings" বা "আৰম্ভণিৰ স্ৰষ্টা" হিচাবে মানিছিল। মূলতঃ তেওঁলোকে বহুজন সৃষ্টিকর্তাত বিশ্বাসী আছিল। তাৰ মাজত Janus আছিল অন্যতম। Janus ৰ মূর্তিৰ দুটি মূৰৰ এটা সন্মুখৰ ফালে মুখ কৰা আৰু আনটো পিছফালে মুখ কৰা। দুই কাষে দুটি মূৰৰ দ্বাৰা নির্দেশ কৰি Janus য়ে সন্মুখ আৰু পিছফাল - সকলোফালেই দেখা পায়। প্রতীকীভাৱে এইটো বুজায় - Janus য়ে অতীত ও ভবিষ্যৎ দেখিবলৈ পায় আৰু ভবিষ্যৎ নিয়ন্ত্রণৰ ক্ষমতা ৰাখে। এই Janus ৰ নাম অনুসাৰে বছৰৰ প্রথম (beginning) মাহৰ নাম দিয়া হয় January। ১ম জানুৱাৰীক "New Year's Day" হিচাবে পালন কৰাৰ মূল উপাদ্য আছিল যাতে তেওঁলোকৰ ঈশ্বৰ Janus সন্তুষ্ট হয়, যাতে তেওঁলোকৰ বছৰৰ যাত্রা শুভ হয়। স্বাভাৱিকভাৱেই ৩১ ডিচেম্বৰৰ আনন্দ উদযাপন সেই Janus ৰ প্রতি এটি ভাল যাত্রাৰ আনন্দময় সমাপ্তিৰ কাৰণে কৃতজ্ঞতা প্রকাশৰ অনুসঙ্গ হৈ উঠৈ।

[সুত্রঃ
ক. The Calendar of the Roman Republic, Michels, A K. p. 97-98.
খ. Roman Religion, Warrior Valerie. p. 110]

(২) পশ্চিম ইউৰোপৰ অধিকাংশ দেশে ১৭৫২ চনৰ পৰা গ্রেগৰিয়ান কেলেণ্ডাৰক অনুসৰণ কৰাৰো বহু আগৰ পৰাই পহিলা জানুৱাৰীক "New Year's Day" হিচাবে পালন কৰি আহিছে। খ্রীষ্টীয় মতবাদ অনুসাৰে 'ঈছা (আলাইহিচ ছালাম) ৰ জন্মৰ অষ্টম দিনা তেওঁৰ খাৎনা (Circumcision) কৰা হৈছিল আৰু সেইকাৰণে এটি প্রীতিভোজৰ ব্যৱস্থা কৰা হৈছিল। তাৰ পৰাই তেওঁলোকে ১ম জানুৱাৰীত আনন্দ প্রকাশ কৰিছিল। এতিয়ালৈকে Anglican Church আৰু Lutheran Church এই ৰীতি অনুসাৰে পহিলা জানুৱাৰীত আনন্দ প্রকাশ কৰে।

[সুত্রঃ
ক. Dictionary of Theological Terms, McKim, Donald. p. 51.
খ. A Companion for the festivals and fasts of the Protestant Episcopal Church, Hobart, John Henry. p. 284]

আল্লাহে কৈছে,

أَمْ لَهُمْ شُرَكَاءُ شَرَعُوا لَهُمْ مِنَ الدِّينِ مَا لَمْ يَأْذَنْ بِهِ اللَّهُ ۚ وَلَوْلَا كَلِمَةُ الْفَصْلِ لَقُضِيَ بَيْنَهُمْ ۗ وَإِنَّ الظَّالِمِينَ لَهُمْ عَذَابٌ أَلِيمٌ  

"সিহঁতৰ কাৰণে এনেকুৱা কি শ্বৰীক দেৱতা আছে, যিয়ে সিহঁতৰ কাৰণে দ্বীনৰ বিধান দিছে, যাৰ অনুমতি আল্লাহে দিয়া নাই? আৰু চুড়ান্ত সিন্ধান্ত নাথাকিলে, সিহঁতৰ ক্ষেত্ৰত ফয়চালা হৈ গ’লহেঁতেন। নিশ্চয় জালিমসকলৰ কাৰণে আছে যন্ত্রণাদায়ক শাস্তি।"
[ছুৰা আশ-শুৰা, আয়াত ২১]

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামে কৈছে, "যি ব্যক্তিয়ে যি জাতিৰ সাদৃশ্য গ্রহণ কৰে, সি তেওঁলোকৰেই অন্তর্ভূক্ত।"
[চুনানে আবু দাউদঃ হাদীছ ৪০৩১]

নিজৰ ধৰ্ম বুজিবলৈ চেষ্টা কৰক। আল্লাহে আপুনাক এই জীৱন New Year পালন কৰিবলৈ দিয়া নাই।
আৰু জানিবলৈ- নববর্ষ উদযাপন কৰাৰ বিধান